শেহতীয়া খবৰ
ভাল খবৰঃ ভাৰতত কোৰোনাত আক্ৰান্ত ১০২ গৰাকী লোক হৈছে আৰোগ্য…  •  মুম্বাইত আৱদ্ধ কাছাৰৰ ১০ গৰাকী তীৰ্থযাত্ৰী...  •  বিক্ৰী বন্ধঃ মহানগৰীৰ ৰাজপথত ব্ৰয়লাৰ, VIDEO  •  লকডাউনত নুমলীগড়ত কৃষকৰ মাজত হাহাকাৰঃ শ শ বিঘা শস্য নষ্ট হৈছে পথাৰ...  •  নিজ নিজ বিদ্যালয়ৰ শিক্ষাৰ্থীক ঘৰৰপৰা শিক্ষাদান টীয়কৰ দুই শিক্ষকৰ...  •  ইটালীৰ পাছত মৃত্যুৰ ঘণ্টা বাজিছে স্পেইনত, ২৪ ঘণ্টাত ৬২৪জনৰ মৃত্যু, সবিশেষ তথ্য...  •  ইটালীৰ পাছত মৃত্যুৰ ঘণ্টা বাজিছে স্পেইনত, ২৪ ঘণ্টাত ৬২৪জনৰ মৃত্যু, সবিশেষ তথ্য...  •  জাৰ্মানৰ মন্ত্ৰীয়ে কৰিলে আত্মহত্যা, কোৰোনাৰ ফলত সৃষ্টি হোৱা আৰ্থিক মন্দাৱস্থাক লৈ আছিল চিন্তিত...  •  সমগ্ৰ বিশ্বত ৭ লক্ষাধিক লোকৰ দেহত কোৰোনা, মৃত্যুৰ সংখ্যা ৩৩ হাজাৰৰো অধিক, পঢ়ক সবিশেষ...  •  সমগ্ৰ বিশ্বত ৭ লক্ষাধিক লোকৰ দেহত কোৰোনা, মৃত্যুৰ সংখ্যা ৩৩ হাজাৰৰো অধিক, পঢ়ক সবিশেষ...

সূৰ্যৰ সমদূৰত্বত আন এক পৃথিৱী! প্ৰাণীৰ অৱস্থিতি থাকিব পৰা নতুন গ্ৰহৰ সন্ধান পাইছে নাছাই…VIDEO

643

ডিজিটেল ডেস্কঃ মহাকাশত এনে বহু ৰহস্য লুকাই আছে যিবোৰৰ উত্তৰ বৰ্তমানলৈ বৈজ্ঞানিকসকলে লাভ কৰা নাই। কিন্তু সেই উত্তৰ বিচাৰি বৈজ্ঞানিকসকলে প্ৰতিদিনে অবিৰতভাৱে কাম কৰি আছে। তাৰ মাজতে নাছাই দিলে এক খবৰ। নাছাৰ বৈজ্ঞানিকে এনে এটা গ্ৰহৰ সন্ধান চলাই আছিল য’ত পৃথিৱীৰ দৰেই কোনো প্ৰাণী জীয়াই থাকিব পাৰে। আৰু সেই দিশতেই এখোজ আগবাঢ়িছে নাছা।

প্ৰায় পৃথিৱী সদৃশ্য এটা গ্ৰহৰ সন্ধান লাভ কৰিছে নাছাৰ বৈজ্ঞানিকসকলে। নাছাৰ ষ্টানছিটিং এক্স’প্লেনেট ছাৰ্ভে ছেটেলাই চমুকৈ টেছে অন্য এক সৌৰজগতত সন্ধান লাভ কৰিছে এই গ্ৰহটোৰ। বৈজ্ঞানিকসকলে সদৰী কৰা অনুসি এই গ্ৰহটো কেৱল পৃথিৱীৰ দৰে দেখিবলৈয়েই নহয়, ইয়াৰ আকাৰো আমাৰ পৃথিৱীৰ সমান। আৰু এই গ্ৰহটোও এটা নক্ষত্ৰৰ চাৰিও দিশে নিজৰ কক্ষত পৰিক্ৰমা কৰি আছে।

লক্ষণীয় যে, এটা নক্ষত্ৰ পৰা যিমানখিনি দূৰত্বত থাকিলে এটা গ্ৰহত জল আৰু স্থল অংশৰ সৃষ্টি হয়, সিমানখিনি দূৰত্বতেই আছে এই গ্ৰহটো নিজৰ নক্ষত্ৰটোৰ পৰা। টিঅআই ৭০০ ডি নামেৰে নামাকৰণ কৰা এই গ্ৰহটোৰ সন্দৰ্ভত জানিবলৈ এতিয়াও বহুখিনি বাকী আছে যদিও, ই বিজ্ঞানজগতৰ বাবে এক ডাঙৰ সফলতা।

নাছাৰ এজন বৈজ্ঞানিকে এই সন্দৰ্ভত কয়- ‘আমি এটা প্ৰশ্নৰ উত্তৰ বিচাৰি আছো। এটা সৰু নক্ষত্ৰৰ চাৰিওদিশে নিজ কক্ষত ঘূৰি থকা কোনো গ্ৰহত জীৱৰ সন্ধান লাভ কৰিম নে নকৰো। আৰু এই গ্ৰহটোৰ সন্ধান সেই প্ৰশ্নৰ উত্তৰ দিশে এক বৃহৎ খোজ বুলি আমি ভাবিছো।’

এই নতুন গ্ৰহটোৰ সন্ধানৰ পাছত বৈজ্ঞানিকসকলে সময়ৰ সৈতে চলাই যাব বিভিন্ন গৱেষণা। আৰু গৱেষণাৰ পাছত এসময়ত ইয়াত কোনো জীৱৰ সন্ধান লাভ কৰিলে সঁচাকৈ ই হ’ব এক ডাঙৰ সফলতা। কিয়নো বৰ্তমানলৈ একমাত্ৰ আমাৰ পৃথিৱীতেই জীৱ জীয়াই আছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি