বিশ্ব অজ’ন দিৱসৰ উপলক্ষে ‘জলবায়ু সংকট মোকাবিলা কৰাৰ বাবে জন সচেতনতা’ শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱেবিনাৰ সম্পন্ন

বিশ্ব অজ’ন দিৱসৰ উপলক্ষে ‘জলবায়ু সংকট মোকাবিলা কৰাৰ বাবে জন সচেতনতা’ শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱেবিনাৰ সম্পন্ন

ডিজিটেল ডেস্কঃ উত্তৰ-পূব ভাৰতৰ অগ্ৰণী জলবায়ু আৰু পৰিৱেশ সংস্থা "চেন্টাৰ ফৰ এনভাইৰণমেণ্ট এণ্ড ক্লাইমেট একচন ফাউন্ডেছনৰ উদ্যেগত সম্পন্ন হৈ যায় "জলবায়ু সংকট মোকাবিলা কৰাৰ বাবে জন-সচেতনতা" শীৰ্ষক এখনি মনোগ্ৰাহী আৰু সময়োপযোগী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱেবিনাৰ। এই বিষয়ে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে প্ৰকাশ কৰিছে সংস্থাটোৱে।

সংস্থাটোৱে প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰিছে, অলপতে বিশ্বৰ বিভিন্ন দেশৰ জলবায়ু-বিজ্ঞানীসকলে একত্ৰিতভাৱে "জলবায়ু সংকট" ঘোষণা কৰাৰ পিছত অনাগত দিনবোৰত আমাৰ পৃথিৱীখনে সন্মুখীন হ'ব পৰা ভয়াৱহ সংকটসমূহ সম্পৰ্কে সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ মাজত সজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে উত্তৰ-পূব ভাৰতৰ অগ্ৰণী জলবায়ু আৰু পৰিৱেশ সংস্থা "চেন্টাৰ ফৰ এনভাইৰণমেণ্ট এণ্ড ক্লাইমেট একচন ফাউন্ডেছন (CECAF)"-ৰ উদ্যোগত "ক্লাইমেট ডায়ালগ ছিৰিজ" শীৰ্ষক এলানি অনলাইন আৰু অফলাইন কাৰ্যসূচী হাতত লোৱা হৈছে।

সেই প্ৰচেষ্টাৰে প্ৰথমটো কাৰ্যসূচী হিচাপে যোৱা ১৬ ছেপ্টেম্বৰ তাৰিখে "বিশ্ব অজ'ন দিৱস" উপলক্ষে "জলবায়ু সংকট মোকাবিলা কৰাৰ বাবে জন-সচেতনতা" শীৰ্ষক এখনি মনোগ্ৰাহী আৰু সময়োপযোগী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱেবিনাৰ অনুষ্ঠিত হৈ যায় ।

মহাৰাষ্ট্ৰ চৰকাৰৰ পূৰ্বৰ প্ৰধান মুখ্য বন-সংৰক্ষক আৰু ভাৰতীয় বন সেৱাৰ স্বনামধন্য বিষয়া ড°অৰবিন্দ কুমাৰ ঝাৰ সঞ্চালনাত অনুষ্ঠিত ৱেবিনাৰখনত মুখ্য বক্তা হিচাপে ভাগ লৈ বেলজিয়ামৰ ল্যুভেনস্থিত বিখ্যাত কেথলিক বিশ্ববিদ্যালয়ত 'মেৰী স্ক্লড'স্কা কুৰী পষ্টডক্টৰেল ফেলো' হিচাপে কৰ্মৰত পৰিৱেশ-বিজ্ঞানী আৰু সুলেখিকা ড°অন্বেষা বৰঠাকুৰে অনাগত দিনবোৰত জলবায়ু-পৰিৱৰ্তন আৰু পৰিৱেশ-ধ্বংসৰ ফলস্বৰূপে পৃথিৱীবাসীয়ে সন্মুখীন হ'বলগীয়া বিপৰ্যয়সমূহৰ বিষয়ে বিস্তৃতভাৱে ব্যাখ্যা কৰাৰ লগতে এনেবোৰ বিপৰ্যয়ৰপৰা ৰক্ষা পাবলৈ ল'বলগীয়া ব্যৱস্থাসমূহ সম্পৰ্কেও এক বিশদ আলোচনা আগবঢ়ায় ।

ৱেবিনাৰখনত সঞ্চালকৰ আসন শুৱনি কৰা ড°অৰবিন্দ কুমাৰ ঝা-দেৱে এক মনোগ্ৰাহী ভাষণ প্ৰদান কৰাৰ পু্ৰ্বে অনুষ্ঠিত এক প্ৰশ্নোত্তৰ শিতানত ভাগ লৈ কেইবাগৰাকী শ্ৰোতাই বহুকেইটা গুৰুত্ত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে । গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ গৱেষিকা ছাত্ৰী চিন্ময়ী বৰপূজাৰীয়ে আঁত ধৰা আৰু "চেন্টাৰ ফৰ এনভাইৰণমেণ্ট এণ্ড ক্লাইমেট একচন ফাউন্ডেছন"-ৰ সঞ্চালক ড°কমল কুমাৰ তাঁতী আৰু প্ৰকল্প সমন্বয়ক স্নেহাংকৰ চক্ৰৱৰ্তীয়ে পৰিচালনা কৰা অনুষ্ঠানটোত দেশৰ বিভিন্ন অনুষ্ঠানৰ বিজ্ঞানী-গৱেষক, অধ্যাপক-অধ্যাপিকা, শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীৰ লগতে সমাজৰ বিভিন্ন অংশৰ লোকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।

ৱেবিনাৰখন সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত সহায়-সহযোগিতা আগবঢ়োৱা সংশ্লিষ্ট সকলো পক্ষলৈ ধন্যবাদ জ্ঞাপন কৰি সংস্থাটোৰ পৰিচালন সঞ্চালক ড°এডমণ্ড এন্দ্ৰোৱে "ক্লাইমেট ডায়ালগ ছিৰিজ"ৰ অন্তৰ্গত পৰৱৰ্তী অনুষ্ঠানসমূহতো আগ্ৰহী লোকসকলৰ সক্ৰিয় অংশগ্ৰহণ কামনা কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in