ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ অসমৰ পদক ৪ টালৈ বৃদ্ধি…

ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ অসমৰ পদক ৪ টালৈ বৃদ্ধি…

ডিজিটেল ডেস্ক : অসম এথলেটিকছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ সৰুসজাই ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুস্থিত ৩৬ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতাৰ তৃতীয় দিনা ৪ টালৈ বৃদ্ধি পালে অসমৰ পদক। তৃতীয় দিনা লৰাৰ ১৮ বছৰ অনুৰ্ধ শাখাত ত্ৰিপল জাম্পত অসমৰ জংচাৰ বসুমতাৰীয়ে ১৫ মিটাৰ জপিয়াই শ্ৰেষ্ঠত্ব প্ৰদৰ্শনেৰে ৰূপৰ পদক দখল কৰে।

কোকৰাঝাৰৰ অতি ভিতৰুৱা গাও বাংগলদবাৰ পৰা ওলাই অহা ৰবীত বসুমতাৰীৰ সন্তান জংচাৰে কোকৰাঝাৰ ছাইৰ তত্বাৱধানত প্ৰশিক্ষনৰত ছাত্ৰ। মাত্ৰ ৩ চেন্টিমিটাৰ ব্যৱধানৰ বাবে জংচাৰে বঞ্চিত হয় সোণৰ পদক লাভৰ পৰা। খেলুৱৈগৰাকীৰ এই সাফল্যক ধন্যবাদ জনাইছে অসমবাসীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in