হিমা, লাভলীনাৰ পাছত দেশবাসীৰ ‘নয়নৰ মণি’ হ’ল নয়নমণি…

হিমা, লাভলীনাৰ পাছত দেশবাসীৰ ‘নয়নৰ মণি’ হ’ল নয়নমণি…

ডিজিটেল ডেস্কঃ ইতিহাস ৰচনা কৰিলে নয়নমণি শইকীয়াই। গোলাঘাটৰ জীয়ৰী তথা নয়নমণি শইকীয়াই বাৰ্মিংহাম কমনৱেলথ গেমছত লন বলত দখল কৰিলে স্বৰ্ণ পদক। মঙ্গলবাৰে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ চূড়ান্ত মেচখনত ভাৰতীয় মহিলা দলটোৱে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰি এই সফলতা লাভ কৰিছে।

উল্লেখ্যে যে এই সফলতা লাভ কৰা ভাৰতীয় মহিলা দলটোৰ আন কেইগৰাকী খেলুৱৈ হ'ল লাভলী চৌবে, পিংকী আৰু ৰূপা ৰাণী তিৰ্কী। উল্লেখ্য যে লন বাউল ইভেণ্টৰ সোণৰ পদকৰ মেচ খনৰ পূৰ্বে ভাৰতীয় দলটোৱে ছেমি ফাইনেলত ভাৰতে নিউজিলেণ্ডক ১৬-১৩ গ'লত পৰাস্ত কৰিছিল।

অসম চৰকাৰৰ বন বিভাগত কৰ্মৰত সৰুপথাৰৰ জীয়ৰী নয়নমণি শইকীয়াই তৃতীয়বাৰৰ বাবে কমনৱেলথ গেমছত অংশগ্ৰহণ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ গ্লাছগ' আৰু গলকোষ্টত অনুষ্ঠিত কমনৱেলথ গেমছত অংশগ্ৰহণ কৰিছিল।তেওঁ ২০১০ চনৰ দিল্লী কমনৱেলথ গেমছটো ভাৰতীয় দলত আছিল কিন্তু খেল আৰম্ভ পূৰ্বেই পৰিয়ালৰ সদস্যৰ বিয়োগৰ বাবে অসমলৈ উভতি আহিবলগীয়া হৈছিল।

মন কৰিবলগীয়া যে কমনৱেলথ গেমছত সুদীৰ্ঘ ১২ বছৰৰ অন্তত অসমৰ খেলুৱৈয়ে পদক জয় কৰিবলৈ সক্ষম হৈছে। ২০১০ চনত দিল্লীত অনুষ্ঠিত কমনৱেলথ গেমছত আৰ্চাৰ জয়ন্ত তালুকদাৰে লাভ কৰিছিল ব্ৰঞ্জ পদক।

সুদীৰ্ঘ ১২ বছৰৰ পিছত নয়নমণি শইকীয়াই প্ৰথমগৰাকী অসমীয়া খেলুৱৈ, যিয়ে কমনৱেলথ গেমছত পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। প্ৰতিযোগিতাৰ ফাইনেলত উপনীত হোৱাৰ পিছতে ভাৰতীয় দলটোৱে ইতিহাস ৰচনা কৰিছিল। কিয়নো এতিয়ালৈকে কমনৱেলথ গেমছত ভাৰতীয় মহিলা দলটোৱে এটাও পদক লাভ কৰা নাই। বাৰ্মিংহামতেই ভাৰতে প্ৰথমবাৰৰ বাবে কমনৱেলথ গেমছৰ লন বলত লাভ কৰিলে প্ৰথমটো পদক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in