অসম প্ৰাদেশিক যোগী সন্মিলনীৰ ১০২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনঃ স্বাধীনতাৰ ৭৪ বছৰত মাত্ৰ ৭ জনহে নাথ যোগী বিধায়ক…

অসম প্ৰাদেশিক যোগী সন্মিলনীৰ ১০২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনঃ স্বাধীনতাৰ ৭৪ বছৰত মাত্ৰ ৭ জনহে নাথ যোগী বিধায়ক…

ডিজিটেল সংবাদ বেবেজীয়াঃ ১৯১৯ চনৰ ২৫ ডিচেম্বৰত জন্ম হোৱা "অসম প্ৰাদেশিক যোগী সন্মিলনীৰ" ১০২ বছৰীয়া প্ৰতিষ্ঠা দিৱসটি আজি 'নগাঁও জিলা যোগী সন্মিলনীৰ উদ্যোগত দীঘলদৰি আঞ্চলিকৰ সহযোগত আৰুমহিমামণ্ডিত শ্ৰী শ্ৰী বামন গোসাঁই থান পৰিচালনা সমিতিৰ আতিৰ্থ্যত থান প্ৰাঙ্গনত অনুষ্ঠিত হয় । দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসৰ পুৱা যোগ শিবিৰ আৰু স্বচ্ছতাৰে আৰম্ভ হয় ।পুৱা ১০ বজাত জিলা খনৰ ৩০ খন আঞ্চলিকৰ ২২ খনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা দিৱসৰ মূল পতাকা উত্তোলন কৰে জিলা যোগী সন্মিলনীৰ সভাপতি ঘনশ্যাম নাথে ।মূল পতাকাৰ লগতে একেলগে মহিলা সন্মিলনী , নাথ জাতীয় পৰিষদ , নাথ সাহিত্য পৰিষদ আৰু যুৱ সন্মিলনীৰ পতাকাও উত্তোলন কৰা হয় । বৃক্ষ ৰোপন কৰে দীঘলদৰি আঞ্চলিকৰ সভাপতি দিনেশ নাথে । পতাকা উত্তোলনৰ পাছতে মহিলা সন্মিলনীৰ সভানেত্ৰী অঞ্জলী দেৱীৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন সজাগতা সভা । সম্পাদিকা টুটুমনি দেৱীয়ে উদ্দেশ্যে ব্যাখ্যা কৰা সভাখনত যুৱ পৰিষদৰ প্ৰীতি মোহন নাথ , জাতীয় পৰিষদৰ জগদ্বীশ নাথ , সাহিত্য পৰিষদৰ অনিমা শৰ্মা বৰুৱা , নাথ যোগী ছাত্ৰ সন্থাৰ প্ৰশান্ত নাথে নিজ নিজ সংগঠনৰ সাংগঠনিক দিশৰ আলোচনা কৰি সকলোৱে ৰাজনৈতিক ভাৱে সচেতন হৈ একগোট হবলৈ সভাত আহ্বান জনায় । দুপৰীয়া স্হানীয় শিল্পী সুৰেন্দ্ৰ কুমাৰ নাথ আৰু প্ৰতিমা দেৱীৰ পৰিচালনাত মহিলা সকলে পৰিবেশন কৰা এক সমবেত সংগীতেৰে আৰম্ভ হয় প্ৰতিষ্ঠা দিৱসৰ মুকলি সভা । নগাঁও জিলা যোগী সন্মিলনীৰ সভাপতি ঘনশ্যাম নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদেশ্য ব্যাখ্যা কৰে জিলা সম্পাদক পুস্পেন্দ্ৰ নাথে । শ্ৰী শ্ৰী বামন গোসাঁই থান পৰিচালনা সমিতিৰ সম্পাদক ভদ্ৰকান্ত নাথে আদৰণি ভাষণৰে আৰম্ভ কৰা সভাখনত নগাঁও জিলাৰ অন্যান্য পিছপৰা উন্নয়ন পৰিষদৰ অধ্যক্ষ মনোৰঞ্জন নাথকে ধৰি কেইবাজনো বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰা সভাখনত মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰি সদৌ মৰিগাঁও জিলা নাথ যোগী সাহিত্য, সংস্কৃতি সন্মিলনৰ সম্পাদক জিতুমনি নাথে নাথ যোগীৰ আৰ্থ সামাজিক দিশৰ আলোচনা কৰি কয় -" এক পবিত্ৰ সংকল্পৰে জন্মহোৱা অসমৰ নাথ যোগীৰ সংগঠন 'অসম প্ৰাদেশিক যোগী সন্মিলনীয়ে এশ বছৰ অতিক্ৰম কৰিলে ।এয়া আমাৰ বাবেই শুভ সংবাদ । নাথ জনগোষ্ঠীটোৰ আছে বহু অতীত ,ইতিহাস সম্বলিত মেট মৰা সম্ভাৰ । কিন্তু যোৱা এশ বছৰে আমি কি পাইছো সেয়া হয়তো প্ৰতিজন নাথ যোগীৰ লোকেই জানে ।আমাতকৈ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠী সমূহে কিদৰে আত্মিক , ঐক্যবদ্ধ, সংগবদ্ধতাৰে নিজৰ নিজৰ অধিকাৰ সমূহ আজোৰি আনিবলৈ সক্ষম হৈছে ,সেই বোৰ দিশ আমিও কিয় পৰা নাই সেই বিষয়টো পৰ্য্যালোচনা কৰাৰ দৰকাৰ হৈ পৰিছে । ৪০- ৪৫ লাখ জনসংখ্যা থকা জনগোষ্ঠী টোৰ আজি উন্নয়ন কত হৈছে ।আমি কেৱল ত্যাগ কৰিলেই নহব ।পথৰুঘাটৰ ৰণত ১৪০ জন শ্বহীদৰ ভিতৰত ২৮ জন আছিল নাথ সম্প্ৰদায়ৰ , সেইদৰে অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনত মৃত্যু বৰণ কৰা ৮৫৫ গৰাকী শ্বহীদৰ ১৪০ জনেই আছিল নাথ সম্প্ৰদায়ৰ । ভাৰতৰ স্বাধীনতাৰ ৭৪ বছৰত এতিয়ালৈকে অসম বিধান সভাৰ সৰ্বমুঠ ৯৩২৪ জন বিধায়কৰ ভিতৰত নাথ জনগোষ্ঠীৰ পৰা বিধায়ক নিৰ্বাচিত হৈছে মাত্ৰ ৭ জন । এই ৭ জনৰে আকৌ ৫ জন বৰাক উপত্যকাৰ । বাকী ২ জনহে ব্ৰহ্মপুত্ৰ উপত্যকাৰ । অহা বৰ্ষত দেশে স্বাধীনতাৰ হীৰক জয়ন্তীৰ সামৰণি মাৰিব । তেনে সময়টো জাতিটোৱে ৰাজনৈতিক ভাৱে পিছপৰি থকাটো সচাকৈ এক চিন্তনীয় বিষয় হৈ পৰিছে । সন্ধিয়া থান পৰিচালনা সমিতিৰ সভাপতি লম্বোদৰ নাথে প্ৰতিষ্ঠা দিৱস উপলক্ষে ১০২ গচি বন্তি প্ৰজ্বলন কৰি প্ৰতিষ্ঠা দিৱসৰ সামৰণি মাৰে।
লগত ফটো আছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in