জেলত বন্দী এনডিএফবি নেতা কৰ্মীৰ ক্ষমাদান বিচাৰি এনডিএফবি নেতা আৰু পৰিয়ালবৰ্গৰ ধৰ্ণা…

জেলত বন্দী এনডিএফবি নেতা কৰ্মীৰ ক্ষমাদান বিচাৰি এনডিএফবি নেতা আৰু পৰিয়ালবৰ্গৰ ধৰ্ণা…

ডিজিটেল সংবাদ, চিৰাংঃ দীঘলীয়া সশস্ত্ৰ সংগ্ৰামৰ পৰিসমাপ্তি কৰি এনডিএফবি চাৰিটা গোট একত্ৰিত হৈ যোৱা ২০২০ চনৰ ২৭ জানুৱাৰীৰ দিনা খন নতুন দিল্লীত বহু চৰ্চিত বিটিআৰ শান্তি চুক্তি সম্পাদিত হৈছিল ।কিন্তু বিটিআৰ শান্তি চুক্তিৰ এটা বছৰ হৈ যোৱাৰ পিছতো এনডিএফবি ৰ দীঘলীয়া সশস্ত্ৰ সংগ্ৰামৰ চলাকালীন বিভিন্ন গোচৰত অভিযুক্ত হৈ জেলত বন্দী থকা এনডিএফবি নেতা, কেডাৰ জেলৰ পৰা মুক্তি লাভ কৰিবলৈ সক্ষম হোৱা নাই ।

যোৱা ২৪ জানুৱাৰীত কোকৰাঝাৰত বিটিআৰ চুক্তিৰ বৰ্ষপূৰ্তি অনুষ্ঠানত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ অহাৰ দিনা জেলত বন্দী হৈ থকা বিষয়টো উত্থাপন কৰিব বুলি আশা কৰি আছিল কিন্তু গৃহমন্ত্ৰী গৰাকীৰ পৰা সাধাৰণ ক্ষমাদান সন্দৰ্ভত কোনো ধৰণৰ আশ্বাস বা প্ৰতিশ্ৰুতি নেপোৱাত জেলত বন্দী হৈ থকা এনডিএফবি নেতা কৰ্মী সকলৰ পৰিয়াল বৰ্গ হতাশ হৈ পৰে বুলি আজি ধৰ্ণা স্থলীত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ।

যাৰ কাৰণে আজি জেলত বন্দী হৈ থকা এনডিএফবি নেতা কৰ্মীৰ শতাধিক অভিভাৱক তথা পৰিয়ালৰ সদস্য সদস্যা সকলে জেলত বন্দী এনডিএফবি নেতা কৰ্মী সকলক অতি সোনকালে সাধাৰণ ক্ষমাদান প্ৰদান কৰাৰ দাবীত কাজলগাঁৱৰ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মূখত দুপৰীয়া বাৰ বজাৰ পৰা দুই ঘন্টীয়া অবস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

ধৰ্ণা কাৰ্য্যসূচীৰ অন্তত জেলত বন্দী হৈ থকা এনডিএফবি নেতা কৰ্মী সকলৰ অভিভাৱক তথা পৰিয়ালৰ সদস্য সকলৰ পৰা জিলা উপায়ুক্তৰ জৰিয়তে ভাৰতৰ গৃহমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰত প্ৰদান কৰে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in