NEET-JEE পৰীক্ষাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত শুনানি…

NEET-JEE পৰীক্ষাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত শুনানি…

ডিজিটেল ডেস্কঃ NEET-JEE পৰীক্ষাক লৈ শুকুৰবাৰে উচ্চতম ন্যায়ালয়ত গ্ৰহণ কৰা হ'ব শুনানি। বিৰোধী দলে এই পৰীক্ষা স্থগিত কৰাৰ বাবে দাবী উত্থাপন কৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। ৬খন ৰাজ্যৰ মন্ত্ৰীসকলে এই পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে দিয়া আৱেদন পুনৰ বিবেচনা কৰাৰ বাবে এক আৱেদন দাখিল কৰিছিল।

এই আৱেদনৰে শুনানি গ্ৰহণ কৰা হ'ব শুকুৰবাৰে। কোৰোনা মহামাৰীৰ মাজতে এই পৰীক্ষা স্থগিত কৰা, ছাত্ৰ-ছাত্ৰীৰ জীৱন সুৰক্ষিত কৰাৰ দাবীতে এই আৱেদন দাখিল কৰা হৈছে। অৱশ্যে এই সন্দৰ্ভত কি ৰায় প্ৰদান কৰিব ন্যায়ালয়ে সেয়া সময়তহে জানিব পৰা যাব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in