মঙলদৈত নৱমীৰ নিশা ২২ লাখ টকা লুটি নিয়া ৩ অভিযুক্তক গ্ৰেপ্তাৰ…

মঙলদৈত নৱমীৰ নিশা ২২ লাখ টকা লুটি নিয়া ৩ অভিযুক্তক গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ, মঙলদৈঃ দুৰ্গা পূজাৰ আনন্দ উল্লাহৰ মাজতে মঙ্গলদৈৰ ইছলামপুৰস্থিত E kart নামৰ এটা অনলাইন শ্বপিং কুৰিয়াৰ চেণ্টাৰৰ পৰা নৱমীৰ নিশা ৯.২৭ মিনিট বজাত এখন কলা ৰঙৰ পালচাৰ ২২০ বাইকত হেলমেট পিন্ধি অহা দুই দুৰ্বৃত্তই লুটি নিছিল কেইবালক্ষাধিক টকা ।

লক্ষণীয় যে প্ৰতিষ্ঠানটোত সংযোগ হৈ থকা CCTV ৰ হাৰ্ডডিস্ক খুলি নি দৰ্জা আৰু লকাৰত আৰক্ষীক বিভ্ৰান্তি কৰিবলৈ এচিড ঢালি থৈ গৈছিল। পিছলৈ প্ৰতিষ্ঠানটোৰ বিষয়াই মঙ্গলদৈ সদৰ থানাত দিয়া এজাহাৰৰ ভিত্তিত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিৰঞ্জন বৰুৱাই নিজাববীয়াকৈ তদন্ত চলাই চাইবাৰ চেলৰ উপ-পৰিদৰ্শক কৃষ্ণ কান্ত লস্কৰৰ সহযোগত এটি আৰক্ষীৰ দলে শুকুৰবাৰে নিশা দৰঙৰ শান্তিপুৰ,বেজপাৰা আৰু ওদালগুৰি জিলাৰ কুঁহিয়াৰকুছিৰ পৰা এতিয়ালৈ মুঠ তিনি অভিযুক্ত ৪.৫০ টকা সহ গ্ৰেপ্তাৰ কৰে ।

উল্লেখযোগ্য যে গ্ৰেপ্তাৰ হোৱা অভিযুক্ত সঞ্জীৱ ভূঞা আৰু জয়ন্ত লাহোৱাল উক্ত প্ৰতিষ্ঠানটোৰেই কৰ্মচাৰী। আনহাতে ডাংচ'ৰাং বসুমতাৰী হৈছে কুঁহিয়াৰকুছি গাঁওৰ গাঁওবুঢ়া। আনহাতে এই ঘটনাটোৰ মাষ্টাৰমাইণ্ড বৰ্তমানেও পলাতক হৈ আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in