নোনাইপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত যুৱকৰ মৃত্যু…

নোনাইপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত যুৱকৰ মৃত্যু…

ডিজিটেল সংবাদ, টংলাঃ ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্ত অঞ্চলত অব্যাহত আছে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত ৷ খাদ্যৰ সন্ধানত নোনাই-খালিংদুৱাৰ বনাঞ্চলৰ ওলাই অহা বনৰীয়া হাতীয়ে সোমবাৰে নিশা প্ৰায় ১২ বজাত পানেৰী থানাৰ অন্তৰ্গত নোনাইপাৰা চাহ বাগিছাৰ নিকটৱৰ্তী চেগুনবাৰী গাঁৱত সোমাই পকা ধান খাই তহিলং কৰাৰ সময়তে হাতী খেদিবলৈ যোৱা মাংগা মুণ্ডা নামৰ ৩০ বছৰীয়া যুৱক এজনক আক্ৰমণ কৰাত যুৱকজনৰ থিতাতে মৃত্যু ঘটে ৷

বন বিভাগৰ ধনশ্ৰী ডিভিজনৰ অধীনস্থ ওদালগুৰি জিলাৰ উত্তৰাঞ্চলত হাতী-মানুহৰ সংঘাতত চলিত বৰ্ষৰ বৰ্তমানলৈ ২৯ জন মানুহৰ প্ৰাণ হানি হোৱাৰ বিপৰীতে ৬টাকৈ হাতীৰ অস্বাভাৱিক মৃত্যু ঘটিছে ৷ ওদালগুৰি জিলাত হাতী-মানুহৰ সংঘাত ৰোধ কৰাৰ বাবে বন বিভাগে সময়োপযোগী আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in