জয়ন্ত মাধৱ বৰাৰ উপন্যাসৰ আধাৰত ‘দ্যা গভাৰ্নমেণ্ট ছাৰ্ভেণ্ট’ চলচিত্ৰৰ দৃশ্যগ্ৰহণ আৰম্ভ…

জয়ন্ত মাধৱ বৰাৰ উপন্যাসৰ আধাৰত ‘দ্যা গভাৰ্নমেণ্ট ছাৰ্ভেণ্ট’ চলচিত্ৰৰ দৃশ্যগ্ৰহণ আৰম্ভ…

ডিজিটেল সংবাদ মায়ংঃ সাহিত্য অকাডেমী বঁটাপ্ৰাপক ঔপন্যাসিক জয়ন্ত মাধৱ বৰাৰ 'মায়ং' নামৰ উপন্যাসৰ আধাৰত এখন চলচিত্ৰ নিৰ্মান কৰা হৈছে। চলচিত্ৰখনৰ চিত্ৰগ্ৰহন হয় বৃহস্পতিবাৰে ঐতিহাসিক বুঢ়া মায়ংত।"দ্য গবাৰ্নমেণ্ট ছাৰ্ভেণ্ট" নামেৰে কথা ছবিখন নিৰ্মাণ কৰা হৈছে।

বৃহস্পতিবাৰে ছবিখনৰ মহুৰত শুভাৰম্ভ হয় পুৱা ১০ বজাত মায়ং পাহাৰৰ দাঁতিত অৱস্থিত বুঢ়া মায়ঙত। বুঢ়া মায়ংৰ মূলপথত থকা 'ভাই ভাই' নামৰ ধাবাখনত। যাদুৰ দেশ বুলি খ্যাত মায়ঙৰ পটভূমিক লৈ নিৰ্মাণ কৰা এই খনেই প্ৰথমখন অসমীয়া চলচিত্ৰ বুলি জানিবলৈ দিয়ে ঔপন্যাসিক জয়ন্ত মাধৱ বৰাই ।

উল্লেখ্য যে, এই ছবিখনৰ চিত্ৰনাট্য জয়ন্ত মাধৱ বৰা আৰু প্ৰদ্যুৎ কুমাৰ ডেকাৰ।চিত্ৰগ্ৰহন মীনাক্ষী ভাগৱতীৰ।সংগীত দেৱাশিস গোস্বামীৰ, প্ৰযোজনা দেৱাশিষ গোস্বামী আৰু লিপিকা মেধি শৰ্মাৰ।ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা কপিল বৰাই।এগৰাকী চৰকাৰী বিষয়া হিচাপে অভিনয় কৰিছে বৰাই ।

এজন শিক্ষকৰ চৰিত্ৰত অভিনয় কৰে কৌতুক অভিনেতা হিৰণ্য ডেকাই।লগত আছে দূৰ্গাশ্ৰী বৰা, উপকূল বৰদলৈ, নিকুমনি বৰুৱা আদি কেইবাগৰাকীও জনপ্ৰিয় অভিনয় শিল্পী। চিত্ৰগ্ৰহন আৰম্ভ হোৱা চলচিত্ৰখনৰ পৰিচালক প্ৰদ্যুৎ কুমাৰ ডেকা। মহুৰত হোৱাৰ পিচতেই ছবিখনৰ চিত্ৰগ্ৰহনৰ কাম আৰম্ভ হয় কেইবা ঠাইত। চলচিত্ৰখনৰ ফটোশ্বটৰ কেইটামান মুহূৰ্ত বুঢ়া মায়ঙৰ ভাই ভাই ধাবাটো দৃশ্য গ্ৰহণ লোৱা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in