ভাৰতৰ ৰঙা চকু দেখি ভয় খালে নেপালে…

ভাৰতৰ ৰঙা চকু দেখি ভয় খালে নেপালে…

ডিজিটেল ডেস্কঃ ভাৰতৰ তীব্ৰ বিৰোধিতাৰ পাছত অৱশেষত নেপালে দেশখনৰ নতুন মানচিত্ৰৰ বাবে যি যো-জাঁ চলাইছিল, সেয়া স্থগিত ৰাখিব লগা হৈছে। নেপালৰ দ্বাৰা জাৰি কৰা নতুন মানচিত্ৰ সংবিধান সংশোধন কৰি মঞ্জুৰি প্ৰদানৰ বাবে আয়োজন কৰা বৈঠক স্থগিত ৰখা হৈছে।

দেশখনৰ নতুন মানচিত্ৰ সাংবিধানত অন্তৰ্ভুক্ত কৰাৰ বাবে বুধবাৰে সদনত অনুষ্ঠিত হ'ব লগা আছিল এখন বৈঠক। কিন্তু এই বৈঠক স্থগিত ৰখা হৈছে। ইফালে, নেপালৰ মধেশীৰ নেতাসকলে ইয়াৰ বিৰোধিতা কৰিছে। উল্লেখ্য যে, ভাৰতৰ একাংশ এলেকা নেপালৰ নতুন মানচিত্ৰত অন্তৰ্ভুক্ত কৰা আৰু এই মানচিত্ৰখন নেপালৰ কেবিনেটত পাছ কৰোৱাৰ পাছত ভাৰতীয় বিদেশ মন্ত্ৰণালয়ে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে।

ভাৰতীয় বিদেশ মন্ত্ৰণালয়ে এই সন্দৰ্ভত কয় যে, নেপালৰ নতুন মানচিত্ৰ জাৰি কৰাটো সীমা সম্পৰ্কীয় বিষয় সমূহ আলোচনাৰ জৰিয়তে সমাধান কৰা যি দ্বিপক্ষীয় বুজা-পৰা তাৰ বিপৰীতহে। নেপালে ভাৰতৰ সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতাক সন্মান কৰিব লাগে।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনসুৰি, নেপালৰ কেবিনেটত পাছ কৰা এই নতুন মানচিত্ৰখনত অন্তৰ্ভুক্ত কৰা হৈছে ভাতৰতৰ লিপুলেখ, কালাপানী আৰু লিম্পিয়াধুৰা এলেকা। ইফালে, নেপালৰ বিদেশ মন্ত্ৰী প্ৰদীপ কুমাৰ গোৱালীয়ে কিছুদিনৰ পূৰ্বে কৈছিল যে, ভাৰতৰ সৈতে সীমা সম্পৰ্কীয় সমস্যাসমূহ আলোচনাৰ জৰিয়তে সমাধান কৰাৰ চেষ্টা অব্যাহত ৰখা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in