ফেচবুকৰ পৰা বলীউদলৈ যাত্ৰা অসম কন্যাৰ

ফেচবুকৰ পৰা বলীউদলৈ যাত্ৰা অসম কন্যাৰ

ডিজিটেল ডেস্কঃ এটা ভাল খবৰ। বলীউডত অতিকৈ পৰিচিত হৈ পৰিছে অসমৰ এখন অখ্যাত গাঁৱৰ এগৰাকী ছোৱালী। গোলাঘাট জিলাৰ সৰুপথাৰৰ এই ছোৱালীজনীয়ে 'HEER THE ETERNAL LOVE STORY'ত কণ্ঠদানৰ সুযোগ লাভ কৰিছে।

গান গাই ভাল পোৱা এই ছোৱালীজনীৰ নাম নেহা নিকিতা। ইউটিউব চেনেলত গান গাই আপলোড কৰিছিল এদিন নেহাই। ফেচবুক পেজ 'সুবাস' প্ৰডাকশ্যনত নেহাৰ গীত ভাইৰেল হৈ পৰাৰ পাছত ছবিখনৰ প্ৰযোজক সুজিৎ সিঙে সংগীত পৰিচালক তুষাৰ অৰ্জুনৰ সৈতে যোগাযোগ কৰিছিল।

তেওঁৰ জৰিয়তে নেহাক নি ছবিখনত গান গোৱাৰ সুযোগ প্ৰদান কৰিছে বলীউডৰ প্ৰযোজকগৰাকীয়ে। ৫ আগষ্টত গুৱাহাটীত ডাবিং সম্পূৰ্ণ হয় গীতটিৰ। ছবিখনৰ সৈতে জড়িত হৈ আছে 'ইছ মে তেৰা ঘাটা'ৰে জনপ্ৰিয়তা অৰ্জন কৰা শিল্পী গজেন্দ্ৰ বৰ্মা আৰু অনু মালিক।

ছবিখনত নেহাই 'নেনা লাগা' শীৰ্ষক গীতটিত কণ্ঠদান কৰিছে। ছবিখনৰ পৰিচালক হৃদয় মিশ্ৰ। অতি শীঘ্ৰে আৰম্ভ হ'ব এই ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম।

দৰিদ্ৰ পৰিয়ালৰ নেহাক মাতৃয়ে দোকান ভাৰালৈ দি পোৱা ধনেৰে যথেষ্ট কষ্টৰে ডাঙৰ-দীঘল কৰিছে। সৰুতে পিতৃহাৰা হোৱা নেহাৰ এই সফলতাত আনন্দিত হৈছে মাতৃ। উল্লেখ্য যে, ছবিখনৰ সংগীত পৰিচালনাত আছে অসম সন্তান তুষাৰ অৰ্জুন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in