ওলাই যাব নালাগে, পলকতে whats appত কৰক চিলিণ্ডাৰ বুকিং…
ডিজিটেল ডেস্কঃ কেৱল আপোনজনৰ খবৰ লোৱাই নহয় এতিয়াৰে পৰা হোৱাটছ এপ যোগে আপুনি কৰিব পাৰিব চিলিণ্ডাৰ বুকিঙো। শেহতীয়াকৈ এই সুবিধা আৰম্ভ কৰিছে দেশৰ সবাতোকৈ বৃহৎ অইল মাৰ্কেটিং কোম্পানী Indian Oil Corporationয়ে। এতিয়াৰে পৰা সকলো গ্ৰাহকে ৰন্ধন গেছ বুকিং কৰিব পাৰিব হোৱাটছ এপৰ জৰিয়তে।
Indian Oil Corporationয়ে Indaneৰ চিলিণ্ডাৰ বুকিং কৰিবলৈ মুকলি কৰিছে এটা হোৱাটছ এপ নম্বৰ। এই নম্বৰটো হৈছে 7588888824 । এই নম্বৰটোৰ জৰিয়তেই গ্ৰাহকে বুকিং কৰিব পাৰিব প্ৰয়োজনীয় চিলিণ্ডাৰ। উল্লেখ্য যে, এই সেৱা উপভোগ কৰিবলৈ গ্ৰাহকৰ মোবাইল নম্বৰটো এজেন্সীত ৰেজিষ্ট্ৰাৰ হৈ থকা বাঞ্চনীয়।