অসম অলিম্পিক সন্থাই বুজ ললে নেটবল প্ৰশিক্ষণ শিবিৰ…

অসম অলিম্পিক সন্থাই বুজ ললে নেটবল প্ৰশিক্ষণ শিবিৰ…

ডিজিটেল ডেস্কঃ মঙ্গলবাৰে অসম অলিম্পিক সন্থাৰ তৰফৰ পৰা সন্থাৰ কাৰ্যবাহী সদস্য তথা অসম নেটবল সন্থাৰ যুটীয়া সম্পাদক পিকলু ৰয়ে বকুল উচ্চ মাধ্যমিক বিদ্যালয়ৰ নেটবল প্ৰশিক্ষণ কাৰ্যসূচীৰ বুজ লয়। এই প্ৰশিক্ষণ কাৰ্যসূচী বৰ্তমান নেটবল এছ'চিয়েচন অৱ ডিব্ৰুগড়ৰ অধীনত অংকিত মহন্ত আৰু মনোৰঞ্জন হাজৰিকাৰ তত্বাৱধানত চলি আছে।

উল্লেখযোগ্য যে, উক্ত নেটবল প্ৰশিক্ষণ শিবিৰ উদ্বোধন কৰিছিল নেটবল ফেডাৰেচন অৱ ইণ্ডিয়াৰ, নেটবল ডেভেলপমেণ্ট কমিটীৰ চেয়াৰমেন হৰিওম কৌশিকে।মঙ্গলবাৰে এই কাৰ্যসূচী পৰিদৰ্শন কালত পিকলু ৰয়ৰ সংগ দিয়ে নেটবল এছ'চিয়েচন অৱ ডিব্ৰুগড়ৰ সম্পাদক ৰাতুল মনি মহন্ত আৰু উপ সভাপতি ৰমেশ বৰুৱাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in