NEET ২০২০ত উজ্বলিল পটেনছিয়েল এণ্ড কনচেপ্ট এডুকেচন…

NEET ২০২০ত উজ্বলিল পটেনছিয়েল এণ্ড কনচেপ্ট এডুকেচন…

ডিজিটেল ডেস্কঃ "NEET ২০২০" সৰ্বভাৰতীয় পৰীক্ষাত পুনৰ উজলিল পটেনছিয়েল এণ্ড কনচেপ্ট এডুকেচন নামৰ কোচিং অনুষ্ঠানটো। প্ৰৱেশিকা পৰীক্ষা আৰু কোচিং ইনষ্টিটিউট বৰ্তমান সময়ত এটা পৰিপূৰক বিষয় হৈ পৰিছে। উত্তৰ পূৰ্বাঞ্চলো এই ক্ষেত্ৰত ব্যতিক্ৰম নহয়। বিশ্ব ব্যাপী হোৱা কোৰোনা মহামাৰীৰ সময়ৰ সকলো জটিলতা নেওঁচি ২০২০ বৰ্ষৰ ইঞ্জিনিয়াৰিঙৰ সকলো পৰ্যায়ৰ পৰীক্ষাত বৃহৎ সফলতা লাভ কৰিছে পটেনছিয়েল এণ্ড কনচেপ্ট এডুকেচনে।

উল্লেখযোগ্য যে, ২০২০ বৰ্ষৰ ৰিজাল্টত যোগ্যতা অনুযায়ী এই কোচিং ইনষ্টিটিউটোৱে সংখ্যাগৰিষ্ঠৰ আসন লাভ কৰিবলৈ সক্ষম হয়। তথ্য অনুসৰি এই ইনষ্টিটিউটখনৰ ৩০০ শিক্ষাৰ্থীয়ে নীট ২০২০ ত উত্তীৰ্ণ হৈ এমবিবিএচ আৰু বিডিএচৰ কাউন্সেলিঙৰ বাবে সক্ষম হয়।

ইফালে, পটেনছিয়েল এণ্ড কনচেপ্ট এডুকেচনৰ ১৪জনকৈ শিক্ষাৰ্থীয়ে ২০২০ বৰ্ষৰ NEET পৰীক্ষাত ৬০০ নম্বৰৰো অধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, এই ইনষ্টিটিউতটোৰ উত্তৰ পূৰ্বাঞ্চলত যোৱা  ১৩ বছৰে নিৰবিচ্ছিন্নভাৱে ট'প ৰেংক অৰ্থাৎ শীৰ্ষ স্থান অৰ্জন কৰাত সফল হৈ আহিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in