NEET পৰীক্ষাকে ধৰি সৰ্বভাৰতীয় বাচনি পৰীক্ষাত কোভিড প্ৰট’ক’ল কিমান মানিলে চৰকাৰে…VIDEO

NEET পৰীক্ষাকে ধৰি সৰ্বভাৰতীয় বাচনি পৰীক্ষাত কোভিড প্ৰট’ক’ল কিমান মানিলে চৰকাৰে…VIDEO

ডিজিটেল ডেস্কঃ আপত্তি, অভিযোগ, কোৰোনাৰ বাধা, ন্যায়ালয়ৰ গোচৰ, আনকি পৰীক্ষা বাতিলৰ দাবীৰে প্ৰাৰ্থীয়ে আত্মহত্যা কৰাৰ দৰে ঘটনা সংঘটিত হোৱাৰ পাছতো সৰ্বোচ্চ ন্যায়ালয়ৰ কঠোৰ স্থিতিত কেইবাবাৰো দিন সালসলনি কৰাৰ পাছত অৱশেষত ১৩ ছেপ্টেম্বৰৰ দিনা অনুষ্ঠিত হৈ গ'ল  NEET পৰীক্ষা। সৰ্বোচ্চ ন্যায়ালয়ে কোৰোনা সংক্ৰমণ যাতে পৰীক্ষাৰ্থীক ক্ষতিগ্ৰস্ত কৰিব নোৱাৰে তাৰ বাবে বিভিন্ন চৰ্ত আৰোপ কৰি প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ একোটা কোঠাত মাত্ৰ ১২জন পৰীক্ষাৰ্থীহে পৰীক্ষাত বহিব পাৰিব বুলিও এন টি এক নিৰ্দেশনা দিছিল।

ইয়াৰ পৰিপ্ৰেক্ষিততে অতি স্বাভাৱিকভাৱেই দেশজুৰি ১৫লাখ ৯৬ হাজাৰ প্ৰাৰ্থীয়ে পৰীক্ষা দিব লগা এই পৰীক্ষাৰ ক্ষেত্ৰত পৰীক্ষা কেন্দ্ৰৰ সংখ্যা বহু পৰিমানে বৃদ্ধি পাইছিল। পৰীক্ষা অনুষ্ঠিত হোৱাৰ দুদিন আগলৈকে কোৰোনা প্ৰট'ক'ল অনুসৰি নাকচ হোৱা পৰীক্ষা কেন্দ্ৰ সলনি কৰিবলগীয়া হোৱাৰ ফলত পৰীক্ষাৰ্থীয়েও বহু সমস্যাৰ সন্মুখীন হ'ব লগা হয়।

অসমতো প্রথম অৱস্থাত প্ৰায় ১২টা পৰীক্ষা কেন্দ্ৰতহে এই পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কোৰোনা কেন্দ্ৰীক সামাজিক দূৰত্ব প্ৰট'ক'লৰ বাবে এয়া অৱশেষত ৩০টাৰো অধিক হয়গৈ। গুৱাহাটী মহানগৰীতে প্ৰায় ২০টা পৰীক্ষা কেন্দ্ৰত ১২ সহস্ৰাধিক পৰীক্ষাৰ্থীয়ে পৰীক্ষাত বহিব লগা হয়। ইয়াৰ বাবে পৰীক্ষা হলত প্ৰৱেশৰ সময় প্ৰত্যেকৰ বাবে বেলেগ বেলেগ কৰিব লগাও হয়।

ফলত ৩ বজাৰ পৰা অনুষ্ঠিত হ'ব লগা পৰীক্ষাৰ বাবে বহু ল'ৰা-ছোৱালী ১১ বজাতে পৰীক্ষা হলত সোমাব লগাত পৰে। ইফালে, পৰীক্ষা কেন্দ্ৰৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে আৰু পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য ৰাখিব লগা হোৱাৰ বাবে কেন্দ্ৰসমূহ বহু সময়ত দুৰ্গম স্থানত নতুনকৈ নিৰ্মাণ কৰা উচ্চ শিক্ষা প্ৰতিষ্ঠানত পাতিব লগা হয়। এনে দুৰ্গম স্থানৰ পৰীক্ষা কেন্দ্ৰলৈ লুংলুঙিয়া আলি-বাটেৰে শ শ পৰীক্ষাৰ্থীক লৈ যোৱা অভিভাৱকসকলেও বহু হাৰাশাস্তি ভোগ কৰিব লগা হয়।

উদাহৰণস্বৰূপে, গুৱাহাটী মহানগৰীৰ ৰয়েল গ্ল'বেল স্কুলৰ দৰে উন্নতমানৰ উচ্চ শিক্ষানুষ্ঠানত পৰীক্ষা দিয়াৰ সুবিধা পোৱা শিক্ষাৰ্থীয়ে অসুবিধা নাপালেও ইয়াৰ পৰা ৯ কিলোমিটাৰ ভিতৰত থকা মেঘালয়ৰ পাহাৰৰ একেবাৰে নামনিৰ গাৰোঘূলিস্থিত স্ক'লাৰ্ছ একাডেমী অৱ ছায়েঞ্চ এণ্ড টেকন'লজী নামৰ পৰীক্ষা প্ৰতিষ্ঠানটোলৈ যাব লগা হোৱা ৬ শতাধিক পৰীক্ষাৰ্থী আৰু অভিভাৱকে অৱৰ্ণনীয় হাৰাশাস্তিৰ সন্মুখীন হ'ব লগাত পৰে।

বাটৰ যান-জঁট ফালি ১১ বজাত পাব লগা বহু পৰীক্ষাৰ্থী ১২.৩০ বজাতহে পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'ব লগা হয়। সেইদৰে ১২ বজাত উপস্থিত হ'ব লগা পৰীক্ষাৰ্থী উপস্থিত হ'বগৈ পাৰে ডেৰ বজাত। এনে পৰিপ্ৰেক্ষিততে পৰীক্ষা আৰম্ভ কৰাৰ ক্ষেত্ৰতো প্ৰায় ৫ মিনিট পলম হয়। আৰু হঠাৎ সলনি কৰা পৰীক্ষা কেন্দ্ৰৰ পৰীক্ষাৰ্থী এই বিষয়ে অৱগত নোহোৱাত বেলেগ পৰীক্ষা কেন্দ্ৰত সোমাই থকাক লৈও সৃষ্টি হয় আন এক সমস্যাৰ।যাৰ ফলত একাংশ পৰীক্ষাৰ্থী পৰীক্ষা আৰম্ভ হোৱাৰ আধা ঘন্টাৰো পাছতহে আৰক্ষীৰ তত্বাৱধানত পৰীক্ষা গৃহত প্ৰৱেশ কৰিবলৈ সক্ষম হয় যদিও আন একাংশ বঞ্চিতও হয়।

ইফালে, সুন্দৰ ভৱনত পৰীক্ষা অনুষ্ঠিত হ'লেও পৰীক্ষাৰ্থীৰ অভিভাৱক ৰ'বলৈ বা গাড়ী ৰাখিবলৈ সা-সুবিধা নথকাৰ বাবে পৰীক্ষা ৫ বজাত শেষ হোৱা পৰীক্ষাৰ্থীক লৈ নিশা ১০ বজাতহে বহু অভিভাৱক খোজকাঢ়ি আহি এক্সপ্ৰেছ হাইৱে'ত উপস্থিত হ'বহি পাৰে। আনহাতে বাহিৰত হোৱা যান-জঁট আৰু পৰীক্ষা কেন্দ্ৰৰ সন্মুখত হোৱা ভিৰ চম্ভালিবলৈ পৰ্যাপ্ত আৰক্ষী নথকাত পৰীক্ষা আৰম্ভ আৰু শেষ হোৱাৰ প্ৰাকক্ষণত গুৱাহাটী প্ৰায় প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ সন্মুখতে সৃষ্টি হয় কল্পনাধীন যান-জঁট।

উল্লেখ কৰাৰ প্ৰয়োজন যে, কোৰোনা সংক্ৰমণৰ আশংকাত যি সময়ত বিদ্যালয়সমূহ ২১ ছেপ্টেম্বৰলৈকে বন্ধ ৰখা হৈছে, তেনে সময়তে ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে  JEE, NDA, NEET আদি প্ৰৱেশ পৰীক্ষা সমূহ। অহা ২০ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব  CEE পৰীক্ষাৰ লগতে এতিয়াও আন কেতবোৰ প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হ'বলৈ বাকী আছে। কিন্তু চৰকাৰে এফালে, কোভিড প্ৰট'ক'লৰ কথা কৈ পৰীক্ষা কেন্দ্ৰত প্ৰতিটো কোঠাত ১২জনকৈ মাত্ৰ ছাত্ৰ বহুৱালেও বাহিৰত অভিভাৱকসকলৰ মাজৰ সামাজিক দূৰত্ব কেনেকৈ মানি চলিব এই বিষয়ত চৰকাৰ বাৰুকৈ উদাসীন হৈ আছে। পৰীক্ষা অনুষ্ঠিত কৰা সংস্থা সমূহো এই ক্ষেত্ৰত সম্পূৰ্ণ উদাসীন। যাৰ প্ৰতিফলন প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ ছবিতেই দেখিবলৈ পোৱা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in