ঘিলামৰা নৰ্থ বেংক মহাবিদ্যালয়ৰ মূল আক্ৰমণকাৰী অধ্যক্ষ পলাতকঃ কাৰ্যালয় সহায়ক হোমেন গোঁহাইক মাজনিশা গ্ৰেপ্তাৰ…

ঘিলামৰা নৰ্থ বেংক মহাবিদ্যালয়ৰ মূল আক্ৰমণকাৰী অধ্যক্ষ পলাতকঃ কাৰ্যালয় সহায়ক হোমেন গোঁহাইক মাজনিশা গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ: ঢকুৱাখনাঃ অৰ্ধশতবৰ্ষ অতিক্রমা  নৰ্থ বেংক মহাবিদ্যালয়ৰ দৰে এখন পবিত্ৰ বিদ্যা মন্দিৰৰ সন্মানীয় অধ্যক্ষৰ পদত অধিষ্ঠিত হৈ  বিচাৰ বিবেচনাহীন আচৰণ প্ৰদৰ্শনেৰে উচ্চ শিক্ষানুষ্ঠানখনৰ মান মৰ্যাদা ভূলুণ্ঠিত কৰা ডঃ যুগল শইকীয়া বাহিনীৰ এজন  আক্ৰমনকাৰী আৰক্ষীৰ জালত পৰিছে। মহাবিদ্যালয়খনৰ এগৰাকী ছাত্ৰ বুবুল দলেৰ ওপৰত কাৰ্য্যালয়ৰ ভিতৰত উদণ্ড অধ্যক্ষ শইকীয়াৰ নেতৃত্বত চলোৱা দলবব্ধ আক্ৰমণৰ অন্যতম সংগী হোমেন গোঁহাইক যোৱা নিশা ঘিলামৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ঘিলামৰা দীঘলী গাঁওৰ বাসিন্দা  হোমেন গোঁহাই মহাবিদ্যালয়খনৰ কাৰ্যালয় সহায়ক আৰু তেওঁ নিৰীহ ছাত্ৰ দলেৰ ওপৰত চলোৱা বৰ্বৰ আক্ৰমণৰ সতে জড়িত আছিল। 

যোৱা ১৯ ছেপ্টেম্বৰত  স্নাতক তৃতীয় ষাণ্মাসিকৰ এগৰাকী ছাত্ৰ বুবুল দলেয়ে কলেজ কৰ্তৃপক্ষৰ সহায় বিচাৰি  অধ্যক্ষৰ কোঠাত প্ৰবেশৰ পাছত  সৃষ্টি হোৱা নিৰ্মম আক্ৰমনৰ ঘটনাৰ পৰৱৰ্তী সময়ত ভুক্তভোগী প্ৰহৃত ছাত্ৰ জনে ঘিলামৰা থানাত এজাহাৰ দাখিল কৰিছিল।  উন্নাসিক অধ্যক্ষ শইকীয়া , বিজ্ঞান শাখাৰ  শিক্ষক বুধিন গগৈ , কাৰ্যালয় সহায়ক গোঁহাই আৰু পিয়ন বিশ্বজিত টাৱৰ নাম উল্লেখেৰে দাখিল কৰা এজাহাৰৰ ভিত্তিত  মহকুমা আৰক্ষী বিষয়া সৌমাৰ জ্যোতি ভূঞাৰ তৎপৰতাত তদন্তই ক্ষীপ্ৰ গতি লৈছিল।  ঘিলামৰা থানাত জামিনবিহীন ধাৰাত পঞ্জীভূত গোচৰ  ( নং-১৬৪/২০২১ )ৰ ভিত্তিত আৰক্ষীয়ে শনিবাৰে অভিযান চলাই যুগল শইকীয়াক বিচাৰি মহাবিদ্যালয়ত অভিযান চলাই যদিও চতুৰ অধ্যক্ষজন আৰক্ষীৰ দলটো গৈ পোৱাৰ পূৰ্বে উধাও হয়।

কিন্তু শইকীয়া বাহিনীৰ অন্যতম আক্ৰমনকাৰী গোঁহাইক নিজা গৃহৰ পৰা নিশা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।  সম্প্ৰতি ধৃত গোঁহাই ঘিলামৰা আৰক্ষীৰ জিম্মাত আছে । অন্যহাতে প্ৰধান অভিযুক্ত অধ্যক্ষ শইকীয়া ,  বিজ্ঞান শিক্ষক গগৈ আৰু চতুৰ্থ বৰ্গৰ অস্থায়ী কৰ্মচাৰী টাৱক গ্ৰেপ্তাৰ অভিযান অব্যাহত ৰাখিছে যদিও এই মূল আচামী কেইটা পলাতক হৈ থকা বুলি আৰক্ষীয়ে জনাইছে সংবাদ মাধ্যমক। 

অধ্যক্ষ শইকীয়াৰ অতি ঘনিষ্ঠ হিচাবে পৰিচিত বিজ্ঞান শাখাৰ (প্ৰাণীবিজ্ঞান বিভাগ)  শিক্ষক বুধিন গগৈক সাৰথি কৰি অধ্যক্ষ শইকীয়াই নিৰাপদ ঠাইত আত্মগোপন কৰি গোচৰৰ আপোচ মীমাংসা কৰাৰ কচৰৎ  চলোৱাত নিমগ্ন হোৱা বুলি জনা গৈছে। উল্লেখ্য যে অধ্যক্ষ শইকীয়াই ও ছাত্ৰজনৰ ওপৰত ৰাজহুৱা সম্পত্তি বিনষ্ট কৰি সেৱা আগবঢ়োৱাত বাধা দিয়াৰ অভিযোগ তুলি  এজাহাৰ দাখিল কৰিছে। এই সন্দৰ্ভত ঘিলামৰা থানাত সুকীয়া গোচৰ ( নং- ১৬৩/২০২১) পঞ্জীভূত হৈ আছে।  তদন্তকাৰী আৰক্ষীয়ে অন্য আচামী সকলক গ্ৰেপ্তাৰ অভিযান অব্যাহত ৰাখিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in