নীপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ প্ৰবন্ধকক ৮ঘণ্টা জেৰা গোলাঘাট আৰক্ষীৰ

নীপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ প্ৰবন্ধকক ৮ঘণ্টা জেৰা গোলাঘাট আৰক্ষীৰ

ডিজিটেল সংবাদ, গোলাঘাটঃ নীপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ মুখ্য প্ৰকল্প প্ৰবন্ধক প্ৰিয়ব্ৰত দাসক ৮ঘণ্টা ধৰি জেৰা কৰে আৰক্ষীয়ে। নীপকোৱে এৰি দিয়া জলবিদ্যুৎ প্ৰকল্পৰ পানী গোলাঘাটত জলপ্ৰলয়ৰ সৃষ্টি কৰাৰ পাছত বিষয়াজনৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ।

বৃহস্পতিবাৰে নিশা হঠাৎ গোলাঘাট সদৰ আৰক্ষী থানাত উপস্থিত হৈছিলহি নগালেণ্ডস্থিত দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ মুখ্য প্ৰকল্প প্ৰৱন্ধক প্ৰিয়ব্ৰত দাস। উল্লেখযোগ্য যে, যোৱা ৩ আগষ্টত প্ৰৱন্ধকজনৰ বিৰুদ্ধে গোলাঘাট সদৰ আৰক্ষী থানাত গোচৰ তৰিছিল খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই।

গোলাঘাট সদৰ আৰক্ষী থানাত ৰুজু হোৱা ৫৭৮/১৮ নম্বৰত গোচৰৰ ভিত্তিত গোলাঘাট আৰক্ষীয়ে বিষয়াজনক নগালেণ্ডৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ গৈ মুখথেকেচা খাইছিল।

আৰক্ষীয়ে বিষয়াগৰাকীক প্ৰকল্পৰ পৰা আটক কৰি গোলাঘাট লৈ আনি থকা অৱস্থাত নাগালেণ্ডৰ আৰক্ষীয়ে বিষয়াগৰাকীক আদবাটৰ পৰাই কাঢ়ি লৈ যোৱাৰ পাছত গোলাঘাট আৰক্ষীয়ে খালী হাতেৰেই গোলাঘাটলৈ উভতি আহিবলৈ বাধ্য হৈছিল।

ইয়াৰ পাছতে গৰাকীয়ে উচ্চ ন্যায়ালয়ৰ পৰা আগতীয়া জামিন লৈ বৃহস্পতিবাৰে নিশা সম্পূৰ্ণ নিৰাপত্তা বেষ্টনীৰ মাজত গোলাঘাট আৰক্ষী থানাত উপস্থিত হয়হি। পাছত আৰক্ষী অধীক্ষক কাৰ্য্যালয়ত বিষয়াগৰাকীক প্ৰায় ৮ ঘণ্টা ধৰি সোধাপোছাৰ অন্তত পুনৰ নিৰাপত্তা ব্যৱস্থাৰ মাজত দৈয়াঙলৈ ঘূৰি যাবলৈ দিয়া হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in