ঢকুৱাখনাৰ লেচেৰা পথাৰত নৌ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা ৬ শিক্ষাৰ্থীৰ…

ঢকুৱাখনাৰ লেচেৰা পথাৰত নৌ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা ৬ শিক্ষাৰ্থীৰ…

ডিজিটেল সংবাদ, ঢকুৱাখনা:  ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত পশ্চিম ঢকুৱাখনাৰ লেচেৰা অঞ্চলত বুধবাৰে  পুৱা বেলা সংঘটিত হয় এক নৌকা দুৰ্ঘটনা ।  ঘটনাৰ বিবৰণি মতে  পশ্চিম ঢকুৱাখনা উচ্চ মাধ্যমিক বিদ্যালয়লৈ শিক্ষা গ্ৰহণৰ বাবে আহি  আছিল লেচেৰা  আৰু ভেলৌ গুৰি গাঁওৰ ৬ গৰাকী শিক্ষাৰ্থী । শিক্ষাৰ্থী কেইগৰাকী এখন টুলুঙা নাৱেৰে  বানত উফন্দী উঠা লেচেৰা পথাৰৰ নিবৈ জান  অংশ পাৰ হওঁতেই  আকস্মিক ভাবে নাওখন বানৰ সোঁতত ডুব উটি গৈ ডুব যায়।

বানৰ সোঁতত জুনমণি নৰহ,ৰাতুল দাস,গায়ত্ৰী দাস,অভিজিতা দাস,দুৰ্লভ দাস আৰু  প্ৰসেণজিৎ নৰহ উটি যোৱাৰ পাছত  সাঁতুৰী যেনেতেনে পাৰত উপস্থিত হয় যদিও শিক্ষাৰ্থী সকলৰ সকলো কিতাপ পত্ৰ  পানীত উটি যায়। পাছত স্থানীয়  ৰাইজৰ সহযোগত শিক্ষাৰ্থী সকলৰ  কিতাপৰ বেগ উদ্ধাৰ কৰা হয় যদিও সকলো পানীত পৰি বিনষ্ট হয়। 

স্মতব্য যে ঢকুৱাখনা মহকুমাৰ পশ্চিম ঢকুৱাখনা পঞ্চায়তৰ অন্তৰ্গত অতি ভিতৰুৱা  লেচেৰা,ভেঁটতলী, ভেলৌগুটি আদি গাঁওৰ সতে পথ যোগাযোগ বিচ্ছিন্ন হৈ থাকে বাৰিষাৰ সময়ছোৱা । কোনো ধৰণৰ উন্নত পথ যাতায়ত ব্যবস্থাই ঢুকি নোপোৱা এই বৃহত্তৰ অঞ্চল বাসী খৰালি হাবিতলীয়া পথেৰে বিপদ সংকুল যাতায়ত কৰি  দৈনন্দিন  যোগাযোগ ৰাখিব লাগে মহকুমা সদৰৰ সৈতে  আৰু বাৰিষা নাও অথবা কলৰ ভুৰেৰে ।

ৰাজ্যত এখন এবছৰীয়া সফলতাৰ দাবীদাৰ চৰকাৰৰ কাৰ্যকালত এনেকৈ দিনে নিশাই মৰণত শৰণ লৈ  দৈনন্দিন যাত্ৰা অব্যাহত ৰাখিব লগা হোৱা অৱস্থাই গেৰুৱা চৰকাৰ আৰু বিধায়ক নৱ দলেৰ তথাকথিত উলংগ স্বৰুপটো জনদৃষ্টিত উন্মোচিত কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in