শেহতীয়া খবৰ
CPI(M)ৰ প্ৰতিবাদঃ ধনশিৰি মহকুমাধিপতিৰ যোগদি মুখ্যমন্ত্ৰীলৈ ৯ দফীয়া স্মাৰক পত্ৰ প্ৰেৰণ...  •  নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত UPSC,APSC, IFS ৰ সন্দৰ্ভত কৰ্মশালা...  •  উচ্চতৰ মাধ্যমিকত নগাঁৱত তিনিটা শাখাত উত্তীৰ্ণৰ হাৰ গড়ে ৮৮.১১শতাংশ...  •  গহপুৰ শংকৰদেৱ শিক্ষা নিকেটনৰ সাফল্যঃ প্ৰথমটো বেটছৰ ১০০ শতাংশই উত্তীৰ্ণ, ৩৯ গৰাকীয়ে পালে ষ্টাৰ নম্বৰ...  •  গহপুৰ শংকৰদেৱ শিক্ষা নিকেটনৰ সাফল্যঃ প্ৰথমটো বেটছৰ ১০০ শতাংশই উত্তীৰ্ণ, ৩৯ গৰাকীয়ে পালে ষ্টাৰ নম্বৰ...  •  মৰিগাঁৱত কৰুণ ঘটনাঃ বাঢ়নী পানীত পৰি মৃত্যু শিশু, কিশোৰৰ...  •  ৩.৫ কোটিৰে BVFCL  চিকিৎসালয় নৱীকৰণৰ কাম আৰম্ভঃ মাইক্ৰপেথ লেবৰেটৰী আৰু  আলট্ৰাছাউণ্ড মেছিন ৰাইজৰ সেৱাত মুকলি...  •  বটদ্ৰৱা কাণ্ডৰে জড়িত আশ্বিকুলৰ ফলাফলে কন্দুৱাইছে পৰিয়ালক...  •  জামুগুৰিত ৰৈ থকা ট্ৰাকত বাইকৰ খুন্দাঃ থিতাতে নিহত ২ জন...  •  জাগুন ঘাটত দলং নিৰ্মাণৰ দাবীত উত্তাল প্ৰতিবাদ...

ভগৱানে নিবিচাৰিলে বিবাহ-বিচ্ছেদ! কি হ’ল তাৰপাছত ত্ৰিপাঠী দম্পতীৰ সৈতে…

ডিজিটেল ডেস্ক: নেপালৰ তাৰা এয়াৰ লাইনচৰ এখন যাত্ৰীবাহী বিমান  দুৰ্ঘটনাত পতিত হৈছিল দেওবাৰে। এই দুৰ্ঘটনাত ১৯ জন যাত্ৰীৰ লগতে বিমানখনৰ ৩ জন বৈমানিকৰ মৃত্যু ঘটিছিল। মৃত যাত্ৰী সকলৰ ভিতৰত আছিল ভাৰতৰ এটা পৰিয়াল।

এই বিমানখনত থকা ভাৰতীয় পৰিয়ালটো আছিল মহাৰাষ্ট্ৰৰ থানেৰ। অশোক ত্ৰিপাঠী উপৰিও তেওঁৰ পত্নী বৈভৱী পুত্ৰ ধনুষ আৰু কন্যা ৰিতিকা আছিল মৃত সকলৰ ভিতৰত। এটা মন্দিৰ দৰ্শনৰ বাবে তেওঁলোক বিমানেৰে যাত্ৰা কৰিছিল।

উল্লেখ্য যে, ৪৩ বছৰীয়া পুৰণি এই বিমানখনত থকা আটাইকেইগৰাকী যাত্ৰীৰেই দুৰ্ঘটনাটোত মৃত্যু হৈছিল। অতি দুখৰ কথা যে অশোক ত্ৰিপাঠী আৰু বৈভৱী ত্ৰিপাঠীৰ মাজত বিবাহ বিচ্ছেদৰ গোচৰ চলি আছিল।

আদালতৰ নিৰ্দেশ অনুসৰি তেওঁলোকে প্ৰতিবছৰে ১০দিনৰ বাবে কোনো এক স্থানত মিলিত হয়। আদালতৰ সেই নিৰ্দেশ মানি নেপাললৈ গৈছিল পৰিয়ালটো। পুত্ৰ কন্যাই যাতে পিতৃ-মাতৃৰ স্নেহৰ পৰা বঞ্চিত নহয় তাৰ বাবে এই নিৰ্দেশ জাৰি কৰিছিল আদালতে।

বিবাহ-বিচ্ছেদ কৰি পতি-পত্নী আঁতৰি সপোন পুৰণ নহ’ল। নিয়তীয়ে এই দুৰ্ঘটনাৰ জৰিয়তে পুত্ৰ-কন্যাৰ সৈতে পৰিয়ালটোক একেলগে লৈ গ’ল কোনোবা অচিন দেশলৈ। এই বিমান দুৰ্ঘটনাত মৃত্যু হোৱা বহু যাত্ৰীৰ মৃতদেহ এতিয়াও উদ্ধাৰ কৰিব পৰা হোৱা নাই।

আৰু পঢ়ক: এতিয়াৰে পৰা ল’ব নোৱাৰিব বেছিকৈ ভাড়া, ৰঙা ঘৰৰ আলহী উবেৰ চালক…