নাথ যোগী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত স্মাৰকপত্ৰ প্ৰদান

নাথ যোগী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত স্মাৰকপত্ৰ প্ৰদান

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ নাথ যোগী জনগোষ্ঠীক জনজাতিকৰণকে ধৰি আন কেবাটাও দাবীৰ সমৰ্থনত মঙলবাৰে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাই কোকৰাঝাৰ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে। সদৌ অসম নাথ যোগী সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথৰ নেতৃত্বত যোৱা এটি প্ৰতিনিধি দলে কোকৰাঝাৰ জিলা উপায়ুক্তক সাক্ষাৎ কৰি ১২ দফীয়া দাবী সম্বলিত এক স্মাৰকপত্ৰ জিলা উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।

উক্ত স্মাৰকপত্ৰত নাথ যোগী সম্প্ৰদায়ক অতি শীঘ্ৰে জনজাতিকৰণ কৰা, নাথ যোগী জনগোষ্ঠীৰ বাবে উপগ্ৰহীয় স্বায়ত্বশাসিত পৰিষদ গঠন কৰা, নাথ যোগী জনগোষ্ঠীৰ বাবে বিধানসভাৰ আসন সংৰক্ষণ কৰা, নাথ যোগী উন্নয়ন পৰিষদ পুনৰ কাৰ্যক্ষম কৰা, ৰাজ্যৰ আটাইকেইখন বিশ্ববিদ্যালয়তে ভাৰতবৰ্ষৰ যোগসাধন মাৰ্গৰ প্ৰধান পথ প্ৰদৰ্শক মহাযোগী মৎস্যেন্দ্ৰনাথ, গুৰু গোৰক্ষ নাথ আৰু প্ৰখ্যাত সাহিত্যিক তথা প্ৰত্নতত্ববিদ ৰাজমোহনৰ নাথৰ নামত একোখনকৈ আসন সংৰক্ষণ কৰাকে ধৰি আন সাতটা দাবী স্মাৰকপত্ৰত সন্নিবিষ্ট কৰিছে।

স্মাৰকপত্ৰ প্ৰদান অনুষ্ঠানৰ অন্তত নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে নাথ যোগী জনগোষ্ঠীৰ নায্য দাবীসমুহ চৰকাৰে অতি সোনকালে পুৰণ নকৰিলে কঠোৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী অহা ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত ঘোষণা কৰা হ'ব বুলি মন্তব্য কৰিছে। যি সময়ত এবছুৰ সভাপতি প্ৰমোদ বড়োই ছয় জনগোষ্ঠীৰ সলনি নাথ যোগীকে ধৰি ৰাজ্যৰ আন ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰিছে তেনেসময়তো কিন্তু চৰকাৰে জনগোষ্ঠীটোৰ দাবীৰ প্ৰতি তিলমানো গুৰুত্ব প্ৰদান নকৰাত ক্ষোভ প্ৰকাশ কৰিছে নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in