নাট্যকাৰ ৰামকুমাৰ ভট্টাচাৰ্যৰ মৃত্যু…

নাট্যকাৰ ৰামকুমাৰ ভট্টাচাৰ্যৰ মৃত্যু…

ডিজিটেল সংবাদ, নগাওঁ : বিশিষ্ট নাট্যকাৰ ৰামকুমাৰ ভট্টাচাৰ্যৰ শনিবাৰে পুৱা মৃত্যু হয়। নগাঁও চহৰৰ লাওখোৱা পথ নিবাসী ভট্টাচাৰ্যৰ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাতে শনিবাৰে পুৱা প্ৰায় ১১ বজাত মৃত্যু হয়। ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, বিশিষ্ট নাট্যকাৰ, অভিনেতা ৰামকুমাৰ ভট্টাচাৰ্যৰ মৃত্যুত নগাঁৱত শোকৰ ছাঁ পৰিছে। তেওঁ নাগৰডোলা, কৰ্ণ, শেলুৱৈৰ পিছলমন আদি কেইবাখনো নাটক ৰচনা কৰিছিল৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in