ভাৰতৰ স্বাস্থ্য খণ্ডৰ পয়ালগা ৰূপ, সাধাৰণ শ্ৰেণীয়ে উপাৰ্জনৰ ১০শতাংশ ব্যয় কৰে চিকিৎসাৰ নামত

ভাৰতৰ স্বাস্থ্য খণ্ডৰ পয়ালগা ৰূপ, সাধাৰণ শ্ৰেণীয়ে উপাৰ্জনৰ ১০শতাংশ ব্যয় কৰে চিকিৎসাৰ নামত

ডিজিটেল ডেস্কঃ যি সময়ত দেশৰ জনসাধাৰণৰ স্বাস্থ্য সেৱাৰ নামত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে প্ৰতি বছৰে ৰাজকোষৰ পৰা হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰি আহিছে সেই সময়তে বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা এক প্ৰতিবেদনে দেশবাসীক স্তম্ভিত কৰি তুলিছে৷ প্ৰতিবেদনখনত প্ৰকাশ পোৱা মতে, ভাৰতৰ দৰিদ্ৰ শ্ৰেণীৰ সৰ্বসাধাৰণ লোকেও উপাৰ্জনৰ ১০ শতাংশ ধন সাধাৰণ ৰোগ-ব্যাধিৰ নিৰাময়ৰ বাবে এতিয়াও ব্যয় কৰিবলগা হয়৷ জটিল ৰোগৰ ক্ষেত্ৰত হোৱা ব্যয়ৰ পৰিমাণ ইয়াতকৈ বহু গুণে বেছি৷ অথচ ভাৰত চৰকাৰেই নহয়, ৰাজ্য চৰকাৰ সমূহেও বিভিন্ন জটিল ৰোগৰ বিমামূলীয়া চিকিৎসাৰ বাবে চৰকাৰী অত্যাধুনিক চিকিৎসালয় থকাৰ উপৰি বহু ব্যক্তিগতখণ্ডৰ চিকিৎসালয়ৰ সৈতেও বিনামূলীয়া চিকিৎসা আঁচনিৰ সুবিধা প্ৰদানৰ চুক্তি আছে৷

এনে প্ৰৰিপ্ৰেক্ষিতত স্বাভাৱিকতে প্ৰশ্ন হয়- দৰাচলতে দেশৰ স্বাস্থ্য বিভাগটো, লাখ কোটি টকা ব্যয় কৰা ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, চৰকাৰী চিকিৎসালয়সমূহ আৰু বিভিন্ন আঁচনিৰ নামত ৰাজ ভঁৰালৰ পৰা ব্যয় কৰা বৃহৎ পৰিমাণৰ এই পুঁজি দৰাচলতে কাৰ পকেটলৈ গৈছে? কিয় সৰ্বাসাধাৰণ ৰাইজে এই সুবিধা লাভ কৰা নাই বুলি স্বয়ং বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিবলগা হৈছে৷

আনহাতে এই সমীক্ষাই আন এক কথাও প্ৰকট কৰি তুলিছে৷ সেয়া হৈছে এনে ৰোগ সমূহৰ কাৰণ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ সমীক্ষা মতে ভাৰতৰ অধিকাংশ লোকে অধিক আক্ৰান্ত হোৱা ৰোগটো হৈছে পেটৰ অসুখ৷ আৰু পেটৰ অসুখ হোৱাৰ মূলতঃ দুটা কাৰণ হৈছে ভেজাল খাদ্য আৰু দুষিত পানী৷ অৰ্থাৎ সেই ফালৰ পৰা চাবলৈ গ'লে স্বাস্থ্য আৰু শিক্ষাৰ লগতে বিশুদ্ধ পানী যোগান আৰু খাদ্য যোগানতো ব্যৰ্থ হৈ আহিছে ভাৰত চৰকাৰ৷

বিশ্ব স্বাস্থ্য সংস্থাৰ সমীক্ষা মতে ভাৰতৰ বহু লোক এতিয়াও এনে কিছুমান ৰোগত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাই আহিছে, যিবোৰৰ চিকিৎসা অতি সহজ৷ কিন্তু চৰকাৰী স্বাস্থ্য খণ্ডত তেনে ৰোগৰ চিকিৎসাৰ অভাৱ আৰু আৰ্থিক অসামৰ্থতাৰ বাবেই দেশৰ বহু জনতাই প্ৰাণ হেৰুৱাবলগীয়া হৈ আহিছে৷

ইফালে, স্বাস্থ্য ব্যৱস্থাৰ এনে পয়ালগা স্বৰূপটোৱে সাধাৰণ মানুহৰ জীৱন ধাৰণো দুৰ্বিসহ কৰি তুলিছে৷ ভাৰতত এনে লোকেও বাস কৰে, যি স্বাস্থ্যৰ নামত অধিক ধন খৰছ কৰাৰ বাবেই দৰিদ্ৰতাৰ সন্মুখীন হ'বলগীয়া হয়৷ 'সুস্থ স্বাস্থ্য, সুস্থ মন' নীতিৰ বিপৰীত ছবি এখনহে প্ৰকাশ পাইছে ভাৰতত৷ এই কথাই প্ৰমাণ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাৰ সমীক্ষাই৷

উল্লেখ্য যে, ভাৰতীৰ বিপৰীতে চাবলৈ গ'লে শ্ৰীলংকাৰ নাগৰিকে উপাৰ্জনৰ ২.৯ শতাংশ ধন স্বাস্থ্যৰ বাবে খৰছ কৰে৷ ঠিক তেনেদৰে ব্ৰিটেইনৰ নাগৰিকসকলে উপাৰ্জনৰ ১.৬ শতাংশ, আমেৰিকাৰ নাগৰিকে উপাৰ্জনৰ ৪.৫ শতাংশ ধন ব্যয় কৰে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in