/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/3a1cabdd-fc41-4fd3-8e58-ebf29597ffa4/agranii.jpg)
agrani khabar
ডিজিটেল সংবাদ, গুৱাহাটী: বাল্য বিবাহ ৰোধৰ বাবে ৰাজ্য চৰকাৰে শেহতীয়াকৈ কিছু পদক্ষেপ হাতত লোৱাৰ পৰিলক্ষিত হৈছে। বাল্য বিবাহৰ ক্ষেত্ৰত পূৰ্বৰ নিষেধাজ্ঞাক আৰু অলপ কঠোৰ কৰি নিজাকৈ পদক্ষেপ হাতত লৈছে শাসকীয় চৰকাৰে। পিছে বাল্য বিবাহৰ নামত চলোৱা অত্যাচাৰ কিমান যুক্তি সংগত, এই লৈ প্ৰশ্ন উত্থাপন হৈছে সচেতন মহলৰ মাজত।
আৰু এই প্ৰসংগ উত্থাপন কৰিয়ে 'সুস্থ সমাজ বিকাশ চক্ৰ'ৰ উদ্যোগত ১৬ বিশিষ্ট জন নাগৰিকে 'ৰাষ্ট্ৰীয় মহিলা আয়োগ'লৈ এক পত্ৰ প্ৰেৰণ কৰে। অসমত বাল্য বিবাহৰ নামত চলা অত্যাচাৰৰ বাবেই এই পদক্ষেপ চক্ৰটোৰ।
উল্লেখ্য যে, স্বাক্ষৰ্কাৰী সকলৰ ভিতৰত আছে ড° হীৰেন গোহাঁই, সুস্থ সমাজৰ সভাপতি ড° অপূৰ্ব কুমাৰ বৰুৱা, উপ-সভাপতি ড° মনোৰমা শৰ্মা, কাৰ্যবাহী সদস্য ড° ইন্দ্ৰানী দত্ত, মাইনী মহন্ত, ৰবীন দত্ত, সীতাৰাম লহকৰ, দেবেন তামুলী, ড° জয়শ্ৰী বৰা, নাজিব আহমেদ, মহেশ ডেকা আদিয়ে।
চক্ৰটোয়ে অসহায় নাগৰিক বিশেষকৈ মহিলাৰ উপৰত চলোৱা অকথ্য অত্যাচাৰ বন্ধ কৰাৰ বাবে অসম চৰকাৰক নিৰ্দেশ দিবলৈ আয়োগক এনুৰোধ জনায়। সুস্থ সমাজ বিকাশ চক্ৰই ই-মেইল তথা ডাক যোগে প্ৰেৰণ কৰে এই পত্ৰ। চক্ৰটোয়ে আয়োগক জনায় যে, কোনো প্ৰস্তুতি নোহোৱাকৈ চৰকাৰে চলোৱা এই নিৰ্যাতনত সাধাৰণ শ্ৰেণাৰ ৰাইজে জীয়াতু ভূগিব লগীয়া হৈছে। বিশেষ কৈ বহু বছৰ ধৰি সুকলমে চলি থকা সংসাৰত চৰকাৰৰ এই নিৰ্যাতনৰ বলি হৈছে মাতৃ আৰু শিশু।
চৰকাৰে গ্ৰাম্যঞ্চলত কোনো সজাগতা মূলক কাৰ্যসূচী হাতত লোৱাৰ বিপৰীতে হঠাৎ পঞ্চয়তৰ সম্পাদক সকলক চাইল্ড মেৰেজ প্ৰহিবিছন অফিচাৰ বনাই চলোৱা অভিযানৰ বাবে সাধাৰণ মানুহৰ জীৱনলৈ বিপৰ্যয় মাতি অনাৰ কথা বিষদ ভাৱে উল্লেক কৰে।
উল্লেখ্য যে, সুস্থ সমাজ বিকাশ চক্ৰই এই অভিযানৰ লগত জড়িত মানৱ অধিকাৰ ভংগৰ প্ৰশ্নটোকো মানৱ অধিকাৰ আয়োগলৈ আৱেদন কৰাৰ সিদ্ধান্ত লয়।
Also Read: তামিল ছবিৰ ৰিমেক লৈ আহি আছে অক্ষয় কুমাৰ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us