‘অসমীয়া প্ৰতিদিন’ৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

‘অসমীয়া প্ৰতিদিন’ৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

২০১৪ চনত প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল নৰেন্দ্ৰ মোডীয়ে। উত্তৰ-পূৱৰ ৮খন ৰাজ্যক তেওঁ অষ্টলক্ষ্মী আখ্যা দিছিল। সমগ্ৰ উত্তৰ-পূৱক বিকাশ ইঞ্জিন হিচাপে অভিহিত কৰিছিল প্ৰধানমন্ত্ৰী মোডীয়ে। উত্তৰ-পূৱৰ লগতে এই অঞ্চলৰ ৰাইজক বুজিবলৈ প্ৰতিজন মন্ত্ৰীকে পষেকত এবাৰ উত্তৰ-পূব ভ্ৰমণৰ নিৰ্দেশ দিছিল। খোদ নৰেন্দ্ৰ মোডীয়েও বিগত ৫ বছৰীয়া কাৰ্যকালত ৩০ বাৰকৈ উত্তৰ-পূৱ ভ্ৰমণ কৰিছিল। 'অসমীয়া প্ৰতিদিন'ৰ তৰফৰ পৰা লোকসভা নিৰ্বাচনৰ সময়ত বিভিন্ন বিষয়ক লৈ প্ৰধানমন্ত্ৰীৰ সৈতে যোগাযোগ কৰা হৈছিল। বিদেশী সমস্যা, নাগৰিকত্ব সংশোধনী বিধেয়ক, এন আৰ চি আদি বিষয়ৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ মতামত বিচাৰিছিল 'অসমীয়া প্ৰতিদিন'ৰ হৈ স্মিতাক্ষী বি গোস্বামী আৰু পাৰ্থ দেৱ গোস্বামীয়ে। সেই সাক্ষাৎকাৰৰ কিয়দাংশ-

অসমীয়া প্ৰতিদিনঃ স্বাধীনতা সেনানী সুভাষ চন্দ্ৰ বসুৱে উত্তৰ-পূৰ্বাঞ্চলক দেশৰ স্বাধীনতাৰ দুৱাৰমুখ হিচাপে চিহ্নিত কৰিছিল। উত্তৰ-পূবেৰে তেওঁ দিল্লী অভিমুখে আগবাঢ়িব বিচাৰিছিল। কিন্তু ইয়াৰ পিচতো দেশৰ স্বাধীনতাৰ পৰৱৰ্তী পৰ্যায়ত উত্তৰ-পূৰ্বাঞ্চলক আটাইতকৈ পিচপৰা অঞ্চল হিচাপে চিহ্নিত কৰা হয়। এই অঞ্চলটো যেন দেশৰ মূল ভূখণ্ডৰ পৰা বহু দূৰত অৱস্থিত। এনেধৰণৰ বৈষম্যৰ কাৰণ কি?

প্ৰধানমন্ত্ৰী মোডীঃ দেশৰ স্বাধীনতাৰ পিচত সৰহভাগ সময়ে কংগ্ৰেছ ক্ষমতাত আছিল। কংগ্ৰেছে উত্তৰ-পূবৰ বিকাশৰ বাবে কেতিয়াও বিশেষ গুৰুত্ব প্ৰদান কৰা নাছিল। তেওঁলোকে 'লুক ইষ্ট' অৰ্থাৎ পূবলৈ চোৱা নীতি গ্ৰহণ কৰিছিল। কিন্তু আমি ক্ষমতালৈ অহাৰ পিচত দেখিলো যে এতিয়া উত্তৰ-পূৰ্বাঞ্চললৈ চোৱাৰ সময় নাই, কাম কৰাৰ সময়। সেয়েহে আমি আগবাঢ়ি গৈ 'এক্ট ইট' নীতি গ্ৰহণ কৰিছো।উত্তৰ-পূবত এনে সহস্ৰাধিক গাঁও আছে, যিবোৰত দেশৰ স্বাধীনতাৰ ৭০ বছৰ পিচতো বিজুলী সংযোগ নাই। যাতায়ত অথবা যোগাযোগৰ কোনো সুবিধা নাই। আমি এই অঞ্চলবোৰৰ বিকাশৰ বাবে কাম কৰিছো। বগীবিল আৰু ধলা-শদিয়া দলঙৰ নিৰ্মাণ আমি সম্পূৰ্ণ কৰিলো। উত্তৰ-পূবৰ বিকাশৰ বাবে প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে পৃথক মন্ত্ৰ্যালয় গঠন কৰিছিল। কিন্তু এই মন্ত্ৰ্যালয়ৰ অধীনৰ উত্তৰ-পূব পৰিষদৰ এখনো বৈঠক ইউ পি এ চৰকাৰে অনুষ্ঠিত নকৰিলে। মই প্ৰধানমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিচতে শ্বিলঙলৈ গৈ উত্তৰ-পূব পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰিছিলো।

অসমীয়া প্ৰতিদিনঃ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ অধিকাংশতে এতিয়া বিজেপি ক্ষমতাত আছে। দেশৰ স্বাধীনতাৰ প্ৰায় ৭০ বছৰ পিচত অঞ্চলটোৰ বাবে এয়া এক গুৰুত্বপূৰ্ণ পৰিবৰ্তন। ইয়াৰ কাৰণ আপুনি কি বুলি ভাবে?

প্ৰধানমন্ত্ৰী মোডীঃ পূৰ্বৰ তুলনাত উত্তৰ-পূৰ্বাঞ্চলে এতিয়া কেন্দ্ৰৰ পৰা যথেষ্ট গুৰুত্ব লাভ কৰিছে। পূৰ্বে কাহানিও এনেধৰণৰ গুৰুত্ব পোৱাৰ উদাহৰণ নাই। আগৰ চৰকাৰসমূহে দিল্লীক অঞ্চলটোৰ পৰা আঁতৰাই ৰাখিছিল। কিন্তু এতিয়া সেই পৰিস্থিতিৰ পৰিবৰ্তন ঘটিছে। উত্তৰ-পূবত বিজেপিয়ে লাভ কৰা সফলতাৰ কেইবাটাও কাৰণ আছে। প্ৰথমতে আমি সংকল্প লৈ কাম কৰিছো যে দেশৰ বিকাশৰ দৌৰত উত্তৰ-পূব কেতিয়াও পিচ পৰি যাব নালাগে। দ্বিতীয়তে আজিৰ প্ৰজন্মৰ যুৱক-যুৱতীসকল সফলতাৰ শিখৰত উপনীত হোৱাটো আমি বিচাৰো। উত্তৰ-পূবৰ যুৱক-যুৱতীসকলেও সফলতাৰ বাটত আগুৱাই যাব বিচাৰে। তেওঁলোকক আমি এই সুবিধা প্ৰদানৰ বাবে সকলো চেষ্টা কৰিছো। ইয়াৰ বাবে অঞ্চলটোত শান্তি আৰু নিৰাপত্তাৰ পৰিৱেশ প্ৰতিষ্ঠা কৰিছো। তৃতীয়তে কংগ্ৰেছে অঞ্চলটোৰ ৰাইজক কৰা প্ৰতাৰণা উত্তৰ-পূববাসীয়ে পাহৰি যোৱা নাই। কেন্দ্ৰত বিজেপি চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ পিচত প্ৰথমবাৰৰ বাবে উত্তৰ-পূববাসীয়ে উপযুক্ত সন্মান পাইছে। এই সন্মান তেওঁলোকৰ দীৰ্ঘদিনীয়া প্ৰাপ্য আছিল। তদুপৰি কংগ্ৰেছে কেৱল নিৰ্বাচনৰ সময়তহে উত্তৰ-পূবক স্মৰণ কৰিছিল। উত্তৰ-পূববাসীয়ে কংগ্ৰেছৰ প্ৰতাৰণাৰ প্ৰত্যুত্তৰ দিবলৈ বাট চাই আছিল। আমি অঞ্চলটোত এক শংকামুক্ত পৰিৱেশৰ সৃষ্টি কৰিছো। সন্ত্ৰাসবাদৰ সমস্যাক উৎখাত কৰিছো। সেইবাবে অঞ্চলটো উন্নয়নৰ পথত আগুৱাই যাবলৈ সক্ষম হৈছে আৰু সেয়েহে অঞ্চলটোৰ ৰাইজে বিজেপিৰ প্ৰতি আস্থা প্ৰদৰ্শন কৰিছে।

অসমীয়া প্ৰতিদিনঃ বিজেপিয়ে উত্তৰ-পূবৰ ৰাজ্যসমূহত চৰকাৰ গঠনৰ সময়ত ধনবল প্ৰয়োগ কৰাৰ অভিযোগ আছে। বিশেষকৈ অৰুণাচল প্ৰদেশ, মেঘালয়, মণিপুৰত এনেধৰণৰ ঘটনা হোৱা বুলি ইতিমধ্যে অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কি?

প্ৰধানমন্ত্ৰী মোডীঃ আপোনালোকে হয়তো পাহৰি গৈছে যে ধনবল আৰু বাহুবলৰ জৰিয়তে কংগ্ৰেছেহে ক্ষমতা দখল কৰিছিল। তেওঁলোকে উত্তৰ-পূবৰ ৰাইজৰ বিকাশৰ পৰিবৰ্তে অঞ্চলটোৰ সম্পদতহে গুৰুত্ব দিছিল। সাম্প্ৰদায়িকতা, পৰিয়ালতন্ত্ৰ, ভ্ৰষ্টাচাৰ আদিৰ ওপৰত ভিত্তি কৰি কংগ্ৰেছে যি ৰাজনীতি কৰিছিল, উত্তৰ-পূৰ্বাঞ্চলবাসী ইয়াৰ প্ৰতি ইতিমধ্যে অতিষ্ঠ হৈ পৰিছে। কংগ্ৰেছৰ বহু জ্যেষ্ঠ নেতাক দলৰ ভিতৰতে উপযুক্ত সন্মান দিয়া নহয়। ইয়াৰ বিপৰীতে বিজেপি কাৰ্যকৰ্তাসকলৰ দ্বাৰা গঠিত দল। সমগ্ৰ দলটোৱেই এটা পৰিয়ালৰ দৰে কাম কৰে। দলৰ সাংগঠনিক ভেটিয়েই দলটোৰ শক্তি। আজি কাশ্মীৰৰ পৰা আৰম্ভ কৰি কন্যাকুমাৰীলৈকে, কামৰূপৰ পৰা আৰম্ভ কৰি কচ্ছলৈকে সকলোৱে বিজেপিক আদৰি লৈছে। বিজপিয়ে ৰাইজৰ উন্নয়নৰ বাবে কৰা কাম, চিন্তা চৰ্চা আদিবোৰ ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে।

অসমীয়া প্ৰতিদিনঃ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ উত্তৰ-পূবত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অঞ্চলটোৰ প্ৰায় সকলো দল-সংগঠনে ইয়াৰ বিৰোধিতা কৰিছে। বিধেয়কখনৰ বিৰুদ্ধে অঞ্চলটোত হিংসাত্মক পৰিস্থিতিৰো সৃষ্টি হৈছে। আনকি নেডাৰ অধীনৰ দলসমূহেও এই বিধেয়কৰ বিৰোধিতা কৰিছে। চৰকাৰৰ এই সিদ্ধান্তই উত্তৰ-পূবত বিৰূপ প্ৰভাৱ পেলাব নেকি?

প্ৰধানমন্ত্ৰী মোডীঃ মিছা কথাৰে ৰাইজক বিপথে পৰিচালনা কৰাটো কংগ্ৰেছৰ পুৰণি নীতি। প্ৰথমে তেওঁলোকে মিছা কাহিনী প্ৰস্তুত কৰে আৰু পিচত সেয়া ৰাইজৰ মাজত প্ৰচাৰ কৰে। চুবুৰীয়া ৰাজ্যসমূহৰ সংখ্যালঘু লোকসকলক সুৰক্ষা প্ৰদানৰ বাবে এই বিধেয়কখন অনা হৈছে। কাৰণ এই লোকসকলৰ বাবে ভাৰতেই প্ৰকৃত গৃহভূমি। গতিকে যিসকল লোক স্থানচ্যুত হৈছে অথবা যিসকলৰ কোনো আশ্ৰয় নাই তেনে লোকক মানৱীয়তাৰ খাতিৰত আশ্ৰয় প্ৰদান কৰাটো ভাৰতৰ নৈতিক দায়িত্ব। যিসকলে সংখ্যালঘুৰ সুৰক্ষাৰ কথা কয়, তেওঁলোকক মই প্ৰশ্ন কৰিব বিচাৰো যে ধৰ্মীয় অথবা ৰাজনৈতিক কাৰণত চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা বিতাড়িত সংখ্যালঘুসকলক আশ্ৰয় প্ৰদান কৰাটো আমাৰ নৈতিক দায়িত্ব নহয় নেকি? পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ পৰা বিতাড়িত হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চি আৰু খ্ৰীষ্টান শৰণাৰ্থীসকলক ভাৰতে নাগৰিকত্ব প্ৰদান নকৰিলে আৰু কোনে কৰিব? কিন্তু এই কাম কৰিবলৈ যাওঁতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত থকা মোৰ ভাই-ভনীসকলৰ উদ্যোগৰ প্ৰতি আমি সম্পূৰ্ণ গুৰুত্ব প্ৰদান কৰিম। অঞ্চলটোৰ সংস্কৃতি, পৰম্পৰা, মূল্যবোধক আমি সুৰক্ষিত কৰি ৰাখিম।

অসমীয়া প্ৰতিদিনঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীয়ে অসমত ব্যাপক জনসমৰ্থন লাভ কৰিছে। কিন্তু পশ্চিমবংগত ইয়াক সন্দেহৰ দৃষ্টিৰে চোৱা হৈছে। বিজেপিয়ে এই বিষয়টো ৰাইজৰ ওচৰত সঠিকভাৱে লৈ যাব পৰা নাই নকি?

প্ৰধানমন্ত্ৰী মোডীঃ এন আৰ চি অসম চুক্তিৰ আধাৰত কৰা এক সাংবিধানিক দস্তাবেজ। ইয়াৰ উন্নীতকৰণৰ কাম উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত কৰি থকা হৈছে। ৰাজীৱ গান্ধী দেশৰ প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়তে অসম চুক্তি স্বাক্ষৰ কৰা হৈছিল। কিন্তু ইয়াৰ ৰূপান্তৰৰ কাম আজিলৈকে হোৱা নাই, কিয়? কাৰণ দেশৰ বিকাশ আৰু ইয়াৰ নাগৰিকক সুৰক্ষা প্ৰদান কৰাৰ বাবে তেওঁলোক দায়বদ্ধ নাছিল। ইয়াৰ পৰিবৰ্তে অনুপ্ৰৱেশকাৰীক তেওঁলোকে ভোটবেংক হিচাপেহে ব্যৱহাৰ কৰি আহিছিল। তেওঁলোকে অনুপ্ৰৱেশ ৰোধৰ কোনো ব্যৱস্থাই নকৰিলে। সেই কাম এতিয়া আমি কৰি আছো। কাৰণ পৰিবৰ্তিত পৰিস্থিতিত ৰাষ্ট্ৰৰ সুৰক্ষাক আমি সৰ্বাধিক গুৰুত্ব দিছো। আনকি পশ্চিমবংগতো ৰাজ্যখনৰ বহুসংখ্যক লোকে এন আৰ চি বিচাৰিছে। ৰাজ্যখনত ভাৰতীয় নাগৰিকৰ বাবে থকা সম্পদসমূহক অনুপ্ৰৱেশকাৰীৰ পৰা সুৰক্ষা প্ৰদান কৰাটো বংগবাসীয়ে বিচাৰে। পশ্চিমবংগত সেইসকল লোকহে এন আৰ চিক লৈ উদ্বিগ্ন, যিসকলে অনুভৱ কৰে যে এন আৰ চি প্ৰৱৰ্তন হোৱাৰ ফলত তেওঁলোকে ভোটাধিকাৰ হেৰুৱাব লাগিব।

অসমীয়া প্ৰতিদিনঃ নিবনুৱা সমস্যাটো দেশৰ বাবে এক বৃহৎ সমস্যা হৈ পৰিছে। অসমো এইক্ষেত্ৰত পিচ পৰি থকা নাই। অঞ্চলটোত এই সমস্যা সমাধানৰ বাবে আপোনাৰ চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিছে?

প্ৰধানমন্ত্ৰী মোডীঃ যুৱক-যুৱতীসকলৰ বাবে নিয়োগৰ সুবিধা সৃষ্টি কৰিবলৈ আমাৰ চৰকাৰে যথেষ্ট কাম কৰিছে। সেয়া ক্ৰীড়াৰ ক্ষেত্ৰতেই হওক অথবা উদ্যোগ, কৃষি, কৃষিভিত্তিক উদ্যোগ আদি বিভিন্ন বিষয়ত উত্তৰ-পূবৰ যুৱক-যুৱতীসকলে যথেষ্ট আগবাঢ়ি আহিছে। অঞ্চলটোৰ আন্তঃগাঁথনি নিৰ্মাণত আমি গুৰুত্ব দিছো। যেতিয়া কোনো এটা অঞ্চলত পথ, দলং, ৰে'লপথ আদি নিৰ্মাণৰ কাম কৰা হয়, এইবোৰে বহুতকে নিয়োগৰ সুবিধা দিয়ে। যেতিয়া এইবোৰ নিৰ্মাণ সম্পূৰ্ণ হয় তেতিয়া যোগাযোগ ব্যৱস্থাটো অধিক উন্নত তথা দ্ৰুত হৈ পৰে। এনে যোগাযোগ ব্যৱস্থাই নিয়োগৰ পৰ্যাপ্ত সুবিধাৰ সৃষ্টি কৰে। আমাৰ চৰকাৰে উত্তৰ-পূবত প্ৰথমবাৰৰ বাবে ইনভেষ্টমেন্ট ছামিটৰ আয়োজন কৰিছে। ইয়ে উত্তৰ-পূবত বিনিয়োগৰ দুৱাৰ মুকলি কৰাৰ লগতে অঞ্চলটোৰ প্ৰতিভাৱান তথা পৰিশ্ৰমী যুৱক-যুৱতীসকলৰ বাবেও সংস্থাপনৰ পথ মুকলি কৰিছে।

অসমীয়া প্ৰতিদিনঃ নিৰাপত্তাৰ ক্ষেত্ৰত উত্তৰ-পূবৰ এক সুকীয়া গুৰুত্ব আছে। চীনে সীমা উলংঘা কৰি কেইবাবাৰো ভাৰতত প্ৰৱেশ কৰাৰ ঘটনা ঘটিছে। কিন্তু ইয়াৰ পিছতো সীমান্তৱৰ্তী এলেকাসমূহত নিৰাপত্তাৰ আন্তঃগাঁথনি আশা কৰা ধৰণে হোৱা নাই। সন্ত্ৰাসবাদৰ সমস্যাও অঞ্চলটোত সম্পূৰ্ণ নিৰ্মূল হোৱা নাই। এই ক্ষেত্ৰত আপোনাৰ মতামত কি?

প্ৰধানমন্ত্ৰী মোডীঃ সীমান্তৰ নিৰাপত্তাৰ ক্ষেত্ৰত আমি যথেষ্ট ভূমিকা গ্ৰহণ কৰিছো আৰু আন্তঃগাঁথনি নিৰ্মাণৰ কাম দ্ৰুতগতিত কৰি থকা হৈছে। সন্ত্ৰাসবাদৰ সমস্যাটো প্ৰায় সমগ্ৰ উত্তৰ-পূবতে নোহোৱা হৈছে। অঞ্চলটোত হিংসাত্মক ঘটনাৰ সংখ্যা পূৰ্বৰ তুলনাত যথেষ্ট হ্ৰাস পাইছে। ইয়াৰ পৰিপ্ৰেক্ষিতত কেইবাখনো ৰাজ্যৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰা হৈছে। দেশৰ পশ্চিম প্ৰান্তত থকা সীমান্তৰ নিৰাপত্তাৰ ক্ষেত্ৰত আমি যি ধৰণে গুৰুত্ব প্ৰদান কৰিছো, পূব প্ৰান্তৰ সীমান্তকো সমানে গুৰুত্ব দিয়া হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰাটো আমাৰ প্ৰাথমিক দায়িত্ব।

অসমীয়া প্ৰতিদিনঃ ছাৰ্জিকেল ষ্ট্ৰাইক লৈ বিগত সময়ছোৱাত যথেষ্ট চৰ্চা হৈছে। আনকি ম্যানমাৰতো উগ্ৰপন্থীৰ শিবিৰত এনেধৰণৰ ছাৰ্জিকেল ষ্ট্ৰাইক চলোৱাৰ বাতৰি প্ৰচাৰ হৈছিল। এই সিদ্ধান্তক কি পৰিস্থিতিত কেনেধৰণে গ্ৰহণ কৰা হৈছিল?

প্ৰধানমন্ত্ৰী মোডীঃ দেশৰ নাগৰিকৰ সুৰক্ষা প্ৰদানৰ বাবে আমাৰ চৰকাৰ দায়বদ্ধ। মই যদি এই সিদ্ধান্ত গ্ৰহণ নকৰিলোহেঁতেন, তেন্তে পৰিস্থিতি মোৰ বাবে অধিক কঠিন হৈ পৰিলেহেঁতেন। কিন্তু মই স্পষ্ট কৰি দিব বিচাৰো যে এয়া হঠাতে লোৱা সিন্ধান্ত নাছিল। বিশেষজ্ঞৰ সৈতে আলোচনা কৰাৰ পিচতহে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। আমি ইয়াৰ সকলো দিশ চালি-জাৰি চাইছিলো। ইয়াৰ সুফল আৰু কুফলসমূহো আমি বিতংভাৱে বিশ্লেষণ কৰিছিলো। ইয়াৰ পিচতহে এনে সিদ্ধান্ত লোৱা হৈছিল। যেতিয়া কোনো বিষয়ৰ সৈতে কোনোধৰণৰ ৰাজনৈতিক অথবা ব্যক্তিগত স্বাৰ্থ জড়িত নাথাকে, যেতিয়া একমাত্ৰ দেশৰ স্বাৰ্থই সকলো হৈ পৰে আৰু দেশভক্তিয়ে পথ প্ৰদৰ্শকৰ ভূমিকা লয়, তেতিয়া কোনো সিদ্ধান্তই কঠিন হ'ব নোৱাৰে। মই ভাবো ভাৰতে দেখুওৱা এই পৰাক্ৰমক লৈ প্ৰতিজন ভাৰতবাসী গৰ্বিত।

অসমীয়া প্ৰতিদিনঃ আপুনি প্ৰধানমন্ত্ৰী হোৱাৰ পিচত উত্তৰ-পূৰ্বাঞ্চলত কেনেধৰণৰ পৰিবৰ্তন হোৱা বুলি ভাবে?

প্ৰধানমন্ত্ৰী মোডীঃ মই বিশ্বাস কৰো যে দিল্লীত এচি ৰূমত বহি প্ৰস্তুত কৰা পৰিকল্পনাৰ জৰিয়তে কোনো অঞ্চলৰ উন্নয়ন সম্ভৱ নহয়। ইয়াৰ বাবে অঞ্চলটোৰ মানুহৰ আশা-আকাংক্ষা, প্ৰত্যাহ্বান, বাস্তৱ সমস্যাসমূহ উপলব্ধি কৰিব পাৰিব লাগিব। মই মানুহৰ লগত প্ৰত্যক্ষভাৱে আলোচনা কৰাত বিশ্বাসী। কিন্তু মূল পৰ্যায়ত হোৱা উন্নয়ন মই চাব বিচাৰো। সেইবাবে যিবোৰ আঁচনিৰ মই আধাৰশিলা স্থাপন কৰো সেইবোৰ নিজে মুকলি কৰিব বিচাৰো। কেন্দ্ৰত বিজেপি চৰকাৰ গঠন হোৱাৰ পিচৰে পৰা সমগ্ৰ উত্তৰ-পূবত পৰিবৰ্তনৰ বতাহ বলিছে। ৩০-৪০ বছৰ ধৰি বন্ধ হৈ থকা আঁচনিসমূহৰ কাম সম্পূৰ্ণ কৰিবলৈ লোৱা হৈছে। মানুহৰ জীৱন সহজ কৰিবলৈ চেষ্টা কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিচৰে পৰা বৰ্তমানলৈকে ৩০ বাৰ মই উত্তৰ-পূব ভ্ৰমণ কৰিছো। মই মন্ত্ৰী পৰিষদৰ সদস্যসকলৰ সৈতে পষেকত এবাৰকৈ উন্নয়নৰ কাম-কাজসমূহ পৰ্যালোচনা কৰো। তেওঁলোকৰ পৰা মই সঘনাই প্ৰতিবেদন বিচাৰিব নালাগে। কাৰণ এই প্ৰতিবেদন মই আপোনালোকৰ পৰা পোনে পোনে পাওঁ। সেইবাবে দেশৰ বিকাশে গতি লাভ কৰাই নহয়, ৰাইজৰ মাজত বিশ্বাসো বৃদ্ধি পাইছে। এতিয়া ৰাইজে জানে যে এইখন চৰকাৰে কথা শুনে আৰু ৰাইজৰ উন্নয়নৰ বাবে নিষ্ঠাসহকাৰে কাম কৰে। মই প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ সময়তে স্পষ্ট কৰি দিছিলো যে দেশৰ ১৩০ কোটি জনতাৰ উন্নয়নৰ বাবে কাম কৰিম। আজি মই সন্তুষ্ট যে দেশলৈ যথেষ্ট পৰিবৰ্তন আহিছে। বিগত পাঁচ বছৰত কোনেও ভবা নাছিল যে বছৰত পাঁচ লাখ টকা উপাৰ্জন কৰাসকলে আয়কৰ দিব নালাগিব, পাঁচবছৰ পূৰ্বে কোনেও ভবা নাছিল যে মাত্ৰ ১২ টকাত জীৱন বীমা কৰিব পৰা যাব, দেশৰ ৫০ কোটি লোকে চিকিৎসাৰ বাবে বছৰি পাঁচ লাখকৈ টকা পাব। এনে অসম্ভৱ কামসমূহ আমি সম্ভৱ কৰিছো। দেশৰ দৰিদ্ৰ লোকে আজি চৰকাৰী ধনৰ এশ শতাংশই লাভ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in