শেহতীয়া খবৰ
মহানগৰীত মৰফিনসহ এজনক আটক...  •  ইউক্ৰেইনৰ জনবহুল এলেকাত ৰাছিয়াৰ মিছাইল আক্ৰমণঃ নিহত ১০, ৪০ ৰো অধিক আহত...  •  বাণিজ্যত চতুৰ্থ আৰু ষষ্ঠ স্থানেৰে উজলিল গোৱালপাৰাৰ প্ৰিয়াক্ষী ঘোষ আৰু মৃণাল ৰয়...  •  কৃতি শিক্ষক মাধুৰ্য বৰাৰ মৃত্যুত নগাঁৱত শোকৰ ছাঁ...  •  ৰাজধানীৰ 'কেৱ' চালকৰ কন্যা অৰ্পিতাৰ সাফল্য...  •  CPI(M)ৰ প্ৰতিবাদঃ ধনশিৰি মহকুমাধিপতিৰ যোগদি মুখ্যমন্ত্ৰীলৈ ৯ দফীয়া স্মাৰক পত্ৰ প্ৰেৰণ...  •  নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত UPSC,APSC, IFS ৰ সন্দৰ্ভত কৰ্মশালা...  •  উচ্চতৰ মাধ্যমিকত নগাঁৱত তিনিটা শাখাত উত্তীৰ্ণৰ হাৰ গড়ে ৮৮.১১শতাংশ...  •  গহপুৰ শংকৰদেৱ শিক্ষা নিকেটনৰ সাফল্যঃ প্ৰথমটো বেটছৰ ১০০ শতাংশই উত্তীৰ্ণ, ৩৯ গৰাকীয়ে পালে ষ্টাৰ নম্বৰ...  •  গহপুৰ শংকৰদেৱ শিক্ষা নিকেটনৰ সাফল্যঃ প্ৰথমটো বেটছৰ ১০০ শতাংশই উত্তীৰ্ণ, ৩৯ গৰাকীয়ে পালে ষ্টাৰ নম্বৰ...

ভাল খবৰঃ একে সময়তে দুটা পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰিব শিক্ষাৰ্থীয়ে…

ডিজিটেল ডেস্কঃ বিশ্ববিদ্যালয় অনুদান আয়োগ চমুকৈ ইউ জি চিৰ এক নতুন নীতিয়ে দেশজুৰি ব্যাপক চৰ্চা লাভ কৰাৰ লগতে আশাৰ খবৰ কঢ়িয়াই আনিছে। এই নতুন নীতি অনুসৰি এতিয়াৰে শিক্ষাৰ্থীসকলে স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত দুটা বিষয়ত একে সময়তে পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰিব। মঙ্গলবাৰে এই সম্পৰ্কে ঘোষণা কৰিছে ইউ জি চিৰ মূৰব্বী এম জগদীশ কুমাৰে।

আগন্তুক সপ্তাহত এই নতুন নীতিৰ বিষয়ে সবিশেষ প্ৰকাশ কৰিব আয়োগে। এই নীতি বাহাল হোৱাৰ ফলতে একোজন শিক্ষাৰ্থীয়ে একে সময়তে দুটা পাঠ্যক্ৰম গ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব। ইউ জি চিৰ মূৰব্বীগৰাকীয়ে উল্লেখ কৰা অনুসৰি শিক্ষাৰ্থীসকলে এটা শ্ৰেণীকোঠাৰ পাঠ্যক্ৰম আৰু এটা অনলাইন পাঠ্যক্ৰম গ্ৰহণ কৰিলে উপকৃত হ’ব।

উল্লেখ্য যে এই নতুন নীতি সকলো মহাবিদ্যাল.য় বিশ্ববিদ্যালয়ৰ বাবে বাধ্যতামূলক নহয়। নিজৰ সুবিধামতে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ে এই নতুন নীতি কাৰ্যকৰী কৰিব পাৰিব।