শেহতীয়া খবৰ
ধেমাজিত প্ৰথমবাৰৰ বাবে জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে আবাসগৃহৰ দুৱাৰ মুকলি অনুষ্ঠান...  •  ৰাজ্যত পুনৰ ২৬৭৯ৰ দেহত কোভিড-১৯, আক্ৰান্তৰ সংখ্যা ৫৫,৪৯৬জনলৈ বৃদ্ধি...  •  টীয়কত নিষিদ্ধ ড্ৰাগছ ব্যৱসায় উচ্ছেদৰ দাবীত আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ...  •  সমাজসেৱীকা-ধৰ্মপ্ৰাণ স্বৰ্ণ প্ৰভা চেতিয়াৰ প্ৰথম মৃত্যু বাৰ্ষিকী উদযাপন...  •  কেৰেলাত বিমান দুৰ্ঘটনা...  •  ধেমাজিত আম আদমী পাৰ্টীৰ বান সাহায্য বিতৰণ...  •  কেৰালাত দুৰ্ঘটনাগ্ৰস্ত বিমানঃ বৈমানিকসহ নিহত ২জন, এনডিআৰএফ-অগ্নিনিৰ্বাপক বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত...  •  বিটিচিত বহিছিল অবৈধ চাকৰিৰ বজাৰ, কাৰ কাৰ চাকৰি গ’ল এতিয়া? সম্পূৰ্ণ তালিকা...  •  কেৰালাত বানৰ তাণ্ডৱ! দলং নিৰ্মাণ কৰি এনডিআৰএফ বাহিনীৰ উদ্ধাৰ অভিযান... VIDEO  •  অখিল গগৈক মুক্তিৰ দাবীত দলংঘাটত মানৱ শৃংখল কাৰ্যসূচী...

নেপালত বন্ধ কৰা হ’ল ভাৰতীয় নিউজ চেনেল…

1,767

ডিজিটেল ডেস্কঃ নেপালত বন্ধ কৰা হ’ল ভাৰতীয় নিউজ চেনেল। নেপালৰ কেবল টিভি অপাৰেটৰ সকলে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। আুৰ এতিয়াৰ পৰা নেপালৰ লোকে চাব নোৱাৰিব ভাৰতীয় নিউজ চেনেলসমূহ। নেপালে ভাৰতৰ সন্দৰ্ভত এনে ধৰণৰ পদক্ষেপ গ্ৰহণৰ ঘটনা এয়াই প্ৰথম। অৱশ্যে ভাৰতৰ দূৰদৰ্শন চেনেলটো চলি থাকিব নেপালত।

উল্লেখ্য যে, নেপাল চৰকাৰে এই সন্দৰ্ভত কোনো নিৰ্দেশ নিদিয়া স্বত্তেও দেশখনৰ কেবল টিভি অপাৰেটৰসকলে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। কেবল টিভি অপাৰেটৰ সকলে গ্ৰহণ কৰা এই পদক্ষেপৰ পাছতেই বুজি পাৰিব যে, চুবুৰীয়া ৰাষ্ট্ৰখনত ভাৰতক লৈ কি ধৰণৰ পৰিৱেশ-পৰিস্থিতি বিৰাজমান।

যোৱা কিছু দিনৰ পৰা নেপাল আৰু ভাৰতৰ মাজত পূৰ্বৰ দৰে সুসম্পৰ্ক ৰক্ষা হৈ থকা নাই। সীমা বিবাদক লৈ নেপালে ভাৰতৰ বিৰোধিতা কৰি আহিছে। ইফালে, ভাৰত-নেপাল সীমা বিবাদত নেপালৰ সেনা জোৱানে ভাৰতীয় কৃষকৰ ওপৰত গুলীচালনাও কৰিছিল। য’ত এজন লোকৰ মৃত্যু হৈছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি