পূৰ্বৰ প্ৰধানমন্ত্ৰী নবাব শ্বৰীফক ঘোষিত অপৰাধীৰ আখ্যা পাকিস্তান আদালতৰ…

পূৰ্বৰ প্ৰধানমন্ত্ৰী নবাব শ্বৰীফক ঘোষিত অপৰাধীৰ আখ্যা পাকিস্তান আদালতৰ…

ডিজিটেল ডেস্কঃ পাকিস্তানৰ আদালতে দেশখনৰ তিনিবাৰকৈ প্ৰধানমন্ত্ৰী দায়িত্ব পালন কৰা নবাব  শ্বৰীফক বুধবাৰে এজন ঘোষিত অপৰাধী হিচাপে আখ্যা দিয়ে। তেওঁক ভ্ৰষ্ট্ৰাচাৰৰ দুটা ঘটনাৰ সৈতে সম্বন্ধ থকাৰ অভিযোগত বাৰে বাৰে চমন দিয়াৰ পাছতো আদালতত হাজিৰ হোৱা নাছিল। ইছলামবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আমিৰ ফাৰুক আৰু ন্যায়াধীশ মোহচিন আখটাৰ কয়ানীৰ দুজন সদস্যৰ পীঠখনে দুয়োটা গোচৰ সন্দৰ্ভত বুধবাৰে ৰায়দান কৰে।

উল্লেখ্য যে, বৈদেশিক কাৰ্যালয় আৰু গৃহমন্ত্ৰালয়ে আদালতক কয় যে, শ্বৰীফক লণ্ডনত য'ত তেওঁ বৰ্তমান বাস কৰে আৰু লাহোৰৰ তেওঁ পুৰণি ঘৰলৈয়ে এই সম্পৰ্কে আইনী জাননী পঠায়।আদালতৰ স্পষ্ট কৰে যে, জাননীৰ পিছতো আদালতত হাজিৰ নোহোৱাৰ বাবে তেওঁলোকে শ্বৰীফক এজন ঘোষিত অপৰাধী হিচাপেই আখ্যা দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in