প্ৰধানমন্ত্ৰী মোডীয়ে মিছা কথা কৈ নিৰ্বাচনত জয়ী হৈছিলঃ ৰাহুল গান্ধী…

প্ৰধানমন্ত্ৰী মোডীয়ে মিছা কথা কৈ নিৰ্বাচনত জয়ী হৈছিলঃ ৰাহুল গান্ধী…

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনত কেৰালাৰ ৱাইনাডত জয়ী হোৱাৰ পাছত কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধী উপস্থিত হয় সংসদীয় সমষ্টিটোত। সমষ্টিটোত উপস্থিত হৈ ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোডীক তীব্ৰ সমালোচনা কৰে। তিনিদিনীয়া কাৰ্যসূচীৰে কেৰালাত উপস্থিত হৈ ৰাহুল গান্ধীয়ে কয় যে, প্ৰধানমন্ত্ৰী মোডীয়ে মিছা কথা কৈ লোকসভা নিৰ্বাচনত জয়ী হৈছিল।

ৰাহুল গান্ধীয়ে আৰু কয়- 'মোডীয়ে মিছা কথা কৈ আৰু হিংসা বিয়পাই নিৰ্বাচনত জয়ী হয়। কিন্তু আমি তেওঁলোকক ইয়াৰ উত্তৰ সত্য, প্ৰেম আৰু চেনেহেৰ দিম।' কংগ্ৰেছ অধ্যক্ষ গৰাকীয়ে ৰেলীৰ আৰম্ভণিতে বহু কেইগৰাকী লোকৰ সৈতে মত-বিনিময় কৰে। তেওঁ সমষ্টিবাসীক কয় যে- 'ৱাইনাডৰ সকলো লোকৰ বাবে মোৰ দুৱাৰ খোলা আছে আৰু আপোনালোকৰ সমস্যাবোৰ সমাধান কৰা মোৰ দায়িত্ব।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in