শেহতীয়া খবৰ
অৰবিন্দ কেজৰিৱালঃ দিল্লীত সংঘটিত হিংসাত্মক ঘটনাত যদি আপৰ নেতা-কৰ্মী জড়িত তেন্তে...  •  সৰুপথাৰত অস্ত্ৰ শস্ত্ৰসহ দুজনক গ্ৰেপ্তাৰ...  •  দিল্লীৰ হিংসা ঘটনাত কোনো আপ নেতা দোষী সাব্যস্ত হ’লে দুগুণ শাস্তি বিহা হ’বঃ মুখ্যমন্ত্ৰী কেজৰিৱাল  •  অব্যাহত আছে উত্তেজনা, উত্তৰ পূব দিল্লীত নিৰাপত্তাৰক্ষীৰ ফ্লেগ মাৰ্চ...  •  মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ছাত্রাবাসত আক্ৰমণৰ ঘটনাঃ নাৰায়ণপুৰ আৰক্ষী থানাৰ সমুখত উত্তাল প্ৰতিবাদ শিক্ষাৰ্থীৰ...VIDEO  •  কাছাৰত নাইম এমএম পিষ্টল-সজীৱ গুলী আৰু নগদ ধনসহ গ্ৰেপ্তাৰ ২ জেডইউএফ উগ্ৰপন্থী  •  দিল্লীৰ হিংসাঃ দোকানলৈ গাখীৰ আনিবলৈ গৈছিল ছালমনীয়ে, দুৰ্বৃত্তই জ্বলাই দিয়া ঘৰৰ ভিতৰত সহায় বিচাৰি মাতৃয়ে হেৰুৱালে প্ৰাণ  •  ভুল ঢাকিবলৈ আৰু কি ভুল কৰিলে টেৰছ গোৱালাই...  •  ১৬ বছৰীয়া ছফালীয়ে আন্তঃৰাষ্ট্ৰীয় টি২০ ক্ৰিকেটত কি অভিলেখ ৰছিলে...  •  আলফাৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য, অধিবক্তা, অধ্যাপক ভদ্ৰেশ্বৰ বুঢ়াগোঁহাই আৰু নাই...

৫০০ ডিগ্ৰী চেলছিয়াচ তাপমাত্ৰাত সূৰ্যৰ আটাইতকৈ ওচৰৰ পৰা ফটো প্ৰেৰণৰ উদ্দেশ্যেৰে নাছাৰ নতুন অভিযান…

830

ডিজিটেল ডেস্কঃ আমাৰ সৌৰজগতত এনে বহু ৰহস্য লুকাই আছে যিবোৰৰ উত্তৰ বৈজ্ঞানিক সকলে বিচাৰি বিভিন্ন ধৰণৰ গৱেষণা অব্যাহত ৰাখিছে। একেলগে নাছা আৰু ইউৰোপিয়ান স্পেচ এজেন্সী চমুকৈ ইএছএ-য়ে দেওবাৰে নিশা ‘ছোলাৰ অৰ্বিটাৰ’ নামৰ এখন মহাকাশযান আমেৰিকাৰ কেপ কেনেৱেৰলৰ পৰা উৎক্ষেপন কৰে।

ভাৰতীয় মূল্য অনুসৰি প্ৰায় ১০,৭০৪ হাজাৰ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা এই মহাকাশযানখনে বৰ্তমানলৈ সূৰ্যৰ পৰা  আটাইতকৈ ওচৰৰ পৰা ফটো তুলি পৃথিৱীলৈ প্ৰেৰণ কৰিব। ‘ছোলাৰ অৰ্বিটাৰ’ নামৰ মহাকাশযানখনে পঠিয়াব লগা এই ফটো সূৰ্যৰ পৰা প্ৰায় ৪.২ কিলোমিটাৰ দূৰৈৰ পৰা তোলা হ’ব।

এই দূৰত্ব হয়তো বহু যেন লাগিলেও সূৰ্যৰ পৰা ৪.২ কিলোমিটাৰ দূৰত্বত তাপমাত্ৰা প্ৰায় ৫০০ ডিগ্ৰী চেলছিয়াচ। আৰু এই উচ্চ তাপমাত্ৰা সহ্য কৰিবৰ বাবে ‘ছোলাৰ অৰ্বিটাৰ’ৰ নামৰ এই মহাকাশযানখনক বিশেষ প্ৰযুক্তি প্ৰণালীৰে নিৰ্মাণ কৰা হৈছে।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, এই মহাকাশযানখনক উচ্চ তাপমাত্ৰাৰ পৰা সুৰক্ষিত ৰাখিবলৈ এক কৱচ লগোৱা হৈছে। যি কৱচ প্ৰকৃততে হাঁড় জ্বলোৱাৰ পাছত ৰৈ যোৱা অংশৰ এক প্ৰলেপেৰে নিৰ্মাণ কৰা হৈছে। ১৮০০ কিলোগ্ৰাম ওজনৰ এই মহাকাশযানখনে বৈজ্ঞানিকসকলক সূৰ্যৰ সন্দৰ্ভত আৰু বহু নজনা ৰহস্যৰ উত্তৰ বিচাৰি দিব বুলি আশাবাদী বৈজ্ঞানিকসকল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি