চপাইত ৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপন, শিল্পী প্ৰতিমা মণ্ডলৰ স্বামী বিবেকানন্দৰ বাণী সম্বলিত গ্ৰন্থ উন্মোচন

চপাইত ৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপন, শিল্পী প্ৰতিমা মণ্ডলৰ স্বামী বিবেকানন্দৰ বাণী সম্বলিত গ্ৰন্থ উন্মোচন

ডিজিটেল সংবাদ, মঙলদৈঃ বিবেকানন্দ কেন্দ্ৰ কন্যাকুমাৰী, মঙলদৈ শাখাৰ উদ্যোগত আৰু খনিকৰ শিল্পী সমাজৰ সহযোগত দেওবাৰে চপাই যুৱ কল্যাণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে স্বামী বিবেকানন্দৰ ১৫৭ সংখ্যক জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি 'ৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপন কৰা হয়। এই উপলক্ষে দিনৰ ১১ বজাত বিবেকানন্দ কেন্দ্ৰৰ মঙলদৈ শাখাৰ সহকাৰী ব্যৱস্থাপক প্ৰমোদ চন্দ্ৰ ডেকাই বন্তি প্ৰজ্বলন আৰু গধিয়াপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক লক্ষীকান্ত ডেকাই স্বামী বিবেকানন্দৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে।

ইয়াৰ পিছতে দাদুল দাস, সংযুক্তা মেধি, হিমাংশু ডেকা, গৌৰৱজ্যোতি হাজৰিকা, বিবেকানন্দ নাথ, গৌৰী শৰ্মা, পূৰ্ণানন্দ ডেকা, দেৱজিৎ ডেকাৰ পৰিচালনাত ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। চিত্ৰাংকণ প্ৰতিযোগিতাৰ 'ক' শাখাত অপৰাজিতা দত্তই প্ৰথম, ভ্ৰমৰ কৃষ্ণ চহৰীয়াই দ্বিতীয়, বিবেক বেদী শৰ্মা আৰু নেইনা চক্ৰবৰ্ত্তীয়ে যুটীয়াভাৱে তৃতীয় স্থান; 'খ' শাখাত অৰ্পিতা সাহাই প্ৰথম, বনশ্ৰী নাথে দ্বিতীয়, ঋষিক দাস আৰু নিপান চহৰীয়াই যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰে। বৌদ্ধিক খেলত নৃপাংক ডেকাই প্ৰথম, ডলিপ্ৰিয়া নাথে দ্বিতীয় আৰু বনশ্ৰী নাথে তৃতীয় স্থান লাভ কৰে।

দিনৰ এক বজাত বিবেকানন্দ কেন্দ্ৰৰ মঙলদৈ শাখাৰ নগৰ প্ৰমূখ প্ৰফুল্ল দেৱ শৰ্মাৰ পৰিচালনাত হোৱা মুকলি সভাত তিনি ওমকাৰ আৰু দেশপ্ৰেমমূলক গীত পৰিবেশন কৰে দাদুল দাসে। আনহাতে স্বদেশ মন্ত্ৰ পাঠ কৰে মঙলদৈ মহাবিদ্যালয়ৰ ছাত্ৰী সংযুক্তা মেধিয়ে। সভাত দৰং জিলা কবি সন্মিলনৰ সভাপতি হৰেন্দ্ৰ ৰাজবংশীয়ে সুকণ্ঠী গায়িকা, লেখিকা প্ৰতিমা মণ্ডলৰ ৰচিত 'স্বামী বিবেকানন্দৰ মহৎ বাণী' শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে।

উন্মোচনী ভাষণত তেওঁ কয়, একো একোটা মহৎ বাণীয়ে মানুহৰ জীৱন ধাৰণৰ পদ্ধতি, চৰিত্ৰ সলনি কৰি দিব পাৰে। স্বামী বিবেকানন্দৰ বাণীবোৰে ছাত্ৰ ছাত্ৰীক উদ্বুদ্ধ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। এই সভাত সদৌ দৰং জিলা কোচ ৰাজবংশী সন্মিলনীৰ নৱ নিৰ্বাচিত সভাপতি অন্তিৰাম ডেকা, বিবেকানন্দ কেন্দ্ৰৰ মঙলদৈ শাখাৰ ব্যৱস্থাপক ৰতন ঘোষ, শিক্ষক লক্ষীকান্ত ডেকা, চপাই যুৱ কল্যাণ কেন্দ্ৰৰ উপদেষ্টা ইবিনাথ ৰাভা, গায়িকা প্ৰতিমা মণ্ডলে চমু ভাষণ প্ৰদান কৰে। সভাত বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ী সকলক বঁটা প্ৰদান কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in