চন্দ্ৰযান-২ৰ আৰ্বিটাৰে দিলে আন এক সুখবৰ…

চন্দ্ৰযান-২ৰ আৰ্বিটাৰে দিলে আন এক সুখবৰ…

ডিজিটেল ডেস্কঃ শনিবাৰে নিশা লেণ্ডাৰ বিক্ৰমৰ সৈতে সংযোগ বিচ্ছিন্ন হোৱাৰ পাছত দেওবাৰে দিনৰ ভাগত ইছৰ'ৰ কৰ্তৃপক্ষই দেশবাসীক প্ৰদান কৰিছিল এটা ভাল খবৰ। খবৰটো আছিল চন্দ্ৰযান-২ সৈতে সংলগ্ন আৰ্বিটাৰে সন্ধান লাভ কৰিছে সংযোগ বিচ্ছিন্ন হোৱা লেণ্ডাৰৰ সৈতে। এই খবৰৰ লগতে ইছৰ'ৰ অধ্যক্ষ কে শিৱানে ঘোষণা কৰিছিল যে, আগন্তুক ১৪ দিনত লেণ্ডাৰৰ সৈতে সংযোগ স্থাপনৰ বাবে তেওঁলোকে চেষ্টা অব্যাহত ৰাখিব।

লেণ্ডাৰ বিক্ৰমৰ সৈতে সংযোগ বিচ্ছিন্ন হলেও বৰ্তমানেও সুচলভাৱে কাম কৰি আছে চন্দ্ৰযান-২ সৈতে চন্দ্ৰৰ কক্ষপথত থকা আৰ্বিটাৰে। সময়ে সময়ে চন্দ্ৰপৃষ্ঠৰ বিভিন্ন ফটো পৃথিৱীলৈ প্ৰেৰণ কৰি আছে আৰ্বিটাৰে। ইছৰ'ৰ বিজ্ঞানীসকলে মতপোষণ কৰিছে যে, লেণ্ডাৰ বিক্ৰম সংযোগহীন হলেও আৰ্বিটাৰে ইছৰো'য়ে বিছৰা বহু তথ্য তেওঁলোকক প্ৰদান কৰিব।

ইছৰৰ বিজ্ঞানীসকলে লগতে সংবাদমাধ্যমক জানিবলৈ দিছে যে, বিজ্ঞানী সকলে আৰ্বিটাৰৰ এনেদৰে নিয়ন্ত্ৰিত কৰিছে যাতে আৰ্বিটাৰৰ প্ৰয়োজনকৈ অধিক ইন্ধন ৰাহি হয়। এই কাৰ্যত বহুখিনি সফলো হৈছে ইছৰ'ৰ বৈজ্ঞানিক সকল। পূৰ্বতে এই আৰ্বিটাৰৰ সক্ৰিয় হৈ থকাৰ সময় ১ টা বছৰ আছিল যদিও এনে প্ৰক্ৰিয়াৰ ফলত ইয়াৰ সময়কাল বৃদ্ধি পাইছে। কে শিৱানে সংবাদমাধ্যমক জনাইছে যে, বৰ্তমান আৰ্বিটাৰৰ সময়কাল ১ টা বছৰৰ পৰা ৭ বছৰলৈ বৃদ্ধি পাইছে। ইয়াৰ ফলত ভাৰতীয় বৈজ্ঞানিক সকল অধিক লাভৱান হব বুলিও জানিবলৈ দিছে ইছৰৰ অধ্যক্ষ গৰাকীয়ে।

চন্দ্ৰাভিযানৰ এই ভাল খবৰ ইছৰোয়ে প্ৰকাশ কৰিছে যদিও, বৰ্তমান ইছৰৰ সকলো বিজ্ঞানীয়ে কাম কৰি আছে সংযোগহীন হোৱা লেণ্ডাৰৰ সৈতে সংযোগ স্থাপন কৰাতহে। আগন্তুক ১৪ দিনৰ লৈকে আৰ্বিটাৰৰ সহায়ত লেণ্ডাৰ বিক্ৰমৰ সৈতে সংযোগ স্থাপন কৰাৰ চেষ্টা অব্যাহত ৰাখিব ইছৰ'ৰ বৈজ্ঞানিকসকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in