সমস্যা সমাধানৰ দাবীত দিল্লীত ৰাষ্ট্ৰীয় ক্ষুদ্ৰ সঞ্চয় অভিকর্তা সংঘৰ তৎপৰতা…

সমস্যা সমাধানৰ দাবীত দিল্লীত ৰাষ্ট্ৰীয় ক্ষুদ্ৰ সঞ্চয় অভিকর্তা সংঘৰ তৎপৰতা…

ডিজিটেল সংবাদ, ধুবুৰীঃ কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ ডাক ঘৰ সমূহত কর্মৰত ৫ লাখৰ অধিক ক্ষুদ্ৰ সঞ্চয়ৰ অভিকর্তা সকলৰ বিভিন্ন সমস্যা আৰু ইয়াৰ সমাধানৰ বাবে নতুন দিল্লীত ৰাষ্ট্রীয় ক্ষুদ্ৰ সঞ্চয় অভিকর্তা সংঘই ব্যাপক তৎপৰতা আৰম্ভ কৰিছে। ইয়াৰ অংশ হিচাপে যোৱা বুধবাৰে নতুন দিল্লীৰ কন্সটিটিউছন ক্লাৱত দিনৰ ১১ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ৰাষ্ট্ৰীয় ক্ষুদ্ৰ সঞ্চয় অভিকর্তা সংঘৰ দ্বাৰা এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।

উক্ত সভাত ভাৰতৰ সকলো ৰাজ্যৰ পৰা অভিকর্তা সকলে অংশগ্রহণ কৰে। অভিকর্তা সকলৰ সমস্যা সমূহ সাংসদ সকলৰ জৰিয়তে সংসদত উত্থাপন কৰি প্ৰধান মন্ত্ৰী আৰু বিত্ত মন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰি ইয়াৰ সমাধানৰ উদ্দেশ্যে সকলো সাংসদক আমন্ত্ৰণ জনোৱা হৈছিল । কিন্তু সংসদৰ শীতকালীন অধিবেশন চলি থকা বাবে অভিকর্তা সকলৰ উক্ত সভাত পাঁচ জন সাংসদ উপস্থিত হৈ অভিকর্তা সকলৰ দাবী সমূহ সংসদত উত্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

অভিকর্তা সংঘৰ সভাপতি পৃথিৱীশ ভট্টাচাৰ্যীয়ে সভাপতিত্ব কৰা অনুষ্ঠানটিত উপদেষ্টা প্ৰভাকৰ কুলকার্নী, সম্পাদকদ্বয় মনোজ কুমাৰ মিশ্ৰ, অজিত দেশপাণ্ডে, জহিৰুল ইছলাম আৰু অন্যান্য বক্তা সকলে নিজৰ ভাষণত অভিকর্তা সকলৰ সমস্যা সমূহ দাঙি ধৰে।

বৃহস্পতিবাৰ আৰু শুকুৰবাৰে অভিকর্তা সকলে সৰু সৰু গোটত বিভক্ত হৈ নিজ নিজ সমষ্টিৰ সাংসদৰ লগতে লোকসভাৰ অধ্যক্ষ ওম বিৰলা, সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ভি মুৰলীধৰন, ক্ষুদ্ৰ সঞ্চয়ৰ সঞ্চালক এ কে চৌহান, ডাক বিভাগৰ বেংকিং শাখাৰ সদস্য অশোক পাল সিং, বিত্ত মন্ত্ৰালয়ৰ পৰামর্শ দাতা কমিটিৰ, সদস্য তথা সাংসদ সুধীৰ গুপ্তাৰ লগতে অসমৰ সাংসদ ক্ৰমে আব্দুল খালেক, তপন কুমাৰ গগৈ, বিশ্বজিৎ দৈমাৰীক সাক্ষাৎ কৰি তেওঁলোকৰ সমস্যা সমূহ অৱগত কৰায়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in