নাথ যোগী ছাত্ৰ সন্থাৰ ক্ষোভ , বিজেপিক বৰ্জনৰ আহ্বান…

নাথ যোগী ছাত্ৰ সন্থাৰ ক্ষোভ , বিজেপিক বৰ্জনৰ আহ্বান…

ডিজিটেল সংবাদ,কোকৰাঝাৰ : অনাগত বিধানসভা নিৰ্বাচনত নাথ যোগী জনগোষ্ঠীৰ পৰা বিজেপিয়ে এগৰাকীও প্ৰাৰ্থী ঘোষণা নকৰাত ক্ষুব্ধ হৈ উঠিছে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থা ।কোকৰাঝাৰ প্ৰেছ ক্লাৱত আয়োজিত হোৱা এক সংবাদমেলত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে বিজেপিৰ বিৰুদ্ধে তীব্ৰ বিষেদগাৰ কৰি নাথ যোগী জনগোষ্ঠীৰ লোকসকলক বিজেপিৰ পৰা ওলাই আহিবলৈ আহ্বান জনোৱাৰ লগতে বিজেপি বৰ্জন কৰিবলৈ আহ্বান জনাইছে ।

বিজেপিৰ নেৰ্তৃবৰ্গক বাৰেপ্ৰতি অনুৰোধ কৰা সত্বেও ব্ৰহ্মপুত্ৰ উপত্যকাৰৰ পৰা এগৰাকীও নাথ যোগী জনগোষ্ঠীৰ লোকক প্ৰাৰ্থীত্ব প্ৰদান নকৰিলে বুলি সংবাদমেলত উল্লেখ কৰি অৰবিন্দ নাথে কয় যে কংগ্ৰেছ , নৱগঠিত ৰাইজৰ দল , অসম জাতীয় পৰিষদে নাথ যোগী জনগোষ্ঠীৰ লোকক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে যদিও বিজেপিয়ে নাথ যোগী জনগোষ্ঠীক চৰম অপমান কৰি এজনকো প্ৰাৰ্থীত্ব প্ৰদান নকৰিলে বুলি উল্লেখ কৰে ।

বিলাসীপাৰা পুৱ , গোৱালপাৰা পুৱ , মৰিগাঁও , বৰছলা , ছিপাঝাৰ , নগাঁও, বঢ়মপুৰ , হোজাই , বঙাইগাঁও , চতিয়া আদি সমষ্টিসমুহত নাথ যোগী জনগোষ্ঠীৰ ভোটাৰে নিৰ্ণায়ক ভূমিকা পালন কৰে আৰু এইবাৰ উক্ত সমষ্টিসমুহৰ লগতে সমগ্ৰ অসমতে বিজেপিক নাইকীয়া কৰিবলৈ নাথ যোগী ৰাইজ তথা সমগ্ৰ অসমৰ ৰাইজৰ প্ৰতি আহ্বান জনাইছে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে ।

বিজেপিক ওফৰাই পেলাবলৈ নাথ যোগী ছাত্ৰ সন্থাৱে ঘৰে ঘৰে বিজেপি বিৰোধী অভিযান আৰম্ভ কৰিব বুলি সদৰি কৰি প্ৰতাৰক বিজেপিয়ে যাতে কোনোপধ্যে চৰকাৰ গঠন কৰিব নোৱাৰে তাৰপ্ৰতি সচেতন হবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে ।


আনহাতে যিসমুহ সমষ্টিত নাথ যোগী জনগোষ্ঠীৰ লোকে প্ৰাৰ্থীত্ব লাভ কৰিছে তেওঁলোকক জিকাই আনিবলৈ নাথ যোগী ছাত্ৰ সন্থাই অহোপুৰষাৰ্থ প্ৰচেষ্ঠা গ্ৰহণ কৰিব বুলি সদৰি কৰিছে । আজিৰ সংবাদমেলত নাথ যোগী ছাত্ৰ সন্থাৰ কোকৰাঝাৰ , বঙাইগাঁও আৰু বিলাসীপাৰা জিলা কমিটিৰ নেৰ্তৃবৰ্গও উপস্থিত থাকে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in