ৰাষ্ট্ৰীয় কিক বক্সিং প্ৰতিযোগিতাত ৪ টা স্বৰ্ণসহ অসমৰ ১২ টা পদক…

ৰাষ্ট্ৰীয় কিক বক্সিং প্ৰতিযোগিতাত ৪ টা স্বৰ্ণসহ অসমৰ ১২ টা পদক…

ডিজিটেল ডেস্কঃ যোৱা ২৭ আগষ্টৰ পৰা ২৯ আগষ্টলৈ গোৱাত অনুষ্ঠিত ৱাকো ইণ্ডিয়া ৰাষ্ট্রীয় ছিনিয়ৰ কিক্ বক্সিং প্ৰতিযোগিতাত অসম দলে বিশেষ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে।প্ৰতিযোগিতাখনত অসম দলটোৱে ৪ টা সোণ, ৫ টা ৰূপ, ৩ টা ব্ৰঞ্জসহ মুঠ ১২টা পদক অৰ্জন কৰিবলৈ সক্ষম হয়।

অসমৰ হৈ মিন্টু কলিতা , অভিজিত ৰামচিয়াৰী , পুজা কুমাৰী গগৈ , লক্ষীমাই গগৈয়ে সোণৰ পদক অৰ্জন কৰাৰ লগতে ৰুদ্ৰা চোধুৰী, ৰঞ্জিত বৰুৱা , কমলা শৰ্মা , নিলাক্ষী শইকীয়া , কৰীণা পাটোৱাৰীয়ে ৰূপৰ পদক আৰু ৰাজশ্ৰী দেৱ , সবিতা চেতীয়া , আৰছাদ আলীয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।

দেশৰ ৩১ খন ৰাজ্যই অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত অসমে উত্তৰ পূৰ্বাঞ্চলৰ শ্ৰেষ্ঠ ৰাজ্যৰ সন্মান লাভ কৰে। প্ৰতিযোগিতাত পদক অৰ্জন কৰা খেলুৱৈ সকলে থাইলেণ্ডত হ'বলগীয়া এছিয়ান ইণ্ডৰ গেমছলৈ যোগ্যতা অৰ্জন কৰে।অসমৰ হৈ ৱাকো ইণ্ডিয়া অসমৰ সভাপতি হিৰণ্য বৰুৱাই উত্তৰ-পূৰ্বাঞ্চলৰ শ্ৰেষ্ঠ কিক বক্সিঙ দলৰ বঁটা গ্ৰহণ কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in