নাজিৰা সমষ্টিৰ অন্তগৰ্ত চুকাফা গাঁও পঞ্চায়তৰ নৱ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি সকলৰ কাৰ্যভাৰ গ্ৰহণ

নাজিৰা সমষ্টিৰ অন্তগৰ্ত চুকাফা গাঁও পঞ্চায়তৰ নৱ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি সকলৰ কাৰ্যভাৰ গ্ৰহণ

ডিজিটেল সংবাদ, নাজিৰাঃ নাজিৰা সমষ্টিৰ অন্তগৰ্ত চুকাফা গাঁও পঞ্চায়তৰ নৱ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি সকলে শপত গ্ৰহণ কৰা পাচতে মঙলবাৰে কাৰ্যালয়ত অনুষ্ঠিত এখন সভাত আনুষ্ঠানিক ভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে৷ পঞ্চায়তটোৰ সচিব ইমৰান আলিয়ে আঁত ধৰা সভাত অঞ্চলটোৰ ভাল কেইগৰাকী গন্য- মান্য ব্যক্তি তথা ৰাইজৰ উপস্থিতি নৱ নিৰ্বাচিত পঞ্চায়ত খনৰ সভাপতি , আঞ্চলিক পঞ্চায়তৰ সদস্য লগতে ১০ টা ৱাৰ্ডৰ সদস্য- সদস্যাক ৰাজহুৱা কৈ সম্বৰ্ধনা জনোৱা হয়৷

পঞ্চায়তটোৰ সভাপতি সূৰুয কুমাৰ ভূমিজে দায়িত্ব ভাৰগ্ৰহণ কৰি অনাগত দিনত পঞ্চায়তখনক প্ৰতিটো দিশত আগবঢ়াই নিয়া ক্ষেত্ৰত ৰাইজৰ সহযোগিতা কামনা কৰে৷ উল্লেখ যোগ্য যে পঞ্চায়তটোৰ সদ্য অনুষ্ঠিত নিৰ্বাচনত সভাপতি আৰু আঞ্চলিক পঞ্চায়ত সদস্য পদত বিজেপিৰ প্ৰাৰ্থী আৰু ৪টা ৱাৰ্ডত কংগ্ৰেছৰ প্ৰাৰ্থীৰ বিপৰীতে ৬টা ৱাৰ্ডত বিজেপিৰ ৱাৰ্ড মেম্বাৰ জয় লাভ কৰিছিল৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in