'ৰথ যাত্ৰা' চাই থাকোতেই খহি পৰিল ছাদ, এজনৰ মৃত্যু আহত কেইবাজনো...

'ৰথ যাত্ৰা' চাই থাকোতেই খহি পৰিল ছাদ, এজনৰ মৃত্যু আহত কেইবাজনো...

ডিজিটেল ডেস্কঃ মঙলবাৰে আহমেদাবাদৰ দৰিয়াপুৰ এলেকাত জগন্নাথ ৰথ যাত্ৰাৰ সময়ত এক অঘটন সংঘটিত হয়। ৰথ যাত্ৰাৰ সময়ত এটা জৰাজীৰ্ণ ঘৰৰ বাৰান্দা খহি পৰাৰ ফলত এজন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত হয়।

আহত প্ৰায় ১৫ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আনহাতে চিকিৎসাৰ সময়ত মেহুল পাঞ্চাল নামৰ এজন ৩৬ বছৰীয়া ব্যক্তি গৰাকীৰ মৃত্যু হয়।এই ঘটনাৰ পাছতেই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

জানিব পৰা মতে একাংশই এটা অট্টালিকাৰ বেলকনিত থিয় হৈ ৰথ যাত্ৰা চাই আছিল। সেই সময়তে তৃতীয় মহলাৰ ছাহ খহি তেওঁলোকৰ ওপৰত পৰে। যাৰ ফলত সেই ঠাইত থকা শিশু, মহিলাকে ধৰি অন্যান্য লোকসকল অট্টালিকাটোৰ তলত পৰি যায়।আৰু তেওঁলোকৰ ওপৰত ঘৰটোৰ ছাদৰ ভগ্নাৱশেষ পৰে।

উল্লেখ্য় যে, ২০ জুনৰ পৰা আৰম্ভ হৈছে ৰথ যাত্ৰা। ভগৱান জগন্নাথৰ প্ৰতি শ্ৰদ্ধা, ভক্তি নিবেদন কৰি প্ৰতিবছৰে এই ৰথ যাত্ৰা উলিওৱা হয়। যাত্ৰাৰ সময়ত দেশৰ বিভিন্ন প্ৰান্তৰ ভক্ত সকলে মন্দিৰসমূহ পৰিভ্ৰমণ কৰে। আহমেদাবাদত অনুষ্ঠিত ৰথ যাত্ৰা পুৰী জগন্নাথ ৰথ যাত্ৰাৰ পাছতে দেশৰ দ্বিতীয় সৰ্ববৃহৎ ৰথ যাত্ৰা বুলি কোৱা হয়।

'ৰথ যাত্ৰা' চাই থাকোতেই খহি পৰিল ছাদ, এজনৰ মৃত্যু আহত কেইবাজনো...
ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ ছাত্ৰীৰ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in