হলিউডৰ জনপ্ৰিয় অভিনেতা ব্ৰেড পিটে চন্দ্ৰযান-২ৰ ‘বিক্ৰম’ লেণ্ডাৰৰ কথা সুধিলে নাছাৰ মহাকাশচাৰীক…
ডিজিটেল ডেস্কঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ চন্দ্ৰযান-২ৰ লেণ্ডাৰ ‘বিক্ৰম’ সন্দৰ্ভত সুধিলে হলিউডৰ জনপ্ৰিয় অভিনেতা ব্ৰেড পিটে। নাছাৰ অফিচিয়েল টুইটাৰ একাউণ্টত মহাকাশচাৰী নিক হেগ আৰু হলিউডৰ এই জনপ্ৰিয় অভিনেতাগৰাকীৰ টেলিফোনিক বাৰ্তালাপ লাইভ দেখুওৱা হয়। ব্ৰেড পিট আৰু নিক হিগৰ প্ৰায় ২০ মিনিটৰ এই টেলিফোনিক বাৰ্তালাপৰ সময়ত বহু বিষয়ত আলোচনা কৰে দুয়ো। সেই সময়তে ব্ৰেড আৰু নিকে ইছৰ’ৰ চন্দ্ৰযান-২ৰ ‘বিক্ৰম’ লেণ্ডাৰৰ সন্দৰ্ভত প্ৰশ্ন কৰে।
উল্লেখযোগ্য যে, অভিনেতাগৰাকীৰ নতুন ছবি ‘এড এষ্ট্ৰা’ (Ad Astra)ৰ প্ৰচাৰৰ বাবে ইণ্টাৰনেশ্যনেল স্পেচ চেন্টাৰত উপস্থিত হয় তেওঁ। এই ছবিখনত ব্ৰেড পিটে এজন মহাকাশচাৰী ৰূপে অভিনয় কৰিছে। আৰু তেওঁক মহাকাশত এক ভয়ানক মিছনলৈ পঠিওৱা হয়। NASA TVতো ২০ মিনিটৰত এই দীঘলীয়া কথা-বতৰা সম্প্ৰচাৰ কৰা হয়।
জনপ্ৰিয় অভিনেতাগৰাকীয়ে নাছাৰ মহাকাশচাৰীগৰাকীক চন্দ্ৰযান-২ৰ বিক্ৰম লেণ্ডাৰৰ লগতে এজন মহাকাশচাৰীৰ জীৱনৰ সন্দৰ্ভত সকলো কথা সোধে। উল্লেখ্য যে, ৭ ছেপ্টেম্বৰত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰোৱা সময়ত চন্দ্ৰযান-২ৰ লেণ্ডাৰৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছিল নিয়ন্ত্ৰণ কক্ষৰ। চন্দ্ৰপৃষ্ঠৰ পৰা মাত্ৰ ২.১ কিলোমিটাৰ উচ্চতাত সংযোগ বিচ্ছিন্ন হৈছিল বিক্ৰম লেণ্ডাৰৰ সৈতে। আৰু তাৰ সৈতেও এতিয়াও পুনৰ সংযোগ স্থাপনৰ বাবে চেষ্টা চলাই থকা হৈছে।