২৭ জানুৱাৰীত এনডিএফবিৰে কেন্দ্ৰীয় চৰকাৰৰ শান্তি চুক্তি…

২৭ জানুৱাৰীত এনডিএফবিৰে কেন্দ্ৰীয় চৰকাৰৰ শান্তি চুক্তি…

ডিজিটেল ডেস্কঃ ২৭ জানুৱাৰী, ২০২০ত বড়ো সমস্যাৰ স্থায়ী সমাধানৰ লক্ষ্যৰে পুৱা ১১ বজাত এনডিএফবিৰ নেতৃবৰ্গ, এবছুকে ধৰি বড়ো জাতীয় সংগঠনৰ নেতৃত্বৰ সৈতে প্ৰস্তাৱিত শান্তি চুক্তি স্বাক্ষৰিত কৰাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় চৰকাৰৰ সৈতে চুক্তিবদ্ধ হ'ব লগা এই প্ৰস্তাৱিত চুক্তিখন অৱশ্যে এক সূত্ৰই শান্তি চুক্তিৰ ফেৰ্মৱ'ৰ্ক হ'ব বুলিহে সদৰী কৰিছে।

কেন্দ্ৰীয় চৰকাৰৰ সৈতে স্বাক্ষৰিত হ'ব লগা এই প্ৰস্তাৱিত চুক্তিৰ পূৰ্বে ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰসৈতে আলোচনাত মিলিত হৈছে এনডিএফবিৰ যুদ্ধবিৰতি ঘোষণা কৰা স্বৰাইগাউৰা গোট, গোবিন্দ বসুমতাৰি গোট, ধীৰেন বড়ো গোট আৰু ৰঞ্জন দৈমাৰী গোট।

ইয়াৰ সমান্তৰালকৈ এবছুৰ সৈতেও কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিয়ে নতুন দিল্লীৰ হোটেল অশোকাত আলোচনাত মিলিত হয়। এনডিএফবি স্বৰাইগাউৰা আৰু বিদাইক ম্যানমাৰৰ পৰা শান্তি আলোচনালৈ অনাত সহযোগ কৰা নৰ্থ ইষ্ট হেৰিটেজ ফাউণ্ডেশ্যনৰ সঞ্চালক ৰাজকুমাৰ পৃথ্বিৰাজ, নাৰায়ন দেৱ মেছ আৰু কাৰ্যবাহী সঞ্চালক থুনুকা বসুমতাৰীয়ে জানিবলৈ দিয়া মতে, এই চুক্তি ২৭ জানুৱাৰী, ২০২০ত স্বাক্ষৰিত হ'ব আৰু এই চুক্তিয়ে বড়োলেণ্ডকে নহয় অসমৰ ঐক্যক আৰু সুদৃঢ় কৰিব।

২৭ জানুৱাৰীত স্বাক্ষৰ হ'ব লগা বড়ো শান্তিচুক্তিত স্বাক্ষৰ অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বড়োলেণ্ড স্বায়ত্ত শাসিত পৰিষদৰ মুৰব্বী হাগ্ৰামা মহিলাৰী উপস্থিত থাকিব। জানিব পৰা মতে, এনডিএফবিৰ ৪টা গোটৰ নেতৃত্বই পৃথকে পৃথকে এই চুক্তিত স্বাক্ষৰ কৰিব।

ইফালে, আন এক সূত্ৰই সদৰী কৰা মতে, এই চুক্তি স্বাক্ষৰ হোৱাৰ পাছতেই সমগ্ৰ বিটিএডি অঞ্চলত উৰুওৱা হ'ব বগা পতাকা। সকলো বড়ো সংগঠনৰ নেতৃত্বই তেওঁলোকৰ বাসগৃহ আৰু কাৰ্যালয়সমূহত এসপ্তাহজুৰি বগা পতাকা উত্তোলন কৰিব বুলি জানিব পৰা গৈছে।

আনহাতে, এই চুক্তিত বড়ো অধ্যুষিত অঞ্চল সামৰি কেন্দ্ৰীয় শাসিত অঞ্চলৰূপে বড়োলেণ্ডক ঘোষণা কৰা হ'ব বুলি কিছু খবৰ প্ৰকাশ হ'লেও সেই খবৰৰ সত্যতা ইতিমধ্যে অস্বীকাৰ কৰিছে বড়ো নেতৃত্বই। হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰত আয়োজিত গণতন্ত্ৰ দিৱসত অংশ লৈ কয় যে- এই চুক্তিয়ে বড়োলেণ্ডক অধিক ক্ষমতাশালী আৰু আৰ্থিক দিশত সবল কৰিব।

হাগ্ৰামা মহিলাৰীয়ে এই স্থায়ী শান্তিচুক্তিৰ প্ৰতি সকলো দল-সংগঠন, ভাষা-ধৰ্ম নিৰ্বিশেষে সহায়-সহযোগৰ আহ্বান জনাই কয় যে, এনডিএফবিৰ শান্তিচুক্তিৰ নতুন জিলা মহকুমা গঠনৰ লগতে পৰিসীমা বৃদ্ধিৰ বাবেও কেন্দ্ৰীয় চৰকাৰক তেওঁ দাবী উত্থাপন কৰিছে।

এনডিএফবি শান্তিচুক্তিৰ ফলত বিটিচিৰ বাহিৰৰ বড়োসকলৰ বাবে বড়ো স্বায়ত্ত শাসিত পৰিষদ গঠন কৰা হ'ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিটিচি প্ৰধানগৰাকীয়ে। লক্ষণীয় যে, ইয়াৰ বিপৰীতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনডিএফবি চুক্তিয়ে বিটিচিৰ পৰিসীমা নবঢ়াই বুলি মত ব্যক্ত কৰিছিল।

শান্তিচুক্তিৰ পূৰ্বে যি দাবী চনদ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাখিল কৰা হৈছে, সেই দাবী চনদত বিটিচি অন্তৰ্গত জিলাসমূহৰ পুনৰ গঠন আৰু নতুনকৈ জিলা গঠনৰ দাবী উত্থাপন কৰা হৈছে। সেই অনুসৰি, গোঁসাইগাঁও, কোকৰাঝাৰ, চিৰাং, মানস, বাক্সা, ভেৰগাঁও, ওদালগুৰি, হলংগি, মৈনোচাৰি নতুন জিলা গঠন কৰা হ'ব বুলি ইতিমধ্যে চিন্তা-চৰ্চা চলিছে।

ইফালে, আন এক সূত্ৰ মতে, বিটিচি অন্তৰ্গত অ-বড়ো অধ্যুষিত অঞ্চলসমূহ কৰ্তন কৰি কেৱল বড়ো বসতিপ্ৰধান অঞ্চলসমূহক সামৰি বিটিচিৰ পৰিসীমা বৃদ্ধিৰ দাবীও উত্থাপন কৰিছে বড়ো নেতৃত্বই। সেই অনুসৰি, কেন্দ্ৰীয় চৰকাৰ, ৰাজ্যচৰকাৰ আৰু বড়ো নেতৃত্বৰ প্ৰতিনিধিয়ে এখন কমিটী গঠন কৰি তেনে স্থানসমূহ নিৰ্বাচন কৰাৰ সম্ভাৱনা আছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in