কেন্দ্ৰীয় চৰকাৰৰ অবিবেচকি কাণ্ড, ৯০ শতাংশ উত্তৰ-পূৰ্বাঞ্চলৰ কৰ্মচাৰীৰে চলা নীপকোক একত্ৰিকৰণৰ সিদ্ধান্ত, অসমেও হেৰুৱাব পাৰে নিযুক্তি, VIDEO

কেন্দ্ৰীয় চৰকাৰৰ অবিবেচকি কাণ্ড, ৯০ শতাংশ উত্তৰ-পূৰ্বাঞ্চলৰ কৰ্মচাৰীৰে চলা নীপকোক একত্ৰিকৰণৰ সিদ্ধান্ত, অসমেও হেৰুৱাব পাৰে নিযুক্তি, VIDEO

ডিজিটেল সংবাদ, গুৱাহাটীঃ ভাৰত চৰকাৰৰ অধীনৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান উত্তৰ-পূব বৈদ্যুতিক শক্তি নিগম চমুকৈ নীপকোক একত্ৰিকৰণৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। যাৰ দ্বাৰা নিযুক্তিৰ ক্ষেত্ৰখনত উত্তৰ পূৰ্বাঞ্চলে হেৰুৱাব পাৰে এক সুৱৰ্ণ সুযোগ। বৰ্তমান নীপকোত কৰ্মৰত মুঠ কৰ্মচাৰীৰ ৯০ শতাংশই উত্তৰ পূৰ্বাঞ্চলৰ। কিন্তু সততে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহক একত্ৰিকৰণ তথা ব্যক্তিগত খণ্ডক গটাবলৈ চৰকাৰে লোৱা ব্যৱস্থাৰ বাবে নিযুক্তিৰ ক্ষেত্ৰখনত উত্তৰ পূ্ৰ্বাঞ্চল লোকচানৰ সন্মুখীন হ'ব বুলি ধাৰণা কৰা হৈছে।

কেন্দ্ৰীয় প্ৰতিষ্ঠানৰ সৈতে নীপকোক একত্ৰিকৰণ কৰাৰ কথা ইতিমধ্যে কেবিনেট যোগে চৰকাৰে সিদ্ধান্ত লোৱা বুলি অভিযোগ কৰি মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰে নীপকোৰ আটাইকেইটা ট্ৰেড ইউনিয়নে। সংবাদমেলখনৰ দ্বাৰা চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰোধিতা কৰে ট্ৰেড ইউনিয়নে। বৰ্তমান উত্তৰ-পূব ভাৰতৰ ৭ খন ৰাজ্যত নীপকোৰ উপস্হিতি থকাৰ লগতে ইয়াৰ মুঠ ক্ষমতা ১৪৫৭ মেগাৱাট। ১৯৭৬ চনৰ ২ এপ্ৰিলত উত্তৰ পূৰ্বাঞ্চলৰ সমূহীয়া উন্নতিৰ বাবে প্ৰতিষ্ঠা কৰা হৈছিল নীপকোৰ।

নীপকোৰ পৰা লাভো হৈছে চৰকাৰৰ। ভাৰত চৰকাৰে নীপকোৰ পৰা ২০১৭-১৮ চনত লাভ কৰিছে ১১৫ কোটি টকা। থিক তেনেদৰে ২০১৭-১৮ বৰ্ষত লাভ কৰিছিল ৯২ কোটি টকা। তাৰ পিছতো কিয় চৰকাৰে নীপকোক বিক্ৰী কৰিবলৈ ওলাইছে তাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

বৰ্তমান নীপকোক এশ শতাংশই ভাৰত চৰকাৰৰ অংশীদাৰিত্ব আছে। এনএইচপিচি অথবা এনটিপিচিৰ সৈতে একত্ৰিকৰণ হোৱাৰ সম্ভাৱনা আছে নীপকোৰ। যদিহে এই দুয়োটা প্ৰতিষ্ঠানৰ সৈতে একত্ৰিকৰণ নহয় তেন্তে কোনো ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানৰ সৈতে নীপকো একত্ৰিত হোৱাৰ সন্দেহ ব্যক্ত কৰিছে ট্ৰেড ইউনিয়নে।

বৰ্তমান নীপকোত আছে ২৩০০ স্থায়ী কৰ্মচাৰী। থিক তেনেদৰে কেবাহাজাৰ অস্থায়ী কৰ্মচাৰীও আছে নীপকোত। কিন্তু যদিহে কোনো প্ৰতিষ্ঠানৰে সৈতে একত্ৰিত হয় তেন্তে উত্তৰ পূ্ৰ্বাঞ্চলৰ উন্নতিৰ বাবে প্ৰতিষ্ঠা কৰা নীপকোৰ পৰা যে উত্তৰ পূ্ৰ্বাঞ্চলৰ ৰাইজৰ কোনো সুবিধা নহ'ব সেই কথা নিশ্চিত হৈ পৰিছে। সংবাদমেলত নীপকোৰ ট্ৰেড ইউনিয়নে অভিযোগ কৰে যে, চৰকাৰৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ লাভ হৈ থকা এটা প্ৰতিষ্ঠান ৰাইজৰ হাতৰ পৰা কাঢ়ি নিব বিচাৰিছে চৰকাৰে।

২০১৮-১৯ বৰ্ষত নীপকোৰ উৎপাদন আছিল ৬১০৩.৮২ মিলিয়ন ইউনিট। থিক তেনেদৰে এইবৰ্ষৰ এপ্ৰিল মাহৰ পৰা ছেপ্তেম্বৰ মাহলৈ নীপকোৰ উৎপাদনৰ পৰিমাণ ৩৮১৫.৭১ মিলিয়ন ইউনিট। মঙলবাৰৰ সংবাদমেলখন সম্বোধন কৰা সংস্থা তথা ট্ৰেড ইউনিয়ন কেইটা হৈছে নীপকো ৱৰ্কাছ ইউনিয়ন, নীপকো এম্প্লয়ীজ ইউনিয়ন, নীপকো লেবাৰ্ছ ইউনিয়ন আৰু ফেডাৰেচন অৱ নীপকো এম্প্লয়ীজ ইউনিয়ন।

ইয়াৰ পূৰ্বেও ২০০২ আৰু ২০০৩ চনত নীপকোক বিক্ৰী তথা অন্যান্য প্ৰতিষ্ঠানৰে গটাই দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল চৰকাৰে। কিন্তু সেই কাৰ্যত চৰকাৰ সফল হোৱা নাছিল। যাৰ বাবে পুনৰবাৰ নীপকোক আন প্ৰতিষ্ঠানৰ সৈতে একত্ৰিকৰণৰ বাবে চৰকাৰে চেষ্টা কৰিছে। মঙলবাৰৰ সংবাদমেলখনত ট্ৰেড ইউনিয়নে চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰোধ কৰাৰ লগতে ইয়াৰ বাবে যিকোনো পৰ্যায়ৰ লৈকে গৈ প্ৰতিবাদ কৰিব বুলি হুংকাৰ দিয়ে।

উল্লেখ্য যে, মঙলবাৰৰ সংবাদমেলখনৰ দ্বাৰা ট্ৰেড ইউনিয়নে কিছুদিন পূৰ্বে নীপকোৰ জলবোমাত নিখোজ হৈ প্ৰাণ হেৰুওৱা কৰ্মচাৰীসকলৰ পৰিয়াললৈ সমবেদনা ঞ্জাপন কৰে। তেওঁলোকে লগতে সেই ঘটনাৰ এক উচিত তদন্তৰো দাবী কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in