নেপালত এলাগী হৈছে ভাৰতৰ ফল-মূল…

নেপালত এলাগী হৈছে ভাৰতৰ ফল-মূল…

ডিজিটেল ডেস্কঃ নেপালে ক্ৰয় নকৰে ভাৰতৰ পৰা ৰপ্তানি কৰা কৰা ফল-মূল। নেপাল চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বাবে ভাৰতৰ পৰা নেপাললৈ যোৱা ফল-মূল ভৰ্তি বহু বাহন সীমান্তত বন্দী হৈ আছে। ফলত কোটি কোটি টকাৰ লোকচান সন্মুখীন হৈছে ভাৰতীয় ফল-মূলৰ ব্যৱসায়ীসকল।

প্ৰাপ্ত তথ্য অনুসৰি নেপাল চৰকাৰে কিছুদিনৰ পূৰ্বে এক নতুন নিয়ম প্ৰৱৰ্তন কৰিছে। এই নিয়মৰ অনুসৰি নেপাললৈ বহি:দেশৰ পৰা ৰপ্তানি হোৱা যিকোনো খাদ্য সামগ্ৰী কাঠমাণ্ডুত পৰীক্ষা কৰাৰ পাছতহে বিক্ৰীৰ বাবে এন অ চি লাভ কৰিব। এই পৰীক্ষা নকৰাৰ বাবেই নেপালৰ খাদ্য বিভাগে ভাৰতৰ শ শ ফল মুল ভৰ্তি বাহন ওভতাই পঠায়। খবৰ অনুসৰি বহু ব্যৱসাৱীয়ে পানীৰ দৰতে কিছু ফল মুল বিক্ৰী কৰি উভতিছে স্বদেশলৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in