শেহতীয়া খবৰ
বানিজ্যত চতুৰ্থ আৰু ষষ্ঠ স্থানেৰে উজলিল গোৱালপাৰাৰ প্ৰিয়াক্ষী ঘোষ আৰু মৃণাল ৰয়...  •  কৃতি শিক্ষক মাধুৰ্য বৰাৰ মৃত্যুত নগাঁৱত শোকৰ ছাঁ...  •  ৰাজধানীৰ 'কেৱ' চালকৰ কন্যা অৰ্পিতাৰ সাফল্য...  •  CPI(M)ৰ প্ৰতিবাদঃ ধনশিৰি মহকুমাধিপতিৰ যোগদি মুখ্যমন্ত্ৰীলৈ ৯ দফীয়া স্মাৰক পত্ৰ প্ৰেৰণ...  •  নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত UPSC,APSC, IFS ৰ সন্দৰ্ভত কৰ্মশালা...  •  উচ্চতৰ মাধ্যমিকত নগাঁৱত তিনিটা শাখাত উত্তীৰ্ণৰ হাৰ গড়ে ৮৮.১১শতাংশ...  •  গহপুৰ শংকৰদেৱ শিক্ষা নিকেটনৰ সাফল্যঃ প্ৰথমটো বেটছৰ ১০০ শতাংশই উত্তীৰ্ণ, ৩৯ গৰাকীয়ে পালে ষ্টাৰ নম্বৰ...  •  গহপুৰ শংকৰদেৱ শিক্ষা নিকেটনৰ সাফল্যঃ প্ৰথমটো বেটছৰ ১০০ শতাংশই উত্তীৰ্ণ, ৩৯ গৰাকীয়ে পালে ষ্টাৰ নম্বৰ...  •  মৰিগাঁৱত কৰুণ ঘটনাঃ বাঢ়নী পানীত পৰি মৃত্যু শিশু, কিশোৰৰ...  •  ৩.৫ কোটিৰে BVFCL  চিকিৎসালয় নৱীকৰণৰ কাম আৰম্ভঃ মাইক্ৰপেথ লেবৰেটৰী আৰু  আলট্ৰাছাউণ্ড মেছিন ৰাইজৰ সেৱাত মুকলি...

আজি মোৰ বাথৰুমটো যিমান ডাঙৰ এসময়ত তাতকৈ সৰু ঘৰত মই আছিলো- নৱাজুদ্দিন

ডিজিটেল ডেস্ক: বলিউডৰ অভিনেতা নৱাজুদ্দিন চিদ্দিকীয়ে বহু সংঘৰ্ষ কৰি ছবি জগতত সফলতা লাভ কৰিছে।তেওঁ নিজৰ সংঘৰ্ষৰ বিষয়ে বিভিন্ন সময়ক মন্তব্য প্ৰকাশ কৰা দেখা যায়।এতিয়া বলিউডৰ নামী-দামী চেহেৰা নৱাজুদ্দিন।

কেইমাহমান পূৰ্বে নৱাজে মুম্বাইত নিজৰ এটি ডাঙৰ অট্টালিকা নিৰ্মাণ কৰিছিল। নিজৰ পিতৃৰ নামেৰে নামাকৰণ কৰা ঘৰটোৰ ফটো ছ’চিয়েল মিডিয়াত তীব্ৰগতিত ভাইৰেল হৈছিল ।

ইয়াৰ মাজত পুনৰ চৰ্চালৈ আহিছে নৱাজুদ্দিন। এক সাক্ষাতকাৰত তেওঁ কয় যে ”আজি মোৰ ব্যক্তিগত বাথৰুমটো যিমান ডাঙৰ এটা সময়ত সিমান ডাঙৰ মোৰ ঘৰ আছিল।যেতিয়া মই মুম্বাইলৈ আহিছিলো,তেতিয়া একেবাৰে সৰু ঠাই এটুকুৰাত আছিলো।তাত অন্য বহু অভিনেতাও আছিল।সেই ৰুমটো ইমানেই সৰু আছিল যে যদি কোনোৱে দৰ্জা খোলে তেন্তে কাৰোবাৰ ভৰিত লাগিছিল।আমি তাত মাটিত শুইছিলো।লাহে লাহে মই তিনিজনৰ লগত ৰুম শ্বেয়াৰ কৰা আৰম্ভ কৰিলো, তাৰ পাছত দুজন আৰু ২০০৫ চনৰ পৰা মই অকলে থাকো”।

উল্লেখ্য যে, নৱাজুদ্দিনে নিজৰ কৰ্মজীৱনত যথেষ্ঠ সংঘৰ্ষ কৰিছে। এতিয়া বিভিন্ন জনকে আপ্লুত কৰে নৱাজৰ অভিনয়ে।চিৰিজৰ পৰা আৰম্ভ কৰি চলচ্চিত্ৰলৈ নৱাজুদ্দিনে দেখুৱাইছে নিজৰ প্ৰতিভা।