নাৰিকলবস্তিৰ ২ নং বাইলেনত অঘটন, সুৰাসক্ত যুৱক-যুৱতীয়ে চলালে তাণ্ডৱ, VIDEO

নাৰিকলবস্তিৰ ২ নং বাইলেনত অঘটন, সুৰাসক্ত যুৱক-যুৱতীয়ে চলালে তাণ্ডৱ, VIDEO

ডিজিটেল সংবাদ, গুৱাহাটীঃ লকডাউনৰ সুযোগ লৈ মহানগৰীত একাংশ সুৰাসক্ত যুৱক-যুৱতীয়ে সংঘটিত কৰা দুস্কাৰ্য পুনৰ পোহৰলৈ আহিছে। মুখ্যমন্ত্ৰীৰ কনভয়ত দুখনকৈ বাহন সোমোৱাৰ ঘটনাৰ চাঞ্চল্য মাৰ নাযাওঁতেই শুকুৰবাৰে নিশা প্ৰায় ৭.৩০ বজাত নাৰিকলবস্তিৰ ২ নম্বৰ উপপথত সংঘটিত হয় আন এক ঘটনা। ২ নম্বৰ উপপথৰ এক সংযোগী পথৰ বিদ্যুতৰ খুটাত খুন্দা মাৰি ২ নিচাসক্ত যুৱক-যুৱতীয়ে দ্ৰুতবেগেৰে পলাবলৈ লোৱাত স্থানীয় লোকে বাধা দিয়ে ২ যুৱক-যুৱতীক।

ইয়াকে লৈ স্থানীয় এজন যুৱকৰ সৈতে এএছ-০১-এই-৮৮৭৬ নম্বৰৰ গাড়ীখনৰ চালকজনে তৰ্কাতৰ্কিত লিপ্ত হোৱাৰ লগতে যুৱকজনকো প্ৰহাৰ কৰে। এই কথাত উত্তেজিত হৈ লোকসকলে বাহনখনৰ ২ যুৱক-যুৱতীক আটক কৰি আৰক্ষীক খবৰ দিয়ে। এই ঘটনাৰ সন্দৰ্ভত গুৱাহাটী মহানগৰৰ আৰক্ষী আয়ুক্তকো অৱগত কৰা হয়।

তাৰ পাছতে এই যুৱক আৰু যুৱতীহালক গীতানগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা এটা দলে কৰায়ত্ব কৰি আনে। মন কৰিবলগা যে, গাড়ীখনৰ ভিতৰত সুৰাৰ বটলৰ লগতে অন্তবাস পৰ্যন্তও উদ্ধাৰ হয়। স্থানীয় লোকে এই ২ যুৱক-যুৱতী অনৈকতিক কামত লিপ্ত হোৱাৰ অভিযোগ তুলিছে। ৰাইজৰ প্ৰশ্ন সান্ধ্য আইন চলি থকাৰ সময়ত কেনেদৰে এই যুৱক-যুৱতী সুৰামত্ত হৈ ঘূৰি ফুৰিছে।

লগতে এই ঘটনাৰ ফলত ইয়াতকৈ অধিক ক্ষয় ক্ষতি হোৱাৰ পৰা ওচৰ চুবুৰীয়া লোকসকল ৰক্ষা হয় বুলি মন্তব্য কৰিছে। গীতানগৰ আৰক্ষীয়ে যুৱক-যুৱতীহালক কৰায়ত্ব কৰি থানালৈ লৈ যায়।নাৰিকলবস্তিৰ সচেতন লোকসকলে সহযোগিতাৰে যুৱকজনক থানালৈ প্ৰেৰণ কৰে যদিও অন্য ঠাইত হোৱা হ'লে এই ঘটনাই আন ৰূপ লোৱাৰো সম্ভাৱনা আছিল। এজন স্থানীয় লোকে কয়, তেওঁলোকে যি দ্ৰুত গতিত গাড়ী চলাই চকা ফাটি যোৱাকৈ এই উদ্ভণ্ডালি কৰিছে এইয়া অতি চিন্তনীয়। এই অঞ্চলৰ ৰাইজ বুলিহে তেওঁলোকক অতি ভদ্ৰভাৱে আমি আৰক্ষীক মাতি আনি গতাই দিছো।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in