ব্যৱহাৰ নকৰিব প্লাষ্টিকৰ ৰাষ্ট্ৰীয় পতাকা, নাগৰিকক আহ্বান প্ৰশাসনৰ

ব্যৱহাৰ নকৰিব প্লাষ্টিকৰ ৰাষ্ট্ৰীয় পতাকা, নাগৰিকক আহ্বান প্ৰশাসনৰ

ডিজিটেল ডেস্কঃ সন্মুখত  স্বাধীনতা দিৱস। তিনিবৰণীয়া ৰাষ্ট্ৰীয় পতাকাৰ ব্যৱহাৰ বাঢ়ে এই  দিনটোত। নাগৰিসকলে ঘৰৰ লগতে যান-বাহনতো আঁৰি লয় ৰাষ্ট্ৰীয় পতাকা।

কিন্তু এচাম লোকে খাদীৰ সলনি প্লাষ্টিকৰ পতাকা প্ৰস্তুত কৰি বজাৰত এৰি দিয়ে। কম মূল্যত সেই পতাকা ক্ৰয় কৰি বহুতে ব্যৱহাৰ কৰে। যিবোৰ প্ৰস্তুত কৰা হয় প্লাষ্টিকেৰে।

এনে প্লাষ্টিকৰ পতাকাৰ ব্যৱহাৰে ৰাষ্ট্ৰীয় পতাকাক  অবমাননা কৰাৰ লগতে পৰিৱেশৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰে।

সেয়েহে এইবাৰ স্বাধীনতা দিৱসত নাগৰিকক প্লাষ্টিকৰ পতাকা ব্যৱহাৰ নকৰিবলৈ কামৰূপ মেট্ৰ'ৰ প্ৰশাসনে আহ্বান জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in