ৰাষ্ট্ৰীয় যোগাসনলৈ অসম দল ঘোষণা…

ৰাষ্ট্ৰীয় যোগাসনলৈ অসম দল ঘোষণা…

ডিজিটেল সংবাদ মঙলদৈঃ কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ৰ দ্বাৰা অনুমোদিত ৰাষ্ট্ৰীয় যোগাসন ক্রীড়া মহাসংঘৰ সৌজন্যত যোগাসন ক্রীড়া সন্থা, গুজৰাটৰ আতিথ্যত অহা ১৬ৰ পৰা ১৯ ডিচেম্বৰলৈ আহমেদাবাদত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় ৰাষ্ট্ৰীয় যোগাসন প্রতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া অসম দলটো ঘোষণা কৰা হৈছে বুলি যোগাসন স্পৰ্টছ এচছিয়েশ্বন, অসমৰ সভাপতি ড০ হিৰেণ সৰকাৰ, সম্পাদক তথা ৰাষ্ট্ৰীয় যোগাসন ক্রীড়া মহাসংঘৰ যুটীয়া সম্পাদক নলীন নাথে জানিবলৈ দিয়ে।

প্রতিযোগিতাখনত অংশগ্রহণ কৰিবলগীয়া অসম দলৰ নিৰ্বাচিত খেলুৱৈসকল হ'ল- ছাব-জুনিয়ৰ ছোৱালীৰ শাখাত ট্রেডিশ্যনেল যোগাসনত-ধৃতিস্মিতা তালুকদাৰ, পৰিধি ৰজক, ডিম্পল কলিতা। আর্টিষ্টিক গেয়াৰত ৰাণী সোনোৱাল আৰু ৰিংকু শ‍ইকীয়া। ৰাইথমিক পেয়াৰত-চিম্পী গগৈ আৰু ধৃতিস্মিতা তালুকদাৰ। জুনিয়ৰ শাখাত স্নেহ শিখা দাস, প্রণিক্ষী বর্মন, ইটভি তহবিলদাৰ। আর্টিষ্টিক পেয়াৰত-স্নেহশিখা দাস আৰু ইটিভি বর্মন। ৰাইথমিক পেয়াৰত দীপশিখা গগৈ, স্বপ্নালী দত্ত।

ছিনিয়ৰ শাখাত- যুক্তা বৰা, বনশ্ৰীৰা মেকহাং, মিতালী শৰ্মা, গৌতম গগৈ। ছাব-জুনিয়ৰ ল'ৰাৰ শাখাত হৰজিৎ সিং, মৃগেশ ঠাকুৰীয়া, হৰ্ষিত কোঁৱৰ বৰা, ধ্ৰুৱজ্যোতি কলিতা, ত্রিদিপ কুমাৰ বর্মন, ঋষভনাথ আৰু হীৰকজ্যোতি দত্ত। জুনিয়ৰ ল'ৰাৰ শাখাত- সুমিত দে', ৰূপজ্যোতি ডেকা, জ্ঞানদীপ শ‍ইকীয়া, অনল কাশ্যপ দত্ত, জ্ঞানদীপ বৰা, বিক্রম ৰাংহাং। ছিনিয়ৰ ল'ৰাৰ শাখাত- শুভাশিস কাল, গৌতম মিশ্র, শান্তিৰাম পৰাগ, পৱন বুঢ়াগোহাঁই, গৌতম মিশ্র। দলৰ মেনেজাৰ শশাংক শৰ্মাৰ নেতৃত্বত যাবলগীয়া দলটোৰ লগতে অসমৰ পৰা ২০ গৰাকী বিচাৰক আমন্ত্ৰিত হৈছে। উত্তৰ-পূব ভাৰত যোগাসন ক্রীড়া মহাসংঘৰ সচিব, অসমৰ ধীৰেন শৰ্মা উক্ত প্রতিযোগিতালৈ বিশিষ্ট অতিথিৰূপে আমন্ত্রিত হৈছে। যোগাসন স্প'ৰ্টছ এচ'ছিয়েশ্বনৰ সভাপতি ড° হীৰেন চৰকাৰ আৰু মুখ্য উপদেষ্টা ড° শান্তনু ৰয় চৌধুৰীয়ে প্রতিযোগিসকললৈ শুভেচ্ছা জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in