শেহতীয়া খবৰ
নেছ'ৰ ১১ ঘন্টীয়া উঃপূঃ বন্ধ সফল কৰিবলৈ বৰাকসহ অসমবাসীক মুকলি আহ্বান আছু আৰু অসম খিলঞ্জীয়া সুৰক্ষা কমিটীৰ  •  নামতিত ঐক্য সেনা অসমৰ উত্তাল প্রতিবাদঃ বিধায়ক প্রদীপ হাজৰিকাক কেবৰ ওপৰত স্থিতি স্পষ্ট কৰাৰ দাবী, VIDEO  •  ১৪ ডিচেম্বৰত চৰ-চাপৰি সাহিত্য পৰিষদে প্ৰদান কৰিব "ইছমাইল হোছেইন (জ্যেষ্ঠ) সোঁৱৰণী সম্প্ৰীতি সন্মান" আৰু "শ্বহীদ ওমৰ আলী সোঁৱৰণী ভাষা সন্মান"  •  ১৪ ডিচেম্বৰত চৰ-চাপৰি সাহিত্য পৰিষদে প্ৰদান কৰিব "ইছমাইল হোছেইন (জ্যেষ্ঠ) সোঁৱৰণী সম্প্ৰীতি সন্মান" আৰু "শ্বহীদ ওমৰ আলী সোঁৱৰণী ভাষা সন্মান"  •  কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৮ প্ৰতিবাদকাৰীক এৰি দিলে আৰক্ষীয়ে...  •  ৯ আৰু ১০ ডিচেম্বৰত কোনে কোনে দিছে অসম বন্ধ...  •  ৰাইজে কৈছেঃ কেব নালাগে, নালাগে, নালাগে, নালাগে...  •  কেবৰ বিৰুদ্ধে প্ৰতিবাদঃ চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাই জ্বলালে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ পুত্তলিকা... VIDEO  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমত প্ৰতিবাদঃ কি মত এন ডি টি ভিৰ জ্যেষ্ঠ সাংবাদিক ৰবিশ কুমাৰৰ...  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমত প্ৰতিবাদঃ কি মত এন ডি টি ভিৰ জ্যেষ্ঠ সাংবাদিক ৰবিশ কুমাৰৰ...

চন্দ্ৰৰ বুকুত সন্ধান পোৱা গ’ল চন্দ্ৰযান-২ৰ লেণ্ডাৰ বিক্ৰমৰ ধ্বংসাৱশেষৰ

1,133

ডিজিটেল ডেস্কঃ অৱশেষত চন্দ্ৰৰ বুকুত সন্ধান পোৱা গ’ল লেণ্ডাৰ বিক্ৰমৰ ধ্বংসাৱশেষ। মাৰ্কিন মহাকাশ গৱেষণা সংস্থাই এক টুইটযোগে চন্দ্ৰযান-২ৰ লেণ্ডাৰ বিক্ৰমৰ ধ্বংসাৱশেষৰ সন্ধান পোৱাৰ বিষয়ে জানিবলৈ দিয়ে। নাছাৰ উপগ্ৰহৰ এল আৰ অ’ কেমেৰাত ধৰা পৰে এই ধ্বংসাৱশেষৰ ছবি।

যোৱা ২৬ ছেপ্তেম্বৰত চন্দ্ৰপৃষ্ঠৰ যি ঠাইত বিক্ৰম ধ্বংসাৱশেষত পৰিণত হৈছিল, সেই ঠাইৰ ছবি প্ৰকাশ কৰিছে নাছাই। এই ছবিসমূহ তোলা হৈছে নাছাৰ উপগ্ৰহৰ এল আৰ অ’ কেমেৰাৰে। সেই আলোকচিত্ৰৰে এটা অংশক বিক্ৰমৰ ধ্বংসাৱশেষ বুলি দাবী কৰে ভাৰতীয় কম্পিউটাৰ প্ৰগ্ৰেমাৰ আৰু পেছাত এগৰাকী মেকানিকেল ইঞ্জিনিয়াৰ সুব্ৰক্ষণ্যমে।

নাছাই প্ৰকাশ কৰা আলোকচিত্ৰত সেই ঠাইখিনিক ‘এছ’ বুলি চিহ্নিত কৰা হৈছে। নাছাৰ প্ৰকাশিত ছবিত নীলা আৰু সেউজীয়া ৰঙৰ জৰিয়তে লেণ্ডাৰ বিক্ৰমৰ ধ্বংসাৱশেষ হিচাপে চিহ্নিত কৰা হৈছে। সূত্ৰৰ খবৰ অনুসৰি, নীলা ৰঙৰ দ্বাৰা আলোকচিত্ৰত বিক্ৰমৰ ধ্বংসাৱশেষ আৰু সেউজীয়া ৰঙৰ দ্বাৰা লেণ্ডাৰ বিক্ৰম ভাঙি পৰা চন্দ্ৰ পৃষ্ঠৰ মাটি বুলি দাবী কৰা হৈছে।

উল্লেখ্য যে, যোৱা ৭ ছেপ্তেম্বৰত চন্দ্ৰ পৃষ্ঠত সফল অৱতৰণৰ মাত্ৰ কিছু সময় পূৰ্বে চন্দ্ৰযান-২ৰ অৰবিটাৰৰ সৈতে সংযোগ বিচ্চিন্ন হৈ পৰে লেণ্ডাৰ বিক্ৰমৰ। চন্দ্ৰপৃষ্ঠৰ পৰা মাত্ৰ ২.১ কিলোমিটাৰ ওপৰত লেণ্ডাৰ বিক্ৰমৰ সৈতে সংযোগ বিচ্চিন্ন হৈ পৰিছিল। তাৰ পিছত লেণ্ডাৰ বিক্ৰমৰ সৈতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই সংযোগ স্থাপনৰ বাবে চেষ্টা চলায় যদিও বিফল হয়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি