নাৰায়ণপুৰত অগপ কৰ্মীক জোৰ-জুলুম কৰাৰ অভিযোগ

নাৰায়ণপুৰত অগপ কৰ্মীক জোৰ-জুলুম কৰাৰ অভিযোগ

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ নাৰায়ণপুৰৰ পঞ্চায়তে পঞ্চায়তে গৈ বিজেপি কৰ্মীয়ে জোৰজোলোম কৰিছে অগপ কৰ্মীক । ইতিমধ্যে অগপ দলে নিজাববীয়াকৈ পঞ্চায়ত নিৰ্বাচন খেলাৰ কথা ঘোষণা কৰাৰ পিছতো অগপ-বিজেপিৰ মিত্ৰতাৰ ভূৱা প্ৰচাৰ চলাইছে বিজেপি কৰ্মীয়ে । বিজেপিৰ টিকটত নিৰ্বাচন খেলাৰ বাবে জোৰ জুলুম কৰিছে অগপ কৰ্মীক । নাৰায়ণপুৰত সংবাদ মেল পাতি এই অভিযোগ উত্থাপন কৰিলে অগপই।

পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতে ৰাজ্য খনৰ প্ৰতিটো সমষ্টিতে তৎপৰ হৈছে ৰাজ্য খনৰ প্ৰত্যেকটো ৰাজনৈতিক দল। সমান্তৰালকৈ লখিমপুৰ জিলাটো অসম গণ পৰিষদ দলে পঞ্চায়ত নিৰ্বাচনত অধিকাংশ আসন দখল কৰিবলৈ ৰাজনৈতিক কুচকাৱাজ আৰম্ভ কৰিছে। আজি নাৰায়ণপুৰৰ জেষ্ঠ নাগৰিক সংস্থাৰ কাৰ্যালয়ত অগপৰ লখিমপুৰ জিলা সমিতিয়ে কেন্দ্ৰীয় সমিতিৰ সম্পাদক অচ্যুত শইকীয়াৰ উপস্থিতিত এখন সংবাদ মেল অনুষ্ঠিত কৰে। সম্পাদকগৰাকীয়ে আগন্তুক পঞ্চায়ত নিৰ্বাচনত অগপই একক ভাৱে নিৰ্বাচন খেলি অধিক সংখ্যক আসন দখল কৰাৰ লগতে পঞ্চায়তত অগপৰ প্ৰাৰ্থীক বহুৱাব বুলি সংবাদ মাধ্যমৰ জৰিয়তে হুংকাৰ দিয়ে।

তেওঁলোকৰ মতে বিগত বিধান সভা নিৰ্বাচনত বিহপুৰীয়া সমষ্টিত বিজেপি দল আৰু বিজেপিৰ বিহপুৰীয়াৰ বিধায়কগৰাকীয়ে মিত্ৰতা থকাৰ পিছতো কোনো কামতে বা কোনো উন্নয়নমুলক সিদ্ধান্তৰ সময়ত অগপ দলৰ কৰ্মী সকলৰ লগত কোনো ধৰণৰ আলাপ আলোচনা কৰাৰ নজিৰ নাই, বৰং প্ৰতি মূহুৰ্ততে অগপ কৰ্মীসকলক অৱহেলা কৰাৰ উপৰি প্ৰত্যেক কৰ্মীৰ লগতে অগপ দলটোকে অপমানহে কৰি আহিছে। ইয়াৰোপৰি কেৱল মিত্ৰতাৰ স্বাৰ্থত বিহপুৰীয়াৰ ৰাইজৰ বাবে একেবাৰে অচিনাকি এজন ব্যক্তিক অগপই নিৰ্বাচনত সহায় কৰিছিল আৰু এক প্ৰকাৰ অগপৰ ভোটৰ বাবেই তেওঁ বিধায়ক হৈছিল বুলি আজি অগপৰ জিলা সমিতিয়ে সংবাদ মাধ্যমৰ আগত দাবী কৰে।

সেয়েহে তেনে এটা দল আৰু জনপ্ৰতিনিধিৰ লগত থাকি আগন্তুক পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কোনো অৱকাশ নাই আৰু সেয়ে ৰাইজৰ দাবী আৰু দলৰ সিদ্ধান্ত মৰ্মে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে বুলি অগপৰ বিষয়ববীয়া সকলে উল্লেখ কৰে। ইয়াৰোপৰি সংবাদ মাধ্যমৰ জৰিয়তে তেওঁলোকে বিজেপিৰ দল আৰু কৰ্মীসকলক আগন্তুক দিনত অগপ কৰ্মীসকলৰ ওচৰলৈ গৈ মিত্ৰতাৰ বাবে জোৰ জবৰদস্তি নকৰিবলৈ আহ্বান জনায়। সংবাদ মেলখনত অগপৰ লখিমপুৰ জিলা সমিতিৰ সম্পাদক বীৰেন বৰা, জিলাৰ কাৰ্যনিৰ্বাহক সদস্য ৰামেশ্বৰ কোঁৱৰ, নাৰায়ণপুৰ নগৰ আঞ্চলিকৰ সভাপতি নিপম ভূঞা আৰু সম্পাদক নিতুল বৰুৱা উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in