শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

দিপাৱলীত সৈনিক সকলৰ বাবে ঘৰতে বন্তি প্ৰজ্জ্বলনৰ দেশবাসীক আহ্বান নৰেন্দ্ৰ মোডীৰ…

191

ডিজিটেল ডেস্ক : প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিপাৱলীত ভাৰতীয় সৈনিক সকলৰ বাবে ঘৰতে বন্তি প্ৰজ্জ্বলন কৰিবলৈ দেশবাসীক আহ্বান জনায়। দেওবাৰে বিজয়া দশমীৰ দিনটোত মান কি বাত কাৰ্য্যসূচীত এই কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে। দেশবাসীয়ে মৰ্যদা আৰু সংযমেৰে উৎসৱ পালন কৰিছে এনেকৈয়ে বিজয় নিশ্চিত বুলি ব্যক্ত কৰে মোডীয়ে। প্ৰধানমন্ত্ৰী গৰাকীয়ে দশেৰা উৎসৱক সংকটৰ সময়ত ধৰ্য্যৰ বিজয় বুলি মন্তব্য কৰে ।

মোদীয়ে কয় যে আমি মহামাৰীৰ বিৰুদ্ধে যিদৰে যুঁজ কৰি আছো আমাৰ বিজয় নিশ্চিত । কিন্তু কৰোনা সংকটৰ সময়ত আমি ধৈৰ্য্য বজাই ৰাখিব লাগিব।পূৰ্বতে দুৰ্গা পূজাত ডাঙৰ ডাঙৰ পেণ্ডেল নিৰ্মান কৰা হয় । আনকি দশেৰাত ৰামলীলা উদযাপনতো বিভিন্ন বাধা প্ৰতিবন্ধকতা আছে ।নৱৰাত্ৰিত মন্দিৰবোৰত বিশাল ভিৰ হৈছিল, কিন্তু এইবাৰ সকলোৱে সংযম হৈছে । ঈদ, বাৰ্মিকি জয়ন্তী, শাৰদ পুৰ্নিমা, দিপাৱলী, ধনতেৰা, গুৰু নানক জয়ন্তীকে ধৰি আৰু অধিক উৎসৱত সংযমী হৈ লমৰ্যদা কক্ষা কৰাৰ আহ্বান জনাই মোডীয়ে ।

উৎসৱৰ সময়ত বজাৰত ভোকেল ফ’ৰ লোকেল ত গুৰুত্ব দিয়া আহ্বান জনোৱাৰ লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে স্থানীয় উৎপাদনক গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰে । উৎসৱৰ সময়ত লকডাউনৰ কথা মনত ৰাখিব লাগে বুলি উল্লেখ কৰি মোডীয়ে কয় যি অবিহনে আমাৰ জীৱনৰ কঠিন কামবোৰ হৈছিল তেওঁলোকক মনত ৰখা উচিত । আৰক্ষী, চাফাই কৰ্মী,দুগ্ধ বিক্ৰেতা, সাংবাদিক,ঘৰুৱা সহায়ক সকলোকো উৎসৱৰ আনন্দত অন্তৰ্ভূক্ত কৰক ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি