/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/601dc24d-a89f-436f-80bd-c4fc7f7a6be9/1.jpg)
ডিজিটেল ডেস্কঃ ইণ্ডিয়ান ক’ষ্ট গাৰ্ডৰ জাহাজ অৰিঞ্জয়ে মঙলবাৰে ১৩জন সদস্যসহ আৰৱ সাগৰত এখন পাকিস্তানী মাছ মৰা নাও জব্দ কৰে। পাকিস্তানী নাওখনৰ নাম নাজ-ৰে-কৰমক বুলি জানিব পৰা গৈছে।
ইণ্ডিয়ান ক’ষ্ট গাৰ্ডে এক প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিয়া মতে, অৰিঞ্জয়ে আৰৱ সাগৰত পেট্ৰলিং কৰি থকাৰ সময়ত মঙলবাৰে আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সীমাৰেখাৰ ওচৰত ভাৰতীয় জলসীমাৰ ভিতৰত প্ৰায় ১৫ কিলোমিটাৰ দূৰত্বত এখন পাকিস্তানী মাছ ধৰা নাও দেখিছিল।
In a swift #operation, @IndiaCoastGuard Ship Arinjay apprehended #Pakistani boat Naz-Re-Karam with 13 crew on 21 #November 2023
⛴️ was found #fishing near IMBL in #Indian waters#Pakistani ⛴️ brought to Okha for thorough rummaging & Joint #investigation@giridhararamanepic.twitter.com/7rm3AXVTpl— PRO Defence Gujarat (@DefencePRO_Guj) November 22, 2023
তাৰ পাছত অৰিঞ্জয়ে নাওখনৰ দিশে আগবাঢ়ি যোৱাত নাওখনে পাকিস্তানৰ অভিমুখে পলায়ন কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু ইণ্ডিয়ান ক’ষ্ট গাৰ্ডৰ জাহাজখনে নাওখনক বাধা দি ভাৰতৰ জলসীমাত ৰখাই দিয়ে। প্ৰেছ বিজ্ঞপ্তি অনুসৰি, পাকিস্তানী মাছ ধৰা নাওখন ১৯ নৱেম্বৰত কৰাচীৰ পৰা ভাৰতৰ দিশলৈ ৰাওনা হৈছিল। উল্লেখ্য যে, বৰ্তমান নাওখনক অখা বন্দৰলৈ আনি জেৰা কৰি থকা হৈছে।
Also Read: কৰ দি মৰ !
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us