সন্মিলিত নাৰী শক্তি অসমৰ কেন্দ্ৰীয় সমিতিৰ প্ৰথম বাৰ্ষিক বিশেষ অধিৱেশন সামৰণি…

সন্মিলিত নাৰী শক্তি অসমৰ কেন্দ্ৰীয় সমিতিৰ প্ৰথম বাৰ্ষিক বিশেষ অধিৱেশন সামৰণি…

ডিজিটেল সংবাদ,ধেমাজি : সন্মিলিত গণশক্তি অসম দলৰ ভগ্নী সংগঠন সন্মিলিত নাৰী শক্তি অসম কেন্দ্ৰীয় সমিতিৰ প্ৰথম বাৰ্ষিক বিশেষ অধিৱেশন খনি বৃহস্পতিবাৰে এদিনীয়াকৈ বিস্তৃত কাৰ্য্যসূচীৰে ধেমাজি নগৰৰ ৰাজহুৱা পেক্ষা গৃহত অনুষ্ঠিত হয় ৷ কাৰ্য্যসূচী অনুসৰি পুৱা ৮ বজাত প্ৰতিনিধি পঞ্জীয়নৰ পিছতেই পুৱা ৯ বজাত সন্মিলিত নাৰীশক্তি অসম কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী ভৱানী দুৱৰাই পতাকা উত্তোলনেৰে কাৰ্য্যসূচী শুভাৰম্ভ কৰে ৷

পুৱা ৯.৩০ বজাত স্মৃতি তৰ্পন কাৰ্য্যসূচী সমাপন কৰে সন্মিলিত নাৰীশক্তি অসম কেন্দ্ৰীয় সমিতিৰ সাধাৰন সম্পাদিকা ছায়াদেৱী বৰাই ৷ পুৱা ১০.২০ বজাত প্ৰতিনিধি সভা উদ্ধোধন কৰে অন্যতম সন্মিলিত নাৰী শক্তি অসম কেন্দ্ৰীয় সমিতিৰ সাধাৰন সম্পাদিকা প্ৰিয়াংকা বুঢ়াগোহাঁইয়ে ৷ প্ৰতিনিধি সভাত সম্পাদকীয় প্ৰতিবেদন পাঠ ও পৰ্যালোচনা কৰে সন্মিলিত নাৰী শক্তি অসম কেন্দ্ৰীয় সমিতিৰ সাধাৰন সম্পাদিকা ছায়া দেৱী বৰাই ৷ প্ৰতিনিধি সভাত সন্মিলিত নাৰী শক্তি অসম কেন্দ্ৰীয় সমিতিৰ অধীনস্হ ব্লক সমিতি সমূহৰ সাংগাঠনিক প্ৰতিবেদন পাঠ ও পৰ্যালোচনা কৰা হয ৷

প্ৰতিনিধি সভাতেই সন্মিলিত নাৰী শক্তি অসম কেন্দ্ৰীয় সমিতিৰ ২০২১-২২ বৰ্ষৰ কৰ্মসূচী প্ৰস্তুুত আৰু নিৰ্ধাৰন কৰে ৷ প্ৰতিনিধি সভাৰ শেষত বিয়লিলৈ সন্মিলিত নাৰী শক্তি অসম কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী ভৱানী দুৱৰাৰ পৰিচালনাত অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সন্মিলিত গণ শক্তি অসম কেন্দ্ৰীয় সমিতিৰ সভাপতি তথা মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, সন্মিলিত গণ বশক্তি দলৰ উপ- সভাপতি ক্ৰমে ধেমাজি সমষ্টিৰ বিধায়ক ডাঃ ৰনোজ পেগু , জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগু আৰু ৰঞ্জিত দলেয়ে ৷

সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে সন্মিলিত গণ শক্তি অসম কেন্দ্ৰীয় সমিতিৰ সাধাৰন সম্পাদক পুৰুষোত্তম দলেয়ে ৷ দিনযোৰা কৈ অনুষ্ঠিত হোৱা প্ৰথম বাৰ্ষিক বিশেষ অধিৱেশনত উদ্যোগতা সকলে জনোৱা মতে অসমৰ বিভিন্ন অঞ্চলৰ প্ৰায় ১২ শ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in